Friday, March 29, 2024
Homeবাতৰিনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজপথত লেখক–শিল্পী সমাজ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজপথত লেখক–শিল্পী সমাজ

প্ৰকাশিত তাৰিখঃ ১৪ মে’ ২০১৮

চি এন ব্যুৰ’ –

অসমীয়া জাতিক ধ্বংস কৰিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত সমগ্ৰ অসম তোলপাৰ লাগি থকাৰ সময়তে ইয়াৰ বিৰোধিতাৰে ৰাজপথলৈ ওলাই আহিল অসমৰ লেখক–শিল্পী সমাজ।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ দেওবাৰে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত ৰাজ্যখনৰ লেখক–শিল্পী সমাজ, অসমে আয়োজন কৰা প্ৰতিবাদী সভাত শিল্প–সাহিত্যৰ লগত জড়িত অসংখ্য লোক একত্ৰিত হ’ল। অসমৰ পুৰোধা ব্যক্তিসকলৰ ছবি সম্বলিত প্লে’কাৰ্ড হাতত লৈ, বিষ্ঞু ৰাভা, ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ কলিৰে লক্ষীৰাম বৰুৱা সদনৰ পৰা দীঘলীপুখুৰীৰ চাৰিওফালে এক প্ৰতিবাদী শোভাযাত্ৰা বাহিৰ কৰে।

প্ৰতিবাদী শোভাযাত্ৰাত অংশগ্ৰহণ কৰি কবি–সাহিত্যিক সমীৰ তাঁতী, জীৱন নৰহ, অনুভৱ তুলসী, এম কামালুদ্দিন আহমেদ, দেৱব্ৰত দাস, জয়ন্ত মাধৱ বৰা, ড০ অৰ্চনা পূজাৰী, ড০ প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, গোবিন খাউণ্ড, মনালিছা শইকীয়া, লেখক অনন্ত কলিতা, অৰিন্দম বৰকটকী, ৰত্না ভৰালী তালুকদাৰ, নৰেন পাটগিৰি, জুনু বৰা, বন্তি শেনচোৱা, সাংবদিক মনোৰম গগৈ, বিশিষ্ট চিত্ৰশিল্পী কিৰণ শংকৰ ৰায় আদি ব্যক্তিসকলে জাতিধ্বংসী বিধেয়কখন অতিশীঘ্ৰে বাতিলৰ দাবী জনায়। উক্ত শোভাযাত্ৰাটোত বহু সংখ্যক যুৱক–যুৱতীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

শোভাযাত্ৰাৰ পূৰ্বে লেখক–শিল্পী সমাজে লক্ষীৰাম বৰুৱা সদনত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। ৰত্না ভৰালী তালুকদাৰ, বন্তি শেনচোৱা আৰু জীৱন নৰহে আঁতধৰা সভাখনত উদ্দেশ্য ব্যাখ্যা কৰে শিল্পীসমাজৰ আহ্বায়ক তথা লেখক অৰিন্দম বৰকটকীয়ে। তেওঁ ব্যক্ত কৰে যে, জাতিৰ অস্তিত্ব থাকিলেহে অসমৰ জাতি–জনগোষ্ঠীৰ ভাষা–সংস্কৃতি জীয়াই থাকিব। চৰকাৰৰ নাগৰিকত্ব সংশোধনী বিধেয়কখনে অসমৰ জাতি–জনগোষ্ঠীৰ ভাষা–সংস্কৃতিলৈ ভাবুকি কঢ়িয়াই আনিব। এই বিধেয়ক সংবিধান বিৰোধী। অসম চুক্তিৰ ভিত্তিত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অহা যিকোনো বিদেশীলোকক বহিষ্কাৰৰ দাবী উত্থাপন কৰে।

ৰাষ্ট্ৰযন্ত্ৰৰ ষড়যন্ত্ৰ দীৰ্ঘদিনীয়া। শাসক শ্ৰেণীয়ে অসমৰ জনতাক বিভক্ত কৰি হিন্দু বাংলাদেশীক সংস্থাপিত কৰিব বিচাৰিছে বুলি সাহিত্যিক অৰূপা পটংগীয়া কলিতাই কয়।

বিশিষ্ট চিত্ৰশিল্পী ননী বৰপূজাৰীয়ে কয়, প্ৰতিবাদ কৰিবলৈ শিল্পী সাহিত্যিকে যিদৰে ওলাই আহিছে আমাৰ জয় নিশ্চিত। বিধেয়ক বিৰোধী প্ৰতিবাদত যোগ দিবলৈ অসমৰ জনতা দলে–বলে ওলাই আহক বুলি আহ্বান জনায়।

বিশিষ্ট নাট্যকাৰ, অধ্যাপক নৰেন পাটগিৰীয়ে কয়, অসমক পূৰ্ববংগৰ লগত চামিলকৰণৰ বিৰুদ্ধে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে যিদৰে থিয় দিছিল তেনেদৰে বৰ্তমানৰ চৰকাৰেও অসম বিৰোধী নাগৰিকত্ব বিধেয়কখনৰ বিৰুদ্ধে থিয় দিবলৈ আহ্বান জনায়।

লেখক–শিল্পী সমাজ, অসমে জাতি বিৰোধী নাগৰিকত্ব সংশোধনী বিধেয়ক– ২০১৬ বাতিলৰ দাবীত এখন স্মাৰক পত্ৰ যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ, লোকসভা আৰু ৰাজ্যসভাৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা হ’ব বুলি জানিবলৈ দিয়ে। সেয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীতেই উপস্থিত ৰাইজৰ স্বাক্ষৰ গ্ৰহণ কৰা হয়।

শিৰোনামৰ ফটোঃ ব্যুৰ’ ফটো

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward