Thursday, April 25, 2024
Homeবাতৰি‘ডেফ’ডিল কলেজ অৱ হৰ্টিকালচাৰ’ উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ উদ্যান শস্য মহাবিদ্যালয়  

‘ডেফ’ডিল কলেজ অৱ হৰ্টিকালচাৰ’ উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ উদ্যান শস্য মহাবিদ্যালয়  

প্ৰকাশিত তাৰিখঃ ১৩ জুলাই, ২০২০

চানডুবি নিউজ ডেক্স

উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত ব্যক্তিগত খণ্ডত স্থাপন কৰিছে প্ৰথমখন উদ্যান শস্য মহাবিদ্যালয়। ডেফ’ডিল কলেজ অৱ হৰ্টিকালচাৰ নামৰ মহাবিদ্যালয়খনে উদ্যান শস্যৰ চাৰি বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰিব। ‘ডেফ’ডিল মাল্টিপাৰপাছ এডুকেশ্যনেল ট্রাষ্ট’ৰ অধীনত স্থাপন কৰা কলেজখনে ইতিমধ্যে অসম বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা প্ৰদানৰ অনুমতি লাভ কৰিছে। কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়াত স্থাপন কৰা এই শিক্ষা প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি ইতিমধ্যে সম্পূৰ্ণ কৰি তোলা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, উক্ত কলেজখনৰ গুৰি ধৰোতা হ’ল ড ধ্ৰুৱজ্যোতি শৰ্মা আৰু তেওঁৰ পত্নী ৰেখা শৰ্মা। ড শৰ্মা ডিমৰীয়া কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক। একেখন কলেজতে ৰেখা শৰ্মাইয়ো শিক্ষকতা কৰিছিল যদিও তিনি বছৰ কাম কৰি সেয়া বাদ দিয়ে।

প্ৰকৃততে– সমগ্ৰ দেশতে শৰ্মা পৰিয়ালৰ এক সুকীয়া পৰিচয় আছে। আছে– চুবুৰীয়া বৈদেশিক ৰাষ্ট্ৰ বাংলাদেশ, ভূটান, নেপালৰ লগতো। সেয়া হ’ল এক ব্যতিক্ৰমী নাৰ্ছাৰী ব্যৱসায়। যাৰ নাম– ডেফ’ডিল নাৰ্ছাৰী। ১৯৯২ চনত স্থাপন কৰা এই নাৰ্ছাৰীখন কামৰূপ মহানগৰ জিলাৰ ডিমৰীয়াত অৱস্থিত। নাৰ্ছাৰীখনে আজি উত্তৰ–পূৰ্বাঞ্চলৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে। লগতে সমগ্ৰ দেশৰ ভিতৰত এখন সফল নাৰ্ছাৰী হিচাপে প্ৰতিস্থা লাভ কৰিছে। নাৰ্ছাৰীখনত প্ৰায় ৪৩০বিধ বিভিন্ন প্ৰজাতিৰ ফল আৰু ফুলৰ পুলি পোৱা যায়। উত্তৰ–পূৰ্বাঞ্চলৰ প্ৰায় ৫০০খন সৰু–বৰ নাৰ্ছাৰী ডেফ’ডিলৰ ওপৰত নিৰ্ভৰশীল। প্ৰতি বৰ্ষত প্ৰায় ১০ কোটি টকাৰ ব্যৱসায়িক লেন–দেন চলা নাৰ্ছাৰীখনত কৰ্মৰত লোকৰ সংখ্যা তিনিশ গৰাকী। আজি দুটা বছৰে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ ৰজাইয়ো হেনো এই নাৰ্ছাৰীখনৰ ফুলেৰে নিজৰ জন্মদিন পালন কৰি আহিছে।

উল্লেখনীয় যে, ২০১২ চনত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে নাৰ্ছাৰীখন পৰিদৰ্শন কৰি সন্তুষ্টি লাভ কৰিছিল আৰু সেই স্থানতে এখন উদ্যান শস্য মহাবিদ্যালয় স্থাপন কৰিব বুলি ঘোষণা কৰে। কংগ্ৰেছ চৰকাৰৰ এইকথা ঘোষণাতে অন্ত পৰিল ই কোনোদিনে কাৰ্যকৰী ৰূপ নাপালে। বিপৰীতে নলবাৰীতহে এই মহাবিদ্যালয় স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰে। কিন্তু সেই স্থানতো মহাবিদ্যালয়খন গঢ়ি নুঠিল। চৰকাৰী কাম–কাজবোৰ কেৱল ঘোষণাতে সমাপ্ত হোৱাত যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয় চৌহদতেই এক উদ্যান শস্যৰ পাঠ্যক্রম আৰম্ভ কৰিবলগীয়া হয়।

বিগত বছৰবোৰত চৰকাৰে ঘোষণা কৰামতে– ডিমৰীয়া বা নলবাৰী কোনো ঠাইতে গঢ়ি নুঠিল হৰ্টিকালচাৰ কলেজ। চৰকাৰে কেৱল ঘোষণাতে সমাপ্তি ঘটালে। বিপৰীতে– ব্যক্তিগত প্ৰচেষ্ঠাতহে ডিমৰীয়াত উদ্যান শস্য মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি সম্পূৰ্ণ হৈ উঠা দেখা গ’ল। অলপতে কৃষিমন্ত্ৰী তথা অগপ দলপতি অতুল বৰা আৰু কৃষি বিভাগৰ ভালেসংখ্যক বিষয়াই মহাবিদ্যালয়খনৰ স্থান পৰিদৰ্শন কৰে।

ডেফ’ডিল নাৰ্ছাৰীয়ে ফুল–ফলৰ পুলি উৎপাদনেৰে আজি এক সুকীয়া বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। যদিও– তেওঁলোকে অকল নাৰ্ছাৰীৰ ব্যৱসায়তেই বহি থকা নাছিল। সমান্তৰালভাৱে উদ্যান শস্যৰ প্ৰশিক্ষণও প্ৰদান কৰি আহিছিল। য’ত– কৃষকৰ লগতে মহাবিদ্যালয়ৰ ছাত্ৰ–ছাত্ৰীসকলেও প্ৰশিক্ষণ গ্ৰহণ কৰে। নাগালেণ্ড, ছিকিম আদি ৰাজ্যৰ কৃষক তথা ছাত্ৰ–ছাত্ৰীসকলেও নিয়মীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে। প্ৰশিক্ষণৰ বাবে এক নিৰ্ধাৰিত মাছুল গ্ৰহণ কৰা হয় যদিও ইতিমধ্যে এজেহাৰ লোকক বিনামুলীয়াকৈ প্ৰশিক্ষণ প্ৰদান কৰা বুলি এক সূত্ৰত প্ৰকাশ। নাৰ্ছাৰীখনত উদ্যান শস্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি উত্তৰ–পূৰ্বাঞ্চলৰ বহু শিক্ষাৰ্থীয়ে আজি নিজাকৈ নাৰ্ছাৰী স্থাপন কৰি স্বাৱলম্বীৰ পথত খোজ পেলাইছে।

 

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward