Friday, April 26, 2024
Homeকবিতানদী; ঠিকনা বিচাৰি তোৰ কাষত

নদী; ঠিকনা বিচাৰি তোৰ কাষত

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭

কল্প কলিতা –

নদী মোৰ পুৰাতন ঠিকনা
সেয়ে ঠিকনা হেৰুৱাব খুজিলেই মই
আলফুলে ঠিয় হও নৈৰ কাষত
কাৰণ নদীয়েই জন্ম দিছে
নদীয়েই গঢ়ি তুলিছে
নদীৰ পলসেই সেউজীয়া কৰিছে
জীৱন–জীৱিকাৰ ভূমি
নদীয়েই অন্নদাতা, আশ্ৰয়দাতা
ইতিহাসৰ জীৱন গৰিমা

পুৰাতন হে নদী,
তোৰ আচলত থাকিয়েইতো
চিকমিকাই উঠে শ্ৰম আৰু ঘামৰ বচা ফুল
গঢ়ি উঠে সভ্যতাৰ একোখন ফুলাম বাগিছা …

যিসকলে পানীৰ গৱেষণা কৰে
সেই সকলেই বৰ বিষ ঢালে তাত বাৰে বাৰে
তেওঁলোকৰ বাবে দৰ্কাৰী
কৰ পানীৰ কি নাম ?
কোনখন নদীৰ কিমান দাম ?

ভগবানৰ নামত বিক্ৰী যি
আল্লাৰ নামতো জৰাফুকা সি,
ৰজাৰ ইচাৰাত বন্দী
পানীৰ ভাগ–বটোৱাৰা
আন্তৰ্জাতিক সন্মিলন বহে
কোনে কাঢ়ি লব তোৰ অধিকাৰ

প্ৰকৃতিৰ আজন্ম আপোন
যাৰ বাবে দাম আছে মাথো ঘামৰ
যাৰ বাবে দাম আছে মাথো মেহনতী হাতৰ
তাৰ বাবেই সাৰে থাকা তই
উত্তাল সাগৰৰ গৰ্জন হৈ বাৰে বাৰে

মোৰ পুৰাতন ঠিকনা তুমি
বাণিজ্যিকৰণৰ কুটিল চাকনৈয়াত
থৰক বৰক জীৱনৰ নাওঁ,
সেয়ে, ঠিকনা হেৰুৱাব খুজিলেই
সংগোপনে ঠিয় হও মই তোৰ কাষত …
হে নদী !

শিৰোনামাৰ ছবিঃ ইষ্টৰ্ণ ফটো চাৰ্ভিচ

Photo Courtesy: Eastern Photo Service

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward