Tuesday, April 23, 2024
Homeবাতৰিঅসমীয়া ভাষাক এলাগী কৰিলে মাইক্ৰ’ছ’ফট কোম্পানীয়ে

অসমীয়া ভাষাক এলাগী কৰিলে মাইক্ৰ’ছ’ফট কোম্পানীয়ে

প্ৰকাশিত তাৰিখঃ ৫মাৰ্চ, ২০১৮

চি এন ডেক্স

অসমীয়া ভাষাৰ ওপৰত আঘাতৰ উপৰিও আঘাত। প্ৰযুক্তি জগতত পুনৰবাৰ অসমীয়া ভাষাটোক এলাগী কৰিলে মাইক্ৰ’ছ’ফট নামৰ কোম্পানীটোৱে। অসমীয়াৰ বাবে এয়া চৰম দূৰ্ভাগ্যজনক।

উল্লেখযোগ্য, যোৱা ২১ ফেব্ৰুৱাৰীত ‘বিশ্ব মাতৃভাষা দিৱস’ উপলক্ষে এক আঁচনি ঘোষণা কৰিছিল তথ্য–প্ৰযুক্তি জগতৰ বিশ্বখ্যাত মাইক্ৰ’ছ’ফট কোম্পানীয়ে। উক্ত আঁচনিমতে ভাৰতীয় ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে নিজ নিজ ভাষাত ই–মেইল আই ডি খুলিব পাৰিব। সেই অনুসৰি মাইক্ৰ’ছফটে উত্তৰ–পূৰ্বাঞ্চলৰ বড়ো, মণিপুৰী, নেপালী, বঙালীকে আদি কৰি ভাৰতৰ ১৫টা ভাষাক নিৰ্বাচন কৰিছিল। কিন্তু নিৰ্বাচিত এই পোন্ধৰটা ভাষাৰ তালিকাত অসমীয়া ভাষাটো নাই।

ইউনিকোডত অসমীয়া ভাষাৰ নিজা চিনাকী নাই আছে বঙালীৰ উপ–ভাষা হিচাপেহে। দীৰ্ঘদিন ধৰি প্ৰযুক্তি জগতত অসমীয়া ভাষাৰ স্বকীয়তা স্বীকৃতিৰ বাবে যুঁজ দি আহিব লগা হৈছে। কিন্তু ইমানৰ পিচতো পুনৰবাৰ এলাগী কৰিলে অসমীয়া ভাষাক।

ইণ্টাৰনেট ব্যৱহাৰকাৰীসকলে ইংৰাজীৰ লগতে উক্ত আঁচনিৰ তালিকাভূক্ত স্থানীয় ভাষাকেইটাত নিজৰ নিজৰ ই–মেইল আই ডি খোলাৰ সুবিধা থাকিব। ইয়াৰ বাবে ব্যৱহাৰকাৰীজনে কম্পিউটাৰত outlook.com টাইপিং কৰি client ৰূপে প্ৰৱেশ কৰিব লাগিব। এই পদ্ধতি প্ৰয়োগ কৰি ব্যৱহাৰকাৰীজনে নিজৰ ভাষাত মেইল পঠিয়াব পাৰিব। উক্ত ঠিকনাৰে মাইক্ৰ’ছ’ফটৰ সহযোগী কোম্পানী কিছুমানৰ এপ্লিকেচন ব্যৱহাৰ কৰি বাৰ্তা বিনিময় কৰিব পাৰিব।

মাইক্ৰ’ছ’ফটে তালিকাভূক্ত কৰা স্থানীয় ভাষাবোৰৰ মান ইউনিকোড সমৰ্থিত। XgenPlus এই আৰ্হিৰে ব্যৱহাৰকাৰীজনে থাৰ্ডপাৰ্টি ই–মেইল প্ৰভাইডাৰৰ জৰিয়তে নিজ নিজ একাউণ্ট সমূহ পঞ্জীয়ন কৰিব লাগিব।

ইপিনে, মাইক্ৰ’ছ’ফটে ইউকোড সমৰ্থিত সকলোবোৰ লিপিৰ ই–মেইল ঠিকনা খুলিব পৰা ব্যৱস্থা গ্ৰহণ কৰি থকা বুলি জানিব পৰা গৈছে। এয়া যদি সম্ভৱপৰ হয় তেনেহ’লে অসমীয়াৰ লগতে ইউকোড মান সমৰ্থিত সকলোবোৰ ভাষাতে ই–মেইল আই ডি খোলাটো সম্ভৱ হৈ পৰিব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward