Friday, April 19, 2024
Homeবাতৰিপ্ৰতিভা ব্ৰহ্ম ট্ৰাইফেড’ৰ প্ৰথমগৰাকী মহিলা উপাধ্যক্ষ

প্ৰতিভা ব্ৰহ্ম ট্ৰাইফেড’ৰ প্ৰথমগৰাকী মহিলা উপাধ্যক্ষ

প্ৰকাশিত তাৰিখঃ ২৮ মে’ ২০১৮

চি এন ডেক্স

স্তম্ভ লেখিকা প্ৰতিভা ব্ৰহ্মক ট্ৰাইবেল কো’অপাৰেটিভ মাৰ্কেটিং ডেভেলপমেণ্ট ফেডাৰেশ্যন লিমিটেড (ট্ৰাইফেড)ৰ সঞ্চালক মণ্ডলীৰ উপাধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ সংস্থাটোৰ উক্ত পদবীত অধিস্থিত হোৱা ব্ৰহ্মই হ’ল প্ৰথমগৰাকী মহিলা।

‘ট্ৰাইফেড’ কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ জনজাতি পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দ্বাৰা গঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সমবায় প্ৰতিষ্ঠান। দেশৰ জনজাতীয় লোকসকলৰ আৰ্থ–সামাজিক বিকাশ সাধনৰ উদ্দেশ্যে এই প্ৰতিষ্ঠান গঠিত কৰা হৈছে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই সমবায় প্ৰতিষ্ঠানটোৰ সাধাৰণ সভা এখন যোৱা ২৫ মে’ত বড়োলেণ্ডৰ প্ৰাণকেন্দ্ৰ কোকৰাঝাৰত অনুষ্ঠিত হৈ যায়। এই সভাতে প্ৰতিষ্ঠানটোৰ সঞ্চালক মণ্ডলীৰত নতুনকৈ নিৰ্বাচিত ১১ গৰাকী সদস্যৰ হাতত দায়িত্বভাৰ অৰ্পণ কৰে।

দেশত জনজাতিসকলে উৎপাদন কৰা সামগ্ৰীৰ মান যথেষ্ট উন্নত। সেয়ে উৎপাদিত সামগ্ৰীৰ বাবে এখন নিৰ্দিষ্ট বজাৰৰ সৃষ্টি কৰি জনজাতিসকলক অৰ্থনৈতিকভাৱে জীৱন–ধাৰণৰ মান উন্নত কৰাই হ’ল ট্ৰাইফেড’ৰ লক্ষ্য।

নৱনিৰ্বাচিত উপাধ্যক্ষ প্ৰতিভা ব্ৰহ্মই কয় যে, পৰম্পৰাগত কাম–কাজত সুকীয়া দক্ষতা আছে উত্তৰ–পূৰ্বাঞ্চলৰ জনজাতি মহিলাসকলৰ। এই দক্ষতাসমূহ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে অধিক উন্নত কৰাৰ প্ৰয়োজন। সেয়ে জনজাতি লোকসকলৰ উন্নয়নত অধিক গুৰুত্ব দি আন্তৰিকতাৰে কাম কৰি যাব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward