Thursday, April 18, 2024
HomeNEWSদুদিনীয়া কাৰ্যসূচীৰে বৰিহাটত নৱাৰুণ সাহিত্য সভাৰ দ্বাদশ দ্বি–বাৰ্ষিক অধিৱেশন

দুদিনীয়া কাৰ্যসূচীৰে বৰিহাটত নৱাৰুণ সাহিত্য সভাৰ দ্বাদশ দ্বি–বাৰ্ষিক অধিৱেশন

প্ৰকাশিত তাৰিখঃ ১৯ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম সাহিত্য সভাৰ স্বৰ্ণশাখা নৱাৰুণ সাহিত্য সভাৰ দ্বাদশ দ্বি–বাৰ্ষিক অধিবেশন। ১৭ ডিচেম্বৰৰ পৰা আমৰাঙ্গা–বৰিহাটস্থিত ত্ৰিধাৰা আঞ্চলিক কলা সংঘৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা দুদিনীয়া কাৰ্যসূচীৰ আজি অন্তিম দিন। সভাৰ কাৰ্যসূচী অনুসৰি– ১৭ ডিচেম্বৰৰ পুৱা পতাকা উত্তোলন কৰে নৱাৰুণ সাহিত্য সভাৰ সভাপতি হেমন্ত কুমাৰ দাসে। স্মৃতি তৰ্পন কৰে উপ–সভাপতি কমলা কান্ত দাসে। দুপৰীয়াৰ বিষয় বাচনি সভাত কমলা কান্ত দাসক সভাপপতি, প্ৰাণেশ্বৰ কলিতাক উপ–সভাপতি, মিতুমণি দাসক সম্পাদক আৰু ৰাজীৱ চৌধুৰীক সহঃসম্পাদক পদত নিৰ্বাচিত কৰি কাৰ্যকৰী সমিতিখন গঠন কৰে। ইয়াৰ পিছত অন্তৰঙ্গ অনুষ্ঠান আৰম্ভ হয়। ড গজেন্দ্ৰ অধিকাৰীয়ে সঞ্চালনা কৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে উপস্থিত থাকে গুৱাহাটীস্থিত ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ড জীতেন কলিতাই। আবেলি বিদ্যালয়, মহাবিদ্যালয় পৰ্যায়ৰ ছাত্ৰ–ছাত্ৰীৰ মাজত কবিতা আবৃতি প্ৰতিযোগিতা অনুস্থিত হয়। সন্ধিয়া প্ৰতিষ্ঠাপক সভাপতি ৰজনী কলিতাৰ দ্বাৰা বন্তি প্ৰজ্বলনৰ পিছত বৰিহাট মাহিলী বৈঠকীৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়।

আনহাতে, ১৮ডিচেম্বৰৰ পুৱা ১০ বজাত সভাৰ নৱ নিৰ্বাচিত সভাপতিগৰাকীকলৈ আয়োজন কৰা সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰে অনাতাঁৰ কেন্দ্ৰৰ লোকগীতৰ শিল্পী বংশীধৰ দাসে। দুপৰীয়া কমলা কান্ত দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে নগাঁওস্থিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড গজেন্দ্ৰ অধিকাৰীয়ে। উক্ত সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড উপেন্দ্ৰ ৰাভা হাকাচামে নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকাৰ লগতে শাখাৰ পত্ৰিকা ‘নৱাৰুণ’ উন্মোচন কৰে। অঞ্চলটোৰ কৃষক থানেশ্বৰ দাস, শিল্পী পূৰ্ণিমা হাজৰিকা, যুৱ লেখক ধনমণি দাস আৰু নাপিত সত্য দাসক উক্ত আলোচনা সভাতে সম্বৰ্ধনা জ্ঞাপন কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward