Thursday, April 25, 2024
Homeবাতৰিজ্যোতি প্ৰসাদৰ তামোলবাৰীৰ বাসগৃহ এক সংগ্ৰহালয়ৰূপে গঢ়ি তুলিব

জ্যোতি প্ৰসাদৰ তামোলবাৰীৰ বাসগৃহ এক সংগ্ৰহালয়ৰূপে গঢ়ি তুলিব

প্ৰকাশিত তাৰিখঃ ৪ জুন’ ২০১৮

চি এন ডেক্স

ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত তামোলবাৰী চাহ বাগিচাৰ ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ ঐতিহ্যমণ্ডিত বাসগৃহ সংৰক্ষণ কৰি এক সংগ্ৰহালয়লৈ ৰূপান্তৰ কৰাৰ বাবে পৰিকল্পনা কৰিছে জিলা প্ৰশাসনে। অলপতে সমষ্টিটোৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা আৰু জিলা উপায়ুক্ত লয়া মাদ্দুৰী বাগিচাখনত উপস্থিত হৈ উক্ত বাসগৃহ পৰিদৰ্শন কৰে।

উল্লেখযোগ্য যে, বাগিচাখনত পৰিত্যক্ত হৈ থকা বাসগৃহক তেখেতেৰ কৰ্মৰাজী প্ৰতিফলিত কৰিব পৰা সংগ্ৰহালয়লৈ ৰূপান্তিৰত কৰি ৰাইজ আৰু পৰ্যটকৰ বাবে মুকলি কৰি দিয়া সন্দৰ্ভত বিশদভাৱে আলোচনা কৰে। এইক্ষেত্ৰত জিলা প্ৰশাসনক পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি বাগিচা কৰ্তৃপক্ষই এই আলোচনাকালতে সন্মতি প্ৰকাশ কৰে।

ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, স্থানীয় বিধায়ক ঋতুপৰ্ণ বৰুৱা, জিলা উপায়ুক্ত লয়া মাদ্দুৰী, বিশিষ্ট চলচ্চিত্ৰ পৰিচালক চাৰুকমল হাজৰিকাক লৈ এখন কমিটি গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে।

অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলাৰ আঞ্চলিক সমিতিৰ সম্পাদক আদিত্য শইকীয়াই জিলা প্ৰশাসনৰ এই পদক্ষেপক সময়োপযোগী কাৰ্যসূচী বুলি ভুয়সী প্ৰশংসা কৰে। সাহিত্য সভাই দীৰ্ঘদিনৰ পৰাই জিলা প্ৰশাসনৰ ওচৰত এই দাবী কৰি অহা বুলি প্ৰকাশ কৰে। স্থানীয় বিধায়ক আৰু জিলা উপায়ুক্তগৰাকীয়ে উচিত সময়তে এই পদক্ষেপ গ্ৰহণ কৰি জনতাৰ শিল্পী জ্যোতিপ্ৰসাদৰ প্ৰতি উচিত সন্মান প্ৰদৰ্শন কৰা বুলি উল্লেখ কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward