Wednesday, April 17, 2024
HomeARTICLEডেকা অসমৰ প্ৰশ্ন

ডেকা অসমৰ প্ৰশ্ন

প্ৰকাশিত তাৰিখঃ ১ আগষ্ট, ২০২২

কল্প ৰঞ্জন গগৈ –

প্ৰভূ তথাগত বুদ্ধ (খৃঃপূঃ ৫৬৩/৪৮০–৪৮৩/৪০০) পৃথিৱীৰ প্ৰথম নবী। স্বামী বিবেকানন্দৰ মতে (১৮৬৩–১৯০২) হিন্দু ধৰ্মৰ যুক্তিবাদী মীমাংসা– Logical conclusion of Hinduism– দিছিল বুদ্ধই তেওঁৰ চিন্তাবোৰ সকলো ধৰণৰ নেতিবাচক ধাৰণাৰ বিপৰীতে ইতিবাচক ধাৰা হোৱা বাবে সকলো সাধাৰণ মানুহৰ বাবে গ্ৰহণযোগ্য হৈছিল। ইয়াৰ সোৱাদ ল’বলৈ ৭ম শতিকাত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰি ১৬ বছৰ থাকি ইয়াৰ পৰা বৌদ্ধ ধৰ্মৰ জ্ঞানৰ ভাণ্ডাৰৰ পৰা মূল কথাবোৰ নিজৰ দেশ চীনলৈ লৈ গৈছিল। সেই সময়ৰ চীন সামন্তবাদী ৰজাৰ তলত আছিল য’ত সাধাৰণ মানুহৰ অৱস্থা জৰৌৰৌৱা আছিল। এই জ্ঞানে হয়তো চীনক মধ্যযুগৰ অন্ধকাৰৰ পৰা ওলাই আহিবলৈ উদগণি দিছিল। জ্ঞানত শৰণ লোৱা জনগণক নিজকে বিকশাই তোলাৰ সহায়ক হৈছিল। যিহেতু বুদ্ধ নিজেই ইতিবাচক চিন্তাৰ প্ৰতীক সেয়ে এটা সময়ত সমগ্ৰ পৃথিৱীখনেই পোহৰময় হৈ পৰিছিল। সনাতন হিন্দুধৰ্মৰ কেনাবোৰ আঁতৰাই বুদ্ধই আৰম্ভ কৰিছিল এক নতুন ধাৰা আৰু সেইবাবেই বুদ্ধ হৈ পৰিছিল বিষ্ঞুৰ নৱম অৱতাৰ।

বুদ্ধ ধৰ্মৰ প্ৰভাৱতে জন্ম হৈছিল প্ৰথম বিশ্ববিদ্যালয়– তক্ষশীলা– আজিৰ আফগানিস্থানত আৰু নালান্দা– আজিৰ বিহাৰ ৰাজ্যত। বৰ্বৰ হুনসকলে ৫ম শতিকাত তক্ষশীলা ধ্বংস কৰে। ৮ম শতিকাৰ পৰা পতন ঘটা বিকৃত বৌদ্ধধৰ্মৰ বিষয়ে গম পাই তুৰ্ক সকলে এই পচনশীল বৌদ্ধ ধৰ্মক ধ্বংস কৰিবলৈ খেদি আহে।

ত্ৰয়োদশ শতিকাত বখতিয়াৰ খিলজীয়ে ইনচা–আল্লাহ বুলি মঠ–মন্দিৰ ধ্বংস কৰে বৌদ্ধ ভীক্ষুক শিৰচ্ছেদ কৰে কাৰণ তেতিয়ালৈ মঠবোৰ হৈ পৰিছিল পতিত বজ্ৰযান তান্ত্ৰিক বৌদ্ধৰ অভিসাৰ কেন্দ্ৰ। এই ৰূপটো প্ৰৱেশ কৰিছিল তিব্বতত। বখতিয়াৰে গম পাইছিল নে নাই নাজানো– কিন্তু কামৰূপ হৈ তিব্বতত প্ৰৱেশ কৰিবলৈ আহিছিল বুলি জানো আৰু কামৰূপৰ কিৰাট বৌদ্ধ বাহিনীয়ে আগবাঢ়িব নিদিলে। এইখিনিতে ৰজা পৃথুৰ নাম উল্লেখযোগ্য আৰু সেয়ে বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব।

হিউৱেন চাং অসমলৈ (কামলুপু) আহিছিল ভাস্কৰ বৰ্মনৰ দিনত। এইখিনিলৈ বুৰঞ্জী সংৰক্ষিত। কিন্তু এই বুৰঞ্জী খুচৰাৰ নামত কিছুমান ধাৰণাক assumptions– লৈ ৰাজনৈতিক কাৰ্য একোটা জাতিৰ অগ্ৰগতিত বাধা।

এক নিৰ্দিষ্ট সময়ত, এক নিৰ্দিষ্ট ঐতিহাসিক– বাস্তৱৰ পৰিস্থিতিত বুৰঞ্জীৰ ঘটনা ঘটিছিল আৰু তেনেকৈয়ে দ্বন্দৰ সহায়ত সমাজ আগবাঢ়িছিল– নৈৰ দৰে। এই সত্যক অস্বীকাৰ কৰা নাযায়। কিন্তু তাৰ ওপৰত নিৰ্ভৰ কৰি সমাজখনক অতীতমুখী কৰা নিশ্চয় ন্যায়সংগত নহয় বাব বৈজ্ঞানিক নহয়।

এই বুৰঞ্জীৰ ওপৰত ভিত্তি কৰি দেশৰ জনগণে বিশেষকৈ ডেকা অসম সকলে কিছু প্ৰশ্ন কৰিব পাৰে যেনে–

ক) ইংৰাজ অহাৰ আগতে দেশখনৰ অৰ্থনৈতিক স্থিতি কি আছিল?

খ) এই দুশ বছৰৰ ভিতৰত দেশখনৰ সম্পদ কি কি লুটিলে, কিয় লুটিলে আৰু এতিয়া সেইবোৰ স্বাধীনতা দিয়াৰ সময়ত ওভতাই নিদিলে কিয়?

গ) বিভিন্ন ধৰণৰ হত্যা– লুণ্ঠন– বিশেষকৈ নিৰীহ ভাৰতীয়ক কৰা অত্যাচাৰৰ বাবে অনুতপ্ত নে?

ঘ) সৰ্বশেষ প্ৰশ্ন– বিভক্ত কৰাৰ বাবে নিজৰ মানুহকে শত্ৰু গণ্য কৰিবলৈ কিয় ফেতাই থৈ গ’ল?

নিজৰ দেশত তেনেধৰণৰ কামকৰিলেহেন নে?

আজি আজাদী কা অমৃত মহোৎসৱত ডেকা–অসমৰ প্ৰশ্ন হ’ব লাগিব সঠিক তত্ব আৰু দৰ্শনৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰি যাব লাগিব– বিশেষকৈ আজিৰ অৱস্থা বুজিবলৈ অতীত অনুসন্ধান–বিশেষকৈ ঔপনিৱেশিক যুগৰ ঘটনাৱলী আৰু ভৱিষ্যতৰ ভাৰতবৰ্ষৰ অৰ্থ কাৰ ভাৰতবৰ্ষ– বিবেকানন্দৰ লগতে মহাত্মাৰ ভাৰতবৰ্ষ নে চাৰ্চিল মাউণ্টবেটেনৰ উত্তৰসূৰীসকলৰ ভাৰত?

এজন মুক্তি যোদ্ধাৰ উত্তৰসূৰী হিচাপে কওঁ– কেৱল মুক্তি যোদ্ধাসকলৰেই নহয়– সকলো সাধাৰণ ভাৰতবাসীৰ নিৰাপত্তা বিচাৰি পূৰ্ণাংগ আৰু উন্নত গণতন্ত্ৰৰ গঢ়াৰ এই যুঁজত পুঁজিৰ দাস– কামিনী–কাঞ্চনৰ দাস সকলৰ স্বাধীনতা– মুক্তিও আমাৰ লক্ষ্য কাৰণ তেওঁলোকো এই মাটিৰেই সন্তান।

তেওঁলোকৰ বৈপ্লৱীক সংশোধন ডেকা অসমে কৰিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward