Friday, April 19, 2024
HomeARTICLEট্ৰাইবেল বেল্ট এণ্ড ব্ল’ক এলেকা ভংগৰ ষড়যন্ত্ৰ নেকি চৰকাৰৰ

ট্ৰাইবেল বেল্ট এণ্ড ব্ল’ক এলেকা ভংগৰ ষড়যন্ত্ৰ নেকি চৰকাৰৰ

প্ৰকাশিত তাৰিখঃ ২৯ আগষ্ট, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ব্ৰিটিছ শাসিত অসম চৰকাৰে ১৮৮৬ চনত চনত প্ৰণয়ন কৰিছিল ট্ৰাইবেল বেল্ট আৰু ব্ল’ক। এই আইনৰ অধীনত এলেকাটোত বসবাস কৰা সকলো জাতি–জনগোষ্ঠীয়ে সুৰক্ষিত ভূমিৰ অধিকাৰ লাভ কৰিছিল। যি ভূমি আইনত ভূমিপুত্ৰ তথা থলুৱাসকল অধিক সুৰক্ষিত সেই আইনৰ নীতি–নিয়ম ভংগৰ চেষ্টা স্বয়ং চৰকাৰেই চলোৱা পৰিলক্ষিত হৈছে। য’ত– ভৱিষ্যতে ভূমিপুত্ৰ–থলুৱাসকলৰ অধিকাৰত ব্যাঘাত জন্মাব পৰা নীতি–নিয়ম প্ৰস্তুতি চলাই থকা দেখা গৈছে।

উল্লেখনীয় যে, ট্ৰাইবেল বেল্ট আৰু ব্ল’ক অধীন গড়কাপ্তানি পথৰ দুয়োকাষে পাঁচশ মিটাৰ এলেকা সকলো ধৰণৰ সংৰক্ষণ মুক্ত কৰাৰ বাবে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ বাবে ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ জুলাই মাহত এক অধিসূচনাও জাৰী কৰিছে।

ৰাজ্য চৰকাৰৰ এনে ষড়যন্ত্ৰমূলক সিদ্ধান্তত ভূমিপুত্ৰ জনজাতিসকল সংকিত হৈ উঠিছে। সেয়ে আইনগতভাৱে চৰকাৰৰ এনে সিদ্ধান্ত বিৰোধিতা কৰিবলৈ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ‘সন্মিলিত জনজাতি কৃষক থলুৱা ভূমি সুৰক্ষা সমিতি’ গঠন কৰিছে। ইতিমধ্যে গঠন হোৱা এই সমিতি সমূহে চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে।

দক্ষিণ কামৰূপত ‘সন্মিলিত জনজাতি কৃষক থলুৱা ভূমি সুৰক্ষা সমিতি’ গঠন সন্দৰ্ভত যোৱা ২৭ আগষ্টত বৰদুৱাৰ–বাগান বজাৰৰ সমন্বয় ভৱনত এখন সভা অনুস্থিত হৈ যায়। সভাখনৰ আহ্বায়ক ৰূপে দক্ষিণ কামৰূপ ট্ৰাইবেল সংঘৰ প্ৰাক্তন সভাপতি উমাকান্ত ৰাভা, পলাশবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক মোহন বসুমতাৰী, দূধনৈ সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৱেন দৈমাৰী, তামোলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক দেৰহাগ্ৰা মুচাহাৰী, জোনাই সমষ্টিৰ প্ৰাক্তন বিধায়ক ফণিধৰ টাইঙ লগতে অঞ্চলটোৰ বিভিন্ন লোক উপস্থিত থকা দেখা যায়। উক্ত সভাই ‘সন্মিলিত জনজাতি কৃষক থলুৱা ভূমি সুৰক্ষা সমিতি’ গঠন আৰু পঞ্জীয়নৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখযোগ্য যে, ৰাজ্যৰ বিজেপি শাসিত সন্মিলিত চৰকাৰখনত কেইবাজনো জনজাতি মন্ত্ৰী–বিধায়ক আছে। তৎসত্বেও জনজাতি বিৰোধী অধিসূচনা এখন কেনেকৈ কেবিনেটত অনুমোদন হ’ল। এই অধিসূচনা কেবিনেটত অনুমোদনৰ সময়ত কিয় বিৰোধিতা কৰা নহ’ল! সেয়াই নহয়, এই পৰ্যন্ত মাত মতা নাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাও। এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে আহ্বায়ক মণ্ডলীয়ে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward