Thursday, April 25, 2024
Homeবাতৰিম’বাইলত অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰক ‘লাচিত পেড’

ম’বাইলত অসমীয়া লিখিবলৈ ব্যৱহাৰ কৰক ‘লাচিত পেড’

প্ৰকাশিত তাৰিখঃ ৭ মে’ ২০১৮

চি এন ডেক্স

ম’বাইলত অসমীয়াত লিখা–মেলা কৰিলে এতিয়াৰ আৰু অধিক সময় কষ্ট কৰিব নালাগে। অসমীয়াত লিখা–মেলা কৰিবলৈ গুগলৰ প্লে’ ষ্টৰত উপলব্ধ হৈছে ‘লাচিত পেড’ নামৰ অসমীয়া ভাষাৰ নতুন এপ্‌চ এটা।

সম্প্ৰতি এচাম বৃহৎ সংখ্যক লোকে ম’বাইলত গল্প, প্ৰবন্ধ, কবিতা আদি বিভিন্ন লিখা–মেলা আৰম্ভ কৰিছে। কিন্তু বৰ্ণ শুদ্ধিৰ বাবে কোনো ছ’ফটৱেৰ নথকাত উক্ত লেখাবোৰত বানান, যতিচিহ্ন আদি বিভিন্ন ভুল ৰৈ যায়। সেয়ে লেখনিত থকা ভুলবোৰে লেখক–পঢ়ুৱৈ উভয়কে বিতুষ্ট কৰি তোলে।

এই সমস্যা দূৰ কৰিবলৈ ‘লাচিত পেড’ নামৰ অসমীয়া এপ্‌চ  এটি প্ৰস্তুত কৰি উলিয়াইছে কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়াৰ যুৱক মৃদুল কুমাৰ শৰ্মাই। এই এপ্‌চ টোত লিখি বুটাম টিপিলেই ভুল হোৱা বানানৰ লগতে অন্যান্য খেলিমেলিবোৰ আঁতৰি যাব। লাচিত পেড ন’টপেডৰ লেখীয়া, সেয়ে তাত লিখা লেখনিবোৰৰ প্ৰতিলিপি অইন ঠাইত বহুৱাব পাৰি নাইবা ফে’চবুকত লিখা লেখনিবোৰ উঠাই নি লাচিত পেডত বহুৱাই বৰ্ণ শুদ্ধি কৰাৰ সুবিধা আছে। এপ্‌চ টোৰ লগত সংযোজন কৰা কীব’ৰ্ড খন তিনি বছৰ আগতে প্ৰস্তুত কৰা বুলি প্ৰকাশ কৰে মৃদুল কুমাৰ শৰ্মাই।

লাচিত পেড ম’বাইলৰ ব্ৰাউজাৰত lachitpad.mridulkumar.com লিংকটো খুলি ব্যৱহাৰ কৰিব পাৰিব। অৱশ্যে লেপটপ বা ডেস্কটপৰ ব্ৰাউজাৰতো এই লিংকটো খুলি লাচিত পেড ব্যৱহাৰ কৰিব পাৰিব।

লাচিত পেড ৰাইজৰ মাজত বিনামুলীয়াকৈ আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে। এই পেডটো ব্যৱহাৰৰ অন্তত মন্তব্য আগবঢ়াবলৈয়ো আহ্বান জনাইছে প্ৰস্তুতকৰ্তা মৃদুল কুমাৰ শৰ্মাই। এপ্‌চ টো সাজি পূৰ্ণৰূপ দিয়াত ত্ৰিদীপ দাস আৰু বিতোপন দাসে বিশেষভাৱে সহায়–সহযোগ আগবঢ়াইছে। এপ্‌চ টোৰ ল’গ’ ৰিতুপৰ্ণ বৰা আৰু স্প্‌লেচ স্ক্ৰীণ সাজি উলিয়াইছে জ্যোতিৰূপম দত্তই।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward