Thursday, April 25, 2024
Homeবাতৰিৰাষ্ট্ৰীয় জনজাতি আয়োগৰ সঁজাতি দল ৰাভা হাছঙত উপস্থিত

ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ সঁজাতি দল ৰাভা হাছঙত উপস্থিত

প্ৰকাশিত তাৰিখঃ ৪ জুন’ ২০১৮

চি এন ডেক্স

ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ (এন চি এছ টি) অধ্যক্ষ নন্দ কুমাৰ সাইৰ নেতৃত্বত এটি সঁজাতি দল যোৱা ২৯ মে’ত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদত উপস্থিত হয়। ১৯৯৫ চনত গঠন হোৱা পৰিষদখনৰ সমস্যা সন্দৰ্ভত বিশদবাৱে জানিবলৈ পোনপ্ৰথমবাৰৰ বাবে পদাৰ্পন সঁজাতি দলটোৰ।

আয়োগৰ অধ্যক্ষৰ নেতৃত্বত অহা সঁজাতি দলটিয়ে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত উপস্থিত হয়। পৰিষদৰ প্ৰধান সচিব দেৱকুমাৰ কলিতাৰ উপস্থিতিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য, কাৰ্যবাহী সদস্যসকলৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাৰ সময়ত মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই পৰিষদৰ সমস্যা সন্দৰ্ভত আয়োগৰ হাতত প্ৰদান কৰে এক স্মাৰক–পত্ৰ।

বহু সময় ধৰি কৰা আলোচনাৰ অন্তত ৰাষ্ট্ৰীয় জনজাতি আয়োগে এখন সংবাদ মেল আয়োজন কৰে। এই সংবাদমেলত আয়োগৰ অধ্যক্ষ নন্দ কুমাৰ সাই কয়– প্ৰায় ৬লাখ জনসংখ্যাৰে গঠন হোৱা স্বায়ত্তশাসিত পৰিষদখনত এইপৰ্যন্ত চৰকাৰে উপযুক্তভাৱে পুঁজি আবণ্টন দিয়া নাই। সেয়ে বিষয়টো মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰা হ’ব বুলি ব্যক্ত কৰে। চুক্তিত উল্লেখ থকা ৩৪টা বিভাগ ৰাজ্য চৰকাৰে পৰিষদখনক এইপৰ্যন্ত কিয় হস্তান্তৰ কৰা নাই সেই সন্দৰ্ভতো চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিব বুলি অধ্যক্ষগৰাকীয়ে জানিব দিয়ে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্তিৰ বাবে যদি অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন পঠিয়াই তেনেহ’লে বিষয়টো আয়োগে চিন্তা–চৰ্চা কৰিব বুলিও উল্লেখ কৰে।

সংবাদ মেলৰ অন্তত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই পোনপ্ৰথমবাৰ ৰাভা হাছঙত ৰাষ্ট্ৰীয় জনজাতি আয়োগৰ সঁজাতী দলৰ উপস্থিতিয়ে এক ইতিহাস সৃষ্টি কৰা বুলি প্ৰকাশ কৰে। পৰিষদীয় এলেকাৰ ৰাইজে কৰি অহা দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্ততহে নিৰ্বাচন অনুষ্ঠিত হৈছিল। নিৰ্বাচিত পৰিষদখনে ভোগ কৰি থকা সমস্যাৰ বিষয়ে জানিবলৈ ৰাষ্ট্ৰীয় জনজাতি আয়োগ উপস্থিত হোৱাত আমি বাৰুকৈয়ে আনন্দিত। আয়োগৰ হাতত অৰ্পন কৰা স্মাৰক–পত্ৰৰ যোগেদি পৰিষদে ভোগকৰি অহা সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী।

ইপিনে, নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিয়েও আয়োগৰ অধ্যক্ষৰ হাতত স্মাৰক–পত্ৰ প্ৰদান কৰে। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি তথা পৰিষদীয় এলেকাৰ সমস্যা সমাধানৰ দাবী উল্লেখেৰে এই স্মাৰক–পত্ৰ প্ৰদান কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward