Tuesday, April 23, 2024
Homeবাতৰিকাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় অৰ্কিড উদ্যানৰ আধাৰশিলা স্থাপন

কাজিৰঙাত আন্তঃৰাষ্ট্ৰীয় অৰ্কিড উদ্যানৰ আধাৰশিলা স্থাপন

প্ৰকাশিত তাৰিখঃ ২০ জুলাই, ২০২০

নিউজ ডেস্ক ৰিপ’ৰ্ট

অসম চৰকাৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা নদীৰ কাষত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অৰ্কিড উদ্যান এখন নিৰ্মাণ কৰিব। এই উপলক্ষে যোৱা ১৬জুলাইত উদ্যানখনৰ আধাৰশিলা মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

উল্লেখযোগ্য যে, ৰাজ্যৰ উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ উদ্যোগত নিৰ্মাণ হ’বলগীয়া উদ্যানখনৰ প্ৰস্তাৱ ২০১৮–১৯ চনতে গ্ৰহণ কৰিছিল। ১৬ কোটি ব্যয় সাপেক্ষ উদ্যানখনৰ মাটিকালি ৩০ বিঘা। উদ্যানখন ২বছৰত সম্পূৰ্ণ কৰি তোলাৰ কথা ঘোষণা কৰিছে বোকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই। উদ্যানখন অকল সৌন্দৰ্য বৰ্ধনৰ কাৰণে নিৰ্মাণ কৰা নাই ইয়াত গৱেষণা কেন্দ্ৰ আৰু সংৰক্ষণৰ ব্যৱস্থাও থাকিব। বাণিজ্যিকভাৱে অৰ্কিড খেতিৰ ওপৰত প্ৰশিক্ষণৰো ব্যৱস্থা কৰা হ’ব। দেশী–বিদেশী পৰ্যটক আৰু গৱেষকসকলৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ইপিনে– কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক সমগ্ৰ বৰ্ষটোতে খোলা ৰখাৰ চিন্তা–চৰ্চ্চাও চৰকাৰে চলাই থকাৰ কথা প্ৰকাশ কৰে।

সমগ্ৰ বিশ্বজুৰি উপলব্ধ অৰ্কিডৰ প্ৰজাতিৰ সংখ্যা হ’ল ৩০হেজাৰ বিধ। ইয়াৰ বিপৰীতে বৰ্ণসংকৰ জাতৰ সংখ্যা হ’ল এক লক্ষাধিক। ভাৰতত থকা তেৰশ প্ৰজাতিৰ অৰ্কিডৰ ভিতৰত আঠশৰো অধিক প্ৰজাতি উত্তৰ–পূৰ্বাঞ্চলত পোৱা যায়। ইতিমধ্যে ৭০টা মান প্ৰজাতি বিলুপ্তিৰ দিশে গতি কৰিছে।

 

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward