Saturday, April 20, 2024
HomeARTICLEপ্ৰত্যেকেই শ্বহীদ নিজৰ দেশৰ

প্ৰত্যেকেই শ্বহীদ নিজৰ দেশৰ

প্ৰকাশিত তাৰিখঃ ১৯ ডিচেম্বৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

সকলো বিদ্ৰোহেই এটা সময়ত গৈ জনমানসৰ পৰা মচ খায়গৈ। কাৰণ ই আমাৰ দৰে তৰাং মনৰ মানুহৰ মনত ভালদৰে ৰেখাপাত নকৰে। বিপ্লৱ বিৰোধী সকলৰ বাবে সকলো বিপ্লৱেই মানুহৰ মন খেলিমেলি লগায় বাবে তাক মচি পেলাব লাগে।

ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ ১৮৫৭ চন– তাৰ পৰা ৪ বছৰৰ পিছতেই অসমৰ মহান কৃষক বিদ্ৰোহ– ফুলগুৰিৰ ধেৱা– ১৮৬১ য’ত ৫৪ জন কৃষক শ্বহীদ। বুৰঞ্জীৰ পাতৰ পৰা কোনে মচিব পাৰে? দেশপ্ৰেমী সকলৰ মনৰ পৰা কোনে মচিব?

ভাৰতবৰ্ষৰ ঔপনিবেশিক যুগৰ আৰম্ভণি– ১৭৫৭ চন। কিন্তু ভাৰতীয় জনগণে ১৮৫৭ চনলৈকে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে থিয় দিছিল নে? ১৭৬৪ চনৰ সৈন্যাসী অবিদ্ৰোহ কি আছিল? তাৰ পৰা ১৮৫৭ চনলৈ আৰু ১৮৫৭–১৯৪৭ চনলৈ?

প্ৰাক্‌ ঔপনিবেশিক যুগৰ অসমত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ ইয়াণ্ডাবু সন্ধি। তাৰ আগতে স্বৰ্গদেউ গৌৰীনাথ সিংহই সাম্ৰাজ্যবাদী শক্তিক বৰপিৰা পাৰি দিওঁতে ১৭৯২–১৭৯৪ লৈ অসমৰ প্ৰজাই মাত মতা নাছিল নেকি? কেপ্টেইন ৱেইলছৰ বাহিনীয়ে ৩০০ ঘৰ জ্বলাই দিছিল, ৮০ জন কৃষকক হত্যা কৰিছিল। বুৰঞ্জীত তেওঁলোকৰ স্থান আছে– পাহৰিলে ভুল হ’ব।

১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিচত ১৮২৮ চনৰ গমধৰৰ বিদ্ৰোহ। তৰাতলি ক্ষেত্ৰত ৩০০ বিঘা মাটিত কোনে আৰু কিহৰ অনুশীলন কৰিছিল?

তাৰ পিছত পিয়লি বৰফুকন সকলৰ পৰা আৰম্ভ কৰি ১৮৩৯ চনৰ শদিয়াখোৱা ৰণুৱা গোহাঁইসকলৰ বিদ্ৰোহ ইংৰাজ বিৰোধী নাছিল নেকি? ১৮২৮ চনৰ পৰা ১৯৩৯ চনলৈ ইংৰাজৰ বিৰুদ্ধে থিয় হোৱা এইসকল খেতিয়কৰ কথা পাহৰিলে নহ’ব। মণিৰাম দেৱান, কন্দৰ্পেশ্বৰ সিংহ সকলৰ সম্পৰ্ক ১৮৫৭ চনৰ লগতহে।

মণিৰামৰ ফাঁচি হ’ল লগৰীয়া সকলৰ জে’ল হ’ল, সম্পতি বাজেয়াপ্ত হ’ল। কন্দৰ্পেশ্বৰ সিংহসকল ক’লৈ গ’ল, ৰাজকাৰেং কি হ’ল?

মালিক ইংৰাজৰ, দখলদাৰী ইংৰাজৰ বাকিংহাম প্ৰাসাদ আজিও অটুট। আমাৰ দেশৰ পৰা লুটি–পুটি নিয়া সম্পদসমূহ লণ্ডনত। ১৯৪৭ চনৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ/ সন্ধি (Treaty) চৰ্তসমূহ আজি ভাৰতৰ নতুন পুৰুষে জানিব বিচাৰে। নতুন পুৰুষৰ প্ৰশ্নবোৰৰ উত্তৰ ঠিক কৰক আৰু জনাওক– সকলোকে।

স্বৰ্গদেউ চক্ৰধ্বজ সিংহ আৰু বৰফুকন লাচিতৰ দিনত ১৬৬৯ চনৰ ৫ আগষ্ট তাৰিখে এদিনৰ আলাবৈ ৰণত ১০ হেজাৰ খেতিয়ক সৈন্য খতম। আজিৰ অসমীয়াই সেইদিনটো পাহৰি যোৱা নাই। তাৰ পিছত ১৬৭১ চনৰ শৰাইঘাটৰ যুদ্ধ ৰামসিংহ বাহিনীৰ লগত– মানাহ পৰ্যন্ত দখল– যদিও ক্ষণস্থায়ী। ১৭৮২ চনত স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতহে মোগল মুক্ত অসম– ১৩৪ বছৰলৈ।

তাৰ পিছত? মানৰ আক্ৰমণ, অসম সেনা চেদেলি–ভেদেলি, মানৰ দখলত অসম আৰু চুড়ান্তভাৱে ব্ৰিটিছৰ দখল অসম– ১৪ আগষ্ট ১৯৪৭ পৰ্যন্ত। মহাৰাণীৰ পৰা মুক্তি– ১৫ আগষ্টৰ পৰা।

১৯৬২ চনৰ ২০ অক্টোবৰৰ পৰা ২০ নৱেম্বৰ পৰ্যন্ত চুবুৰীয়া চীনৰ লগত যুদ্ধ। য’ত চাৰি হেজাৰ কৃষকৰ সন্তান সৈনিক শ্বহীদ, ঘাইল বা অপহৃত। ৪০০ জন বন্দী। এই কৃষক সন্তান সকলৰ কথা মনত ৰখা নাই কিয়?

মোৰ মতে সকলো যুদ্ধই প্ৰকৃতে কৃষক–শ্ৰমিক আৰু তেওঁলোকৰ সন্তানসকলে অংশ লোৱা মুক্তি যুদ্ধ। প্ৰত্যেকেই শ্বহীদ নিজৰ দেশৰ।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward