Friday, March 29, 2024
Homeবাতৰিশ্বিলঙৰ খাছি–পঞ্জাবীৰ সংঘৰ্ষৰ আঁৰত থকা কিছু কথা

শ্বিলঙৰ খাছি–পঞ্জাবীৰ সংঘৰ্ষৰ আঁৰত থকা কিছু কথা

প্ৰকাশিত তাৰিখঃ ১১ জুন’ ২০১৮

চি এন ব্যুৰ’

শ্বিলঙৰ ব্যস্ততাপূৰ্ণ ঠাই বৰাবজাৰত সাধাৰণ কথা এটাত তৰ্কা–তৰ্কি হয় খাছি–পঞ্জাবী দুজন ব্যক্তিৰ মাজত। এই তৰ্কা–তৰ্কি কাৰ্যই পৰৱৰ্তী সময়ত সংঘৰ্ষৰ ৰূপ লয়। এই সংঘৰ্ষই ভয়ংকৰ ৰূপ লোৱাত শ্বিলং মহানগৰীত সান্ধ্য আইন জাৰী কৰিবলৈ বাধ্য হয় জিলা প্ৰশাসনে। সংঘৰ্ষৰ পিচত শ্বিলঙত থকা দলিত শিখসকল আতংকত দিন কটাবলগীয়া হৈছে।

সেইদিনা ৩১মে’ বৃহস্পতিবাৰ। যাত্ৰীবাহী বাছ গাড়ী এখনৰ গৰাকী আইলিন ৰয় মাৰবনিয়াং অইন দিনাৰ দৰে সেইদিনাও নিজৰ ভতিজাকৰ লগত গাড়ীখন লৈ ওলাই আহিছিল। দৈনন্দিন ৰখোৱাৰ দৰে সেইদিনাও বৰাবজাৰৰ পাঞ্জাবী লেন (হৰিজন ক’লনি)ত থকা আস্থানত বাছখন ৰখাইছিল। ভতিজাকক আস্থানৰ পৰা গাড়ীখন লাহে লাহে আগুৱাই নিবলৈ কৈ তেওঁ নামি গৈছিল একাপ চাহ খোৱাৰ বাবে। তেনে সময়তে পঞ্জাবী মহিলা এগৰাকী পানীৰ কলহ এটি লৈ ৰাষ্টাটো পাৰ হ’ব খুজিছিল, কিন্তু গাড়ীখন সেই ঠাইত ৰখোৱাৰ বাবে মহিলাগৰাকীয়ে ৰাষ্টাটো পাৰ হ’ব পৰা নাছিল। সেয়ে বাছখন তাত ৰখোৱাৰ বাবে আপত্তি দৰ্শাইছিল। পঞ্জাবী মহিলা এগৰাকীয়ে ভতিজাকক কিবা কৈ থকা দেখি তেওঁ বাছখনৰ ওচৰলৈ আহে আৰু মহিলাগৰাকীৰ সৈতে কিছু তৰ্ক–বিতৰ্ক হয়। ফলত মহিলাগৰাকীয়ে বাছৰ গৰাকী মাৰবনিয়াঙক গালি–গালাজ দি থকাৰ সময়তে ওচৰৰ খাছি দোকানীসকল ঘটনাস্থলীলৈ আগুৱাই আহে। ৰৈ নাথাকিল পঞ্জাবীসকলো। উত্তেজিত হৈ পৰা পঞ্জাবীসকলে শিলগুটি নিক্ষেপ কৰাত বাছখন ক্ষতিসাধন হোৱাৰ লগতে মাৰবনিয়াং সহিতে তিনিগৰাকী ব্যক্তি আহত হয়। আহত তিনিওজন ব্যক্তিকে শ্বিলঙৰ নেইগ্ৰিমছ্‌ হাস্পতালত ভৰ্তি কৰে।

ঘটনাটো সিমানতে অন্ত পৰিল যদিও কিছু সময়ৰ ভিতৰতে পঞ্জাবীৰ হাতত খাছিলোক প্ৰহৃত হোৱা বুলি এক উৰা বাতৰি ছ’চিয়েল মিডিয়াত ৰাষ্ট্ৰ কৰি দিয়ে। এই অপপ্ৰচাৰত শ্বিলঙত জ্বলি উঠিল হিংসাৰ একুৰা জুই। খাছি জনতাই আইন হাতত তুলি ল’লে। শ্বিলঙৰ পৰা বহিৰাগত আঁতৰি যাওক আদি বিভিন্ন ধ্বনি নিগৰিত হ’ল। বাছ পাৰ্কিঙক লৈ সংঘটিত হোৱা সাধাৰণ কাজিয়া এখন পিচত খাছি–পঞ্জাবীৰ সংঘৰ্ষলৈ পৰিণত হ’ল। সংৰ্ষই ভয়ংকৰ ৰূপ লোৱাত পূব খাছি পাহাৰ জিলা প্ৰশাসনে ১৪৪ ধাৰা আইনজাৰী কৰি পৰিস্থিত নিয়ন্ত্ৰণ কৰিব লগা হয়। সম্প্ৰতি পৰিস্থিতি স্বাভাৱিক হোৱাত সান্ধ্য আইন শিথিল কৰিছে যদিও ভিতৰি ভিতৰি হিংসাৰ জুইকুৰা উমি উমি জ্বলিয়েই আছে।

আজি দুশ বছৰ আগতে বৃটিছ চৰকাৰে চাফাই কৰ্মী হিচাপে কেইজনমান পঞ্জাবী দলিত লোকক বৰাবজাৰৰ আজিৰ পঞ্জাবী লেনত সংস্থাপিত কৰিছিল। দুশ বছৰ অতিক্ৰম কৰাৰ পিচতো ভূমিৰ অধিকাৰ লাভ নকৰা এই পঞ্জাবী দলিত সম্প্ৰদায়টোক আজি শ্বিলঙত বহিৰাগত হিচাপে গণ্য কৰে সংখ্যাগৰিষ্ঠ খাছিসকলে। সকলো ক্ষেত্ৰতে প্ৰতাৰিত এই লোকসকল খাছি ৰাজনীতিকৰ বাবে কেৱল ভোট বেংক হিচাপেই ব্যৱহাৰ হৈ আহিছে।

শ্বিলং চহৰৰ মাজমজিয়াত থকা পঞ্জাবী লেন বাণিজ্যিকভাৱে অতি গুৰুত্বপূৰ্ণ আৰু মূল্যবান। সেয়ে পঞ্জাবী লেনৰ ওপৰত সদায় বক্ৰ চকু ৰাখিছিল খাছিসকলে। এই ভূমিৰ পৰা পঞ্জাবীসকলক উৎখাত কৰি তাত এখন বহুমহলীয়া কাৰ পাৰ্কিং নিৰ্মাণৰ বাবে দীৰ্ঘদিনৰ পৰাই ষড়যন্ত্ৰ কৰি আহিছে খাছিসকলে। য’ত মেঘালয় চৰকাৰে বিস্তৃত প্ৰকল্প প্ৰতিবেদন (Details Project Report) পৰ্যন্ত প্ৰস্তুত কৰিছিল। কিন্তু কেন্দ্ৰৰ অনুসূচীত জাতি আয়োগৰ হস্তক্ষেপত এই প্ৰকল্প নিৰ্মাণৰ কাম বাতিল কৰিবলৈ ৰাজ্য চৰকাৰ বাধ্য হৈছিল। 

ইপিনে, ইউ ডি পি নেতা তথা নগৰ পৰিক্ৰমা বিভাগৰ প্ৰাক্তন মন্ত্ৰী প’ল লিংডোই এই পঞ্জাবী লেনত যথেষ্ট সংখ্যক অবৈধ নাগৰিক থকা বুলি অভিযোগৰ আঙুলি টোৱাইছে। ক’লনিখনৰ এক চতুৰ্থাংশ লোকহে শ্বিলং পৌৰ পৰিষদৰ কৰ্মচাৰী বাকীবোৰ অন্য বৃত্তিত জড়িত।

মেঘালয়ত অকল পঞ্জাবীসকলেই হাৰাশাস্তিৰ সন্মুখীন হৈ অহা নাই শ শ বছৰ আগতে তাত বাসকৰা বহুসংখ্যক অসমীয়ালোক আজি সংকটৰ সন্মুখীন হৈ আহিছে। ৰাজ্যখনৰ চূকে–কোণে থকা অসমীয়া পৰিয়ালবোৰৰ আজি নিৰাপত্তা নাই।   

বিগত ২৫ বছৰ লেনৰ বাসিন্দা দলিত পঞ্জাবীসকলক উৎখাতৰ ষড়যন্ত্ৰ চলাই থকা বুলি অভিযোগ কৰে গুৰুদ্বাৰৰ সাধাৰণ সম্পাদক গুৰজিৎ সিঙে। এলেকাটোৰ ৫শতাংশ আবাসীকহে অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ  দিছে। জাতিৰ প্ৰমাণ পত্ৰ পাবলৈ বাকীসকলে যুদ্ধ কৰিব লগা হৈছে। ইয়াৰ মাজতে এটা গুৰুদ্বাৰ, গুৰুনানক এল পি স্কুল আৰু বাল্মিকী মন্দিৰে সন্মতিপত্ৰ লাভ কৰিছে।

শেহতীয়াভাৱে সংঘটিত হোৱা ঘটনাৰ আঁৰত গভীৰ ষড়যন্ত্ৰ থকা বুলি অভিযোগ কৰিছে হৰিজন পঞ্চায়ত কমিটিৰ প্ৰধান বিটু সিঙে। 

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward