Wednesday, April 24, 2024
HomeNEWSৰাণী–তিনিআলি পথত বাইক দূৰ্ঘটনা

ৰাণী–তিনিআলি পথত বাইক দূৰ্ঘটনা

প্ৰকাশিত তাৰিখঃ ১৯ ডিচেম্বৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ৰাণী–তিনিআলি পথৰ তাৰাপতিত আজি ৰাতিপুৱা এক বাইক দূৰ্ঘটনা সংঘটিত হয়। সেই সময়ত আৰোহীজনে বাইকত শাক–পাচলিৰ বোজাই লৈ তিনিআলিৰ পৰা ৰাণী বজাৰ অভিমুখে আহি আছিল। তেনে সময়তে ৰাণীৰ দিশৰ পৰা অহা শিল ভৰ্তি ডাম্পাৰ এখনে মহতিয়াই নিয়াৰ ফলত বাইক আৰোহীজন দূৰৈত চিটিকি পৰে। ঘটনা সংঘটিত কৰিয়েই শিল ভৰ্তি ডাম্পাৰখন তীব্ৰ বেগত গুচি যায়। লগেলগে ঘটনাস্থলীত বহুলোকৰ সমাগম হয় আৰু আৰোহীজনক ততালিকে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে। বৰ্তমান লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, শিল–মাটি–বালি কঢ়িওৱা ডাম্পাৰবোৰৰ বিশৃংখল চলাচলত পথাচাৰীসকল জীয়াতু ভূগিবলগা হৈছে। বিগত দিনবোৰত বহু পথাচাৰীৰ জীৱন হানি হৈছে। এই সন্দৰ্ভত অঞ্চলটোৰ ঠায়ে ঠায়ে ৰাইজে প্ৰতিবাদ পৰ্যন্ত কৰি আহিছে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward