Saturday, April 20, 2024
Homeবাতৰিপঞ্চায়ত সভাপতিক অপসাৰণ কৰিব পৰা ক্ষমতা লাভ কৰিব গাঁও সভাই

পঞ্চায়ত সভাপতিক অপসাৰণ কৰিব পৰা ক্ষমতা লাভ কৰিব গাঁও সভাই

প্ৰকাশিত তাৰিখঃ ৫ মাৰ্চ, ২০১৮

চি এন ডেক্স

ৰাইজক বঞ্চিত কৰি গাঁও পঞ্চায়তৰ সভাপতি পদত অধিস্থিত হৈ থাকিব পৰাটো আৰু সহজ নহ’ব। কিয়নো অসম চৰকাৰে পঞ্চায়তীৰাজ আইন সংশোধন কৰিব য’ত সভাপতিজনক অপসাৰণ কৰিব পৰা ক্ষমতা লাভ কৰিব গাঁওসভাই। দূৰ্নীতিৰ অভিযোগ উঠিলে যিকোনো পৰিস্থিতে গাঁওসভাই সভাপতিগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি দায়িত্বৰ পৰা অপসাৰণ কৰিব পাৰিব।

পূৰ্বৰ পঞ্চায়তীৰাজ আইন অনুসৰি পঞ্চায়ত সভাপতিগৰাকীৰ কাৰ্য প্ৰণালীত অসন্তুষ্ট হ’লে অকল নিৰ্বাচিত সদস্যসকলেহে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব পাৰিছিল। সেই অনাস্থা প্ৰস্তাৱে যদি সংখ্যা গৰিষ্ঠতা লাভ কৰে তেতিয়াহে সভাপতিগৰাকীক অপসাৰণ কৰিব পৰা ব্যৱস্থা আছিল।  

বৰ্তমান অসম চৰকাৰে কেবিনেট বৈঠকত পঞ্চায়তীৰাজ আইন সংশোধনৰ জৰিয়তে পঞ্চায়তীৰাজ ব্যৱস্থাত আমূল পৰিৱৰ্তন অনাৰ পোষকতা কৰিছে। এই আইনখন যদি বিধানসভাত গৃহীত হয় তেনেহ’লে শিক্ষিত লোকসকল গাঁও পঞ্চায়তত প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। তদুপৰি দুৰ্নীতিৰে সম্পত্তি গঢ়া পঞ্চায়ত সভাপতিসকলৰ বিৰুদ্ধে অভিযোগ উঠিলে বিহীত ব্যৱস্থাৰে অপসাৰণ কৰিব পৰা ক্ষমতা ৰাইজৰ হাতত থাকিব।

উল্লেখযোগ্য যে, পূৰ্বতে গাঁও পঞ্চায়তত প্ৰতিদ্বন্দিতা কৰিবলৈ শিক্ষাগত অৰ্হতা নিৰ্ধাৰণ কৰা নাছিল। সেয়ে নুন্যতম শিক্ষা নথকাসকলেও নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছিল আৰু তেনেবোৰ প্ৰাৰ্থীয়ে নিৰ্বাচনত জয়ী হৈ পঞ্চায়তৰ শাসনভাৰ চলাইছিল। বহুক্ষেত্ৰত দেখা গৈছিল শিক্ষাগত অৰ্হতা থকা লোকতকৈ শিক্ষাগত অৰ্হতা নথকা লোক বেছি আছিল।

যদি সংশোধনী পঞ্চায়তীৰাজ আইনখন বিধান সভাত গৃহীত হয় তেনেহ’লে নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাবে অতিকমেও স্নাতক ডিগ্ৰী, আঞ্চলিক পঞ্চায়তৰ বাবে উচ্চতৰ মাধ্যমিক আৰু গাঁও পঞ্চায়ত সভাপতিৰ বাবে অষ্টম শ্ৰেণী উত্তীৰ্ণ হোৱা হ’ব লাগিব। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই প্ৰস্তাৱ গ্ৰহণ কৰি কেবিনেটত দাখিল কৰা বুলি এক সূত্ৰত প্ৰকাশ।

অৱশ্যে অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ ক্ষেত্ৰত শিক্ষাগত অৰ্হতাসমূহ কিছু পৰিমাণে শিথিল কৰিছে। সেই অনুসৰি জিলা পৰিষদৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত উচ্চতৰ মাধ্যমিক, আঞ্চলিক পঞ্চায়তৰ ক্ষেত্ৰত মেট্ৰিক উত্তীৰ্ণ আৰু গাঁও পঞ্চায়তৰ ক্ষেত্ৰত অষ্টম শ্ৰেণী উত্তীৰ্ণকে বাহাল ৰখা হয়।  

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward