Friday, April 26, 2024
HomeARTICLEবিভ্ৰান্ত বাস্তৱৰ অন্ত পেলাব লাগিব

বিভ্ৰান্ত বাস্তৱৰ অন্ত পেলাব লাগিব

প্ৰকাশিত তাৰিখঃ ২০জুন, ২০২২

কল্প ৰঞ্জন গগৈ –

পাশ্চাত্যৰ পতনশীল চিন্তাবোৰে আজি ভাৰতীয়সকলক খুলি খুলি খাইছে। এই পতনশীল বিভ্ৰান্তিমুলক ধাৰণাবোৰ ইংৰাজৰ লগেলগে সোমাই আহি এক কৰ্তৃত্বশীল শ্ৰেণী তৈয়াৰ কৰি সেই শ্ৰেণীৰ বক্তব্য সাধাৰণ প্ৰজাৰ মাজলৈ সম্প্ৰসাৰিত হোৱাৰ লগে লগে ইয়াৰ চিন্তাৰ বুনিয়াদটোও থৰক–বৰক হ’ব ধৰিলে। স্বামী বিবেকানন্দই (১৮৬০–১৯০২) ইউৰোপৰ পতনশীল ৰাজনৈতিক সংস্কৃতিৰ Political Culture ফলাফল দেখিয়েই কৈছিল– পাশ্চাত্যৰ সামাজিক জীৱনৰ বাহিৰৰ বাকলিটোহে হাঁহিৰ ফোঁৱাৰা– ভিতৰত কিন্তু চকুপানী– Social life in the west is like a peal of laughter but underneath it is a wait । এটা সময়ত তেওঁ কৈছিল– ইউৰোপ আগ্নেয়গিৰিৰ ওপৰত বহি আছে– Europe is on the edge of a volcano। যদি এই জুই নুমোৱা নেযায়– আধ্যাত্মিকতাবাদৰ সহায়ত ইয়াৰ বিস্ফোৰণ হ’ব– If the fine is not extinguished by a flood of spirituality it will erupt। তেওঁ এই বিস্ফোৰন দেখি যোৱা নাছিল কিন্তু তেওঁ এৰি যোৱা প্ৰায় ডেৰ দশকৰ পিচতে প্ৰথম বিশ্বযুদ্ধ হৈছিল। দুয়োখন মহাযুদ্ধ আছিল এই বিস্ফোৰন।

আজি ভাৰতবৰ্ষত এই পতনশীল পাশ্চাত্যৰ অপসংস্কৃতিয়ে লগ এৰা নাই– সেয়ে এক অস্থিৰ– তলমল ৰাজনৈতিক পৰিস্থিতিয়ে দেশত খেলিমেলি লগাই আছে। আমাৰ নেতাসকলৰ লগতে কৰ্তৃত্বশীল শ্ৰেণীটো সঁচা কথাত পাশ্চাত্যৰ ভাৰতীয় সংস্কৰণহে– Mere Indian editions of the west। সেয়ে মতা কুকুৰাৰ যুঁজত ভাৰতত্ব থানবান।

পাশ্চাত্যৰ দুৰ্বলতাৰ লগতে ভাৰতবৰ্ষৰ সংকীৰ্ণ জাতীয়তাবাদৰ দুৰ্বলতাৰ বিষয়ে স্বামীজী আছিল বাবেই কৈছিল পাশ্চাত্যৰ লগত ভাৰতবৰ্ষৰ আদান–প্ৰদান হ’ব লাগিব সমঅধিকাৰৰ ভিত্তিতহে– On equal times। তেওঁ স্পষ্টভাৱে জানিছিল পশ্চিমে কান্দোন আৰম্ভ কৰিলে সি দীৰ্ঘস্থায়ী হ’ব যদিহে ভাৰতবৰ্ষৰ আধ্যাত্মিক চিন্তা গ্ৰহণ নকৰে।

কেৱল ভাৰতীয় ঐক্যতা Unity স্বামীজীৰ স্বপ্নত নাছিল– আছিল সমগ্ৰ এছিয়াৰ ঐক্য। স্বামীজীৰ মতে কেৱল ৰাজনৈতিক স্বাধীনতাই এটা জাতিক মুক্তি নিদিয়ে যদিহে তাৰ লগত নৈতিক moral and ethical– দিশটো জড়িত নহয়। সেয়ে ৰাজনৈতিকভাৱে স্বাধীন ভাৰতবাসী আজিও নৈতিক–বৌদ্ধিকভাৱে পৰাধীন।

সেয়ে আজিৰ ভাৰতবাসীয়ে প্ৰকৃত শৈক্ষিক আৰু দেৱত্ব বিকশিত কৰা ধৰ্মৰে আমূল পৰিৱৰ্তন– Root and Branch Transformation– আনিব লাগিব।

তাহানিৰ পাশ্চাত্যই এৰি থৈ যোৱা বিষবাষ্পৰ পৰা দেশক মুক্তকৰি আমাৰ পৰা লৈ যোৱা সম্পদৰ বাবে দেশৰ একমাত্ৰ দেশপ্ৰেমীক মহাত্মা আৰু নেতাজী আৰু দেশৰ বাবে এক শক্তিশালী আদৰ্শ দি থৈ যোৱা স্বামী বিবেকানন্দৰ চিন্তাধাৰাৰে আজি দেশৰ বিভ্ৰান্ত বাস্তৱৰ পৰা মুক্ত কৰিব লাগিব আৰু বৰ্তমানৰ শূদ্ৰ বনাম শূদ্ৰ, দৰিদ্ৰ বনাম দৰিদ্ৰৰ যুদ্ধখনৰ অৱসান ঘটাব লাগিব।

পাশ্চাত্যৰ পৰা ব্ৰিটিছে আনিছিল তথাকথিত সভ্যতাৰ ৰণ– War of Civilizations আৰু অতি কৌশলেৰে এৰি থৈ গৈছিল। এই ভ্ৰান্ত যুদ্ধখনৰ অন্ত পেলাব লাগিব– বৌদ্ধিক যুদ্ধৰে।

দলিত, দৰিদ্ৰ, শূদ্ৰ যুগৰ প্ৰতিষ্ঠাৰে এই বিভ্ৰান্ত বাস্তৱৰ অন্ত পেলাব লাগিব। কিন্তু ধ্বংসৰে নহয় বিকাশেৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward