Friday, April 19, 2024
HomeNEWSৰাণী ক’চিং চেণ্টাৰৰ উদ্যোগত ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ৰাণী ক’চিং চেণ্টাৰৰ উদ্যোগত ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

প্ৰকাশিত তাৰিখঃ ৩ ছেপ্তেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

৩ ছেপ্টেম্বৰ অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ৰাজ্যখনে উক্ত দিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি আহিছে। অভিৰুচি ক্ৰীড়া দিৱসে এইবাৰ ৩৯বৰ্ষত ভৰি দিছে। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী হাইস্কুল খেলপথাৰত পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস। উল্লেখ্য যে, এই ক্ৰীড়া দিৱসত ৰাণী হাইস্কুল, উপৰদানী হাইস্কুল, কলাগুৰু জাতীয় বিদ্যালয়, ৰাণী–বাটাবাৰী প্ৰাথমিক বিদ্যালয়, ৰাঙ্গাপাৰা প্ৰাথমিক বিদ্যালয়, কাৰ্মেল স্কুলৰ শিক্ষক, ছাত্ৰ–ছাত্ৰীসকলে অংশ গ্ৰহণ কৰে।

অভিৰুচি ক্ৰীড়া অনুষ্ঠানৰ সামূহিক দৌৰৰ ফ্লেগ অফ কৰে নিমন্ত্ৰিত অতিথি তথা আন্তৰাষ্ট্ৰীয় এথলেটিক খেলুৱৈ কমলেশ্বৰ কলিতাই। অনুষ্ঠানটোত ৰাণী ক’চিং চেণ্টাৰৰ সভাপতি গোবিন্দ বড়ো, সম্পাদক– দ্বীপজ্যোতি বড়ো, বিত্ত সম্পাদক ভাইটী বড়ো লগতে দেৱকান্ত বসুমতাৰী, আমজেদ আলী, তপন ঠাকুৰীয়া, ভাস্কৰ কলিতা আদি শুভাকাংক্ষীসকলে উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ প্ৰভাত ৰাভা

Title Pix: Prabhat Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward