Saturday, December 3, 2022
HomeARTICLEদ্বি–নাগৰিকত্ব আৰু পুনৰ্বিন্যাস

দ্বি–নাগৰিকত্ব আৰু পুনৰ্বিন্যাস

প্ৰকাশিত তাৰিখঃ ২৭ জুন, ২০২২

কল্প ৰঞ্জন গগৈ –

এক ঐতিহাসিক যাত্ৰা– মানুহৰ এক কোষী জীৱৰ পৰা হাবিৰ ফলমূল, পহু খোৱা মানুহৰ পৰা আজিৰ খেতি কৰা মানুহ– লোহা, চিমেণ্ট, প্লাষ্টিকৰ যুগৰ মানুহ। এক দীঘলীয়া যাত্ৰা। জ্ঞানী–ব্ৰাহ্মণৰ পৰা বেপাৰী–বৈশ্যৰ দখলৰ পৃথিৱী। বেপাৰ সম্প্ৰসাৰনৰ বাবে যুদ্ধ– যুদ্ধ নিয়ন্ত্ৰণৰ লক্ষ্যৰে সংঘ। এনেকৈয়ে আৰম্ভ– দেশ– বিদেশ –জাতি –অজাতি– সংস্কৃতি– অসংস্কৃতি। অৰ্থনীতি– ৰাজনীতি এই দুয়োটাই মিলি বুনিয়াদ আৰু তাৰ ওপৰত তৰপ–তৰপকৈ উপৰিসৌধ। আৰু সেয়ে আজি সমগ্ৰ বিশ্বজুৰি অৱক্ষয়।

এদিন শিক্ষা গঢ় লৈ উঠিছিল মানুহৰ পূৰ্ণবিকাশৰ আহিলাৰূপে– Manifestation of the Perfection in man আৰু ধৰ্ম হ’ব মানুহৰ ভিতৰৰ দেৱত্বৰ প্ৰকাশৰ আহিলা– Manifestation of the Divinity in Man ।

আজি এই দুয়োটা বেপাৰীৰ হাতত মানুহক বিভ্ৰান্ত কৰাৰ অস্ত্ৰ। আৰু সেয়ে চৌদিশে বিভ্ৰান্তি– প্ৰকৃততে উন্নতি হৈছে নে অধোন্নতি হৈছে, নে একেঠাইতে আছো গ’মেই পোৱা নাই। সময়ৰ লগে লগে গায়ে–গাৰিয়ে মানুহ বাঢ়ে– মূৰটোও ডাঙৰ হয় কিন্তু মূৰৰ ভিতৰত থকা মগজুৰ– বুদ্ধিৰ? সেয়ে এই পৰিস্থিতিৰ কথা চিন্তা কৰিয়েই তাহানিতে এজন গ্ৰীক দাৰ্শনিকে কৈছিল– একৈশ শতিকা হ’ব মনোবিজ্ঞানৰ শতিকা– Age of Psychology।

সেয়ে আজি সকলো দিশতে পুনৰ্বিন্যাসৰ বাবে কৰ্মসূচী লাগিব।

যিহেতু অৰ্থনীতি আৰু ৰাজনীতি হৈছে বুনিয়াদ ইয়াৰ পৰিৱৰ্তন নকৰাকৈ উপৰিসৌধৰ পৰিৱৰ্তন হ’ব নোৱাৰে।

১৫ শতিকাত ভাস্কো–ডা–গামাই ভাৰতবৰ্ষৰ পশ্চিম উপকূলত ভৰি দিয়াৰ লগে লগে আৰম্ভ হয় পাশ্চাত্যৰ দ্বাৰা খননকাৰ্য। ১৭৫৭ চনৰ পলাশী যুদ্ধৰ আগলৈকে কিন্তু ইউৰোপৰ শক্তিয়ে খননকাৰ্য চলাই থাকিলেও তাৰ পিছৰ পৰা বেপাৰী নেটৱৰ্ক গঢ়িহে দেশৰ ভাৰতীয়ত্ব এছিয় সংস্কৃতি ভাঙি পেলাব পাৰিছিল। সেয়ে ১৫ শতিকাৰ পৰা ১৮ শতিকালৈ আছিল waiting period। দাঁত গজি পুৰঠ হোৱালৈ– from teething to teenager and then adult ।

সময় আৰু ইতিহাসৰ গতি সৰ্পিল–Spiral–সৰলৰৈখিক নহয়। কিন্তু ইয়াক সৰলৰৈখিক কৰিবলৈ চেষ্টা কৰিছিল ইংৰাজ বণিয়াই। ১৮৫৭ চনৰ সৈনিক বাহিনীৰ পৰা আৰম্ভ হোৱা বিদ্ৰোহ অৱশেষত মহাবিদ্ৰোহৰ ৰূপ লওঁতে ভৱিষ্যতে যাতে প্ৰজা দমন কৰিব পৰা যায় তাৰ বাবে বেপাৰীৰ পৰা চৰকাৰলৈ Transfer of power– বদলি কৰা হ’ল আৰু প্ৰজা বিদ্ৰোহক দমনৰ বাবে আইনৰ শাসনৰ সুবিধাৰ্থে ৰচনা কৰা হ’ল ভাৰতীয় দণ্ডবিধি আইন The Indian Penal Code Act No XLV of 1860 । আৰু তাৰ পৰা ১৯৪৭ চনলৈ কি হ’ল সকলোৱে জানে।

ইতিমধ্যে স্বাধীন ভাৰতত একাধিকবাৰ ব্ৰিটিছৰ অৱদান/ অনুদান সম্বন্ধে আলোচনা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনা আমাৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল– Adopt, enact and give to ourselves this Constitution আৰু ২৬ জানুৱাৰী ১৯৫০ চনত ভাৰতীয় গণৰাজ্যৰ জন্ম হৈছিল। Republic of India ।

সংবিধানৰ অনুচ্ছেদ– ১ৰ মতে দেশখন হ’ব লাগিব ৰাজ্যবিলাকৰ সংঘ/ সন্থাহে Article– I, India, that is Bharat, shall be a Union of States।

ইয়াৰ লগতে আমি মনত ৰাখিব লাগিব স্বাধীনতা/ গণৰাজ্য হোৱাৰ আগৰ অবিভক্ত ভাৰতবৰ্ষক ভাৰতীয় মনত সেই স্মৃতি অমলিন হৈ থাকিব বুলিয়েই ব্ৰিটিছে ঘৃণাৰ বাতাবৰণৰ সৃষ্টি কৰিছিল। যোৱা ৭৫ বছৰে আমাৰ শাসকসকলে ইয়াক লালন–পালন আৰু সম্প্ৰসাৰণ কৰি আহিছে। যাতে জনগণে প্ৰশ্ন নকৰে।

যোৱা ৭০ দশকতে অসমত দাবী উঠিছিল ইংৰাজৰ দিনৰ আইন বাতিলকৰনৰ বাবে। ৬০ দশকতে ভাৰতবৰ্ষৰ যুৱ–ছাত্ৰসকলে দাবী তুলিছিল– সংবিধানৰ ১নং অনুচ্ছেদ অনুসৰি ফেডাৰেল ভাৰতবৰ্ষ গঢ়া হওক। দেখা গৈছিল দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ দৰে ৰাজ্য সমূহৰ বস্ত্ৰহৰণ তেতিয়াই জন্ম পাইছিল দ্বি–নাগৰিকত্বৰ দাবী। দেশৰ সকলো প্ৰতিবাদ/ স্থিতাৱস্থা বিৰোধী জাগৰণ– এই সকলোবোৰ এই নতুন গণতান্ত্ৰিক চেতনাৰ ৰেঙনি। আৰু আজি একেবাৰে তৃণমূলৰ গাঁও পৰ্যায়ত ভাৰতবৰ্ষতে দ্বি–নাগৰিকত্ব দেখা গৈছে। অন্ধ্ৰপ্ৰদেশ আৰু উড়িষ্যাত ৰাইজে অনুসন্ধান কৰক। অসমত দ্বি–নাগৰিকত্বৰ দাবী কেতিয়াবাৰে। ১৮২৬ চনৰ ইয়াণ্ডাবুৰ পিছৰ পৰা– ১৮২৮ চনৰে পৰা– আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী। ১৮২৬ চনৰ পৰা ১৯৪৭ পৰ্যন্ত ব্ৰিটিছৰ ঘাটি দখলৰ আইনবোৰ অধ্যয়ন কৰক। ১৯৫৭ চনৰ মহাজাগৰণৰ আগতে কোনো আইন নথকাকৈ গমধৰ, পিয়লীসকলক কেনেকৈ শাস্তি দিয়া হৈছিল? মণিৰাম দেৱানসকলক বিনা বিচাৰে কিয় শাস্তি দিয়া হৈছিল– অসমীয়াই বিচাৰ কৰক। দেশপ্ৰেম নিজেই জাগিব।

আজিৰ অসমীয়াৰ প্ৰধান দাবী হ’ব ১৮২৬ চনৰ পিছৰ পৰা ১৯৪৭ চনলৈ ৰচনা কৰা জাতিক অৱহেলা কৰা আইনবোৰ বাতিল হওক আৰু সমগ্ৰ ৰাজনীতি–অৰ্থনীতিৰ পুনৰ্বিন্যাস হওক।

বুৰঞ্জী হৈছে একমাত্ৰ বিজ্ঞান– only science আৰু মনোবিজ্ঞান হৈছে বিজ্ঞানৰ বিজ্ঞান– Psychology is the science of sciences ।

দেশপ্ৰেম, ধৰ্ম, শিক্ষা বুজিবলৈ ডেকা–ডেকেৰী, বুঢ়া–বুঢ়ী নিৰ্বিশেষে স্বামী বিবেকানন্দ (১৮৬৩–১৯০২) পঢ়ক।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward