Thursday, April 18, 2024
Homeবাতৰিআছু সহ ২৮ জনগোষ্ঠীয় সংগঠনৰ গণ–অনশন কাৰ্যসূচীত ৰাজ্যৰ বিশিষ্ট নাগৰিক, দল সংগঠনৰ...

আছু সহ ২৮ জনগোষ্ঠীয় সংগঠনৰ গণ–অনশন কাৰ্যসূচীত ৰাজ্যৰ বিশিষ্ট নাগৰিক, দল সংগঠনৰ সমৰ্থন

প্ৰকাশিত তাৰিখঃ ৪ জুন’ ২০১৮

চি এন ব্যুৰ’

অবৈধ বাংলাদেশীক সুৰক্ষা প্ৰদান কৰিব পৰা নাগৰিকত্ব সংশোধনী বিল– ১৬ৰ বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা (আছু) আৰু ২৮ টা জনগোষ্ঠীয় সংগঠনৰ আহ্বানত পালন কৰে এক গণ অনশন কাৰ্যসূচী। এই কাৰ্যসূচীত ৰাজ্যৰ বিশিষ্ট নাগৰিক, কৰ্মচাৰীৰ কেইবাটাও দল–সংগঠন আৰু শিল্পী সমাজে অংশগ্ৰহণ কৰে। যোৱা ২৯মে’ত গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত পুৱা ৬ বজাৰ পৰা বিয়লি ৫বজালৈ এঘাৰ ঘণ্টীয়া এই গণ অনশন কাৰ্যসূচী পালন কৰা হয়।

অসমৰ জাতি–জনগোষ্ঠীৰ স্বকীয়তাৰ প্ৰতি ভাবুকিস্বৰূপ এই বিধেয়কখনৰ বিৰোধিতাৰে ঐক্যবদ্ধভাৱে গণ–অনশন  কাৰ্যসূচীত অংশগ্ৰহণ কৰা সংগঠনবোৰ হ’ল– সদৌ অসম ছাত্র সন্থা, সদৌ অসম ট্রাইবেল সংঘ, নিখিল বড়ো ছাত্র সন্থা, নিখিল ৰাভা ছাত্র সন্থা, সদৌ মিচিং ছাত্র সন্থা, সদৌ অসম কাৰ্বি ছাত্র সন্থা, সদৌ ডিমাচা ছাত্র সন্থা, সদৌ তিৱা ছাত্র সন্থা, সদৌ অসম দেউৰী ছাত্র সন্থা, সদৌ টাই আহোম ছাত্র সন্থা, সদৌ কোঁচ–ৰাজবংশী ছাত্র সন্থা, অসম চাহ জনজাতি ছাত্র সন্থা, সদৌ মৰাণ ছাত্র সন্থা, সদৌ অসম শৰণীয়া কছাৰী ছাত্র সন্থা, তিৱা যুৱ–ছাত্র সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্র সন্থা, কাৰ্বি ছাত্র সন্থা, সদৌ অসম মটক যুৱ–ছাত্র সন্মিলন, সদৌ অসম আদিবাসী ছাত্র সন্থা, সদৌ অসম গোৰ্খা ছাত্র সন্থা, সদৌ অসম মদাহী ছাত্র সন্থা, সদৌ অসম হাজং ছাত্র সন্থা, সদৌ অসম চুতীয়া ছাত্র সন্থা, উত্তৰ কাছাৰ পাৰ্বত্য খিলঞ্জীয়া ছাত্র ফ’ৰাম, সদৌ অসম ট্রাইবেল যুৱ লীগ, মেচ–কছাৰী জাতীয় পৰিষদ, মিচিং মিমাগ কেবাং, সদৌ অসম গৰিয়া–মৰিয়া দেশী জাতীয় পৰিষদ।  

গণ–অনশন কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনে এই বিল বাতিল কৰিবই লাগিব কোনো কাৰণতে জাতিধ্বংসী বিল মানি লোৱা নহয় বুলি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক কঠোৰভাৱে সকিয়াই দিয়ে। লগতে এই গণ–অনশনৰ জৰিয়তে অসম চুক্তিক নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী কৰিবলৈ নিৰ্দিষ্ট সময় সূচী ঘোষণা কৰা, অসম চুক্তিৰ আধাৰত অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰা, ভাৰত–বাংলাদেশ সীমান্ত ক্ষিপ্ৰভাৱে ছীল কৰা, অসম চুক্তিৰ আধাৰত অবৈধ বাংলাদেশীক বহিষ্কাৰৰ বাবে ভাৰত–বাংলাদেশৰ মাজত দ্বি–পাক্ষিক চুক্তি সম্পাদনৰ বাবে দাবী সাব্যস্ত কৰিছে।

সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মত প্ৰকাশ কৰে– কেন্দ্ৰীয় চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিব পৰা এই বিধেয়ক বাতিল কৰিবই লাগিব। এই সংক্ৰান্তত ২০১৪ চনৰ পৰা সংগ্ৰাম চলি আছে আৰু ধাৰবাহিকভাৱে সংগ্ৰাম চলি থাকিব। অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ বাবে সময় নিৰ্ধাৰিত কৰা, জাতিক সাংবিধানিক ৰক্ষাকৱচ প্ৰদান কৰা লগতে ভাৰত–বাংলা সীমান্ত ছীল কৰাৰ বাবে তেখেতে দাবী উত্থাপন কৰে।

বিশিষ্ট বুদ্ধিজীৱী ড হীৰেন গোহাঁই, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূঞা, সাংবাদিক অদীপ ফুকন, নিতুমণি শইকীয়া, অসম সাহিত্য সভাৰ সভাপতি ড পৰমানন্দ ৰাজবংশী, আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, কথাছবি পৰিচালক জাহ্নু বৰুৱা, বাণী দাস, সংগীত শিল্পী সমৰ হাজৰিকা, জুবিন গাৰ্গ, মনীষা হাজৰিকা, তৰালী শৰ্মা, লেখক চৈয়দ চাদুল্লা, ময়ূৰ বৰা, মাইনী মহন্ত, অভিনেতা অতুল পাঁচনী, অৰুণ হাজৰিকা অভিনেত্ৰী মাধুৰিমা চৌধুৰীৰ লগতে ৰাজ্যৰখনৰ সাহিত্য–সংস্কৃতিৰ সৈতে জড়িত ভালেসংখ্যক লোক উপস্থিত থকা পৰিলক্ষিত হয়।

অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ কেইবাগৰাকীও প্ৰতিনিধিয়ে কৰ্তব্যৰ পৰা ছুটী লৈ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সমগ্ৰ অসমত বিস্তৃত হৈ থকা সন্মিলনীৰ লক্ষাধিক সদস্যৰ লগতে ৰাষ্ট্রীয় পৰ্যায়ত ২৩ লাখ সদস্যৰে গঠিত অখিল ভাৰতীয় প্রাথমিক শিক্ষক সংঘৰ জৰিয়তে জনমত সৃষ্টি কৰি জাতিধবংসী নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে অব্যাহত থকা সংগ্রামখনত পূৰ্ণ সহযোগ যাব বুলি সন্মিলনীৰ সভাপতি জীৱন চন্দ্র বৰা আৰু প্রধান সম্পাদক ৰাতুল চন্দ্র গোস্বামীয়ে ছাত্র সন্থা আৰু ২৮ জনগোষ্ঠীয় সংগঠনক অৱগত কৰে।  

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাৰ অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’ব। সেয়ে অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তিবৰ্ষ হিচাপে লৈ বিদেশী বহিষ্কাৰ কৰিব লাগে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰিবলৈ দাবী উত্থাপন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি প্ৰমোদ বড়োৱে।

আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত অব্যাহত থকা শান্তি আলোচনা প্ৰক্ৰিয়াৰ পৰা আঁতৰি অহাৰ হুংকাৰ দিয়ে। এতিয়াও ৰাজ্যৰ বহু যুৱক–যুৱতী সশস্ত্ৰ সংগ্ৰামৰ বাবে জংঘললৈ গৈ থকা বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য ব্যক্ত কৰে।

সদৌ অসম ছাত্ৰ সন্থাৰ লগত ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰি যোৱাৰ কথা প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি ড পৰমানন্দ ৰাজবংশী আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাই।

বড়ো সাহিত্য সভা, ডিমাচা সাহিত্য সভা, কাৰ্বি সাহিত্য সভাকে ধৰি কেইবাটাও জনজাতীয় সাহিত্য সভাইয়ো এই গণ–অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

প্ৰাক্তন মুখমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, কংগ্ৰেছ দলৰ নেতা অপূৰ্ব ভট্টাচাৰ্য, কিশোৰ ভট্টাচাৰ্য আদি আছুৰ প্ৰাক্তন নেতাসকলেও উক্ত গণ–অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

অৰুণাচল বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড অন্নদাচৰণ ভাগৱতী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড হীৰালাল দুৱৰা আৰু ড অমৰজ্যোতি চৌধুৰীয়ে অনশনকাৰীক পানী আগবঢ়োৱাৰ পিচত প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পৰে আবেলি পাঁচ বজাত।

আনহাতে, যোৱা ১জুন শুক্ৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আলোচনাৰ বাবে খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয় প্ৰেক্ষাগৃহত আছু সহ ২৮ জনগোষ্ঠীয় সংগঠনক আমন্ত্ৰণ কৰে। অসম চুক্তি ৰূপায়ণ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কেইবাঘণ্টা ধৰি আলোচনা চলিল। কিন্তু বিধেয়কখন বাতিল অথবা বিৰোধ কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কোনো কথা স্পষ্ট নকৰা বুলি আলোচনাত উপস্থিত থকা সংগঠনসমুহৰ নেতৃবৃন্দই প্ৰকাশ কৰিছে।

 

শিৰোনামৰ ফটোঃ ব্যুৰ’ ফটো

 

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward