প্ৰকাশিত তাৰিখঃ ২৪ ছেপ্টেম্বৰ, ২০২২
চানডুবি নিউজ ৰিপ’ৰ্ট –
সমাগত দুৰ্গাপূজা। দুৰ্গাপূজাৰ বিজয়া দশমীৰ দিনটোতে আয়োজন কৰা হয় দশেৰা উৎসৱ। আৰু দশেৰা উৎসৱত ৰাৱণৰ প্ৰতিমূৰ্তি দাহন কৰা হয়। দক্ষিণ কামৰূপৰ সৰপাৰা ফ্ৰেণ্ডচ্ ক্লাৱেও আয়োজন কৰিছে দশেৰা উৎসৱ। খেলপথাৰখনত স্থাপন কৰিছে ১২০ ফুট ওখ ৰাৱণৰ প্ৰতিমূৰ্তি। উল্লেখ্য যে, মিৰ্জাস্থিত পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা দশেৰা উৎসৱ এইবাৰ সপ্তম বৰ্ষত ভৰি দিছে।
দশেৰা উৎসৱৰ মূল কাৰ্যসূচী ৫ অক্টোবৰত যদিও আয়োজক সমিতিয়ে ৩ আৰু ৪ অক্টোবৰতো কিছু কাৰ্যসূচী গ্ৰহণ কৰিছে। সেই অনুসৰি– ৩ অক্টোবৰৰ সন্ধিয়া বন্তি প্ৰজ্বলন, ৪ অক্টোবৰৰ সন্ধিয়া নাম প্ৰসংগ আৰু ৫ অক্টোবৰৰ সন্ধিয়া ৬ বজাত ছ’নী টিভিৰ ইণ্ডিয়া আইডল পৱনদীপ ৰাজনৰ গীতৰ শৰাই, ৮ বজাত নিমন্ত্ৰিত অতিথিৰ দ্বাৰা ৰাৱণ বধৰ কাৰ্যসূচী সমাপন কৰা হ’ব।
উল্লেখযোগ্য যে, দশেৰা উৎসৱ উপলক্ষত ইতিমধ্যে আৰ বি বিদ্যালয় খেলপথাৰত পূৰ্ণ উদ্যমে প্ৰস্তুতি পৰ্ব চলি থকাৰ কথা আয়োজক সমিতিয়ে জনাইছে। আয়োজক সমিতিয়ে দশেৰা উৎসৱত জাতি–ধৰ্ম নিৰ্বিশেষে উপস্থিতি কামনা কৰিছে।
ফটোঃ চানডুবি নিউজ
Pix: Chandubi News