Friday, March 29, 2024
Homeবাতৰি‘মেক ইন নৰ্থইষ্ট’ উত্তৰ–পূৰ্বাঞ্চলে নতুন গতি লাভ কৰিব পৰা এক অভিলাষী আঁচনি

‘মেক ইন নৰ্থইষ্ট’ উত্তৰ–পূৰ্বাঞ্চলে নতুন গতি লাভ কৰিব পৰা এক অভিলাষী আঁচনি

প্ৰকাশিত তাৰিখঃ ১১ জুন’ ২০১৮

চি এন ডেক্স

উত্তৰপূৰ্বাঞ্চলে ‘মেক ইন নৰ্থইষ্ট’ আঁচনিৰ জৰিয়তে এক নতুন গতি লাভ কৰিব। এই আঁচনি ৰূপায়ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। অলপতে কেন্দ্ৰীয় ড’নাৰ মন্ত্ৰী ড জীতেন্দ্ৰ সিঙে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে।

আঁচনিখনৰ দ্বাৰা উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত উৎপাদিত সামগ্ৰী সমূহক স্বকীয়তা প্ৰদান কৰি বিশেষ পৰিচয় দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি ব্যক্ত কৰে। সেয়ে আঁচনিখন সাফল্যমণ্ডিত কৰি তুলিবলৈ চৰকাৰ, বিভিন্ন বাণিজ্যিক সংস্থা আৰু ব্যৱসায়িক গোষ্ঠীৰ মাজত সমন্বয় গঢ়ি তুলিব লাগিব বুলিও ড’নাৰ মন্ত্ৰালয়ে উল্লেখ কৰে।

আঁচনিখন ঘোষণাৰ পৰৱৰ্তীকালত মন্ত্ৰী সিঙৰ লগত এখন বৈঠকত অংশগ্ৰহণ কৰে এছ’ছেম’ৰ সচিব প্ৰধান ডি এছ ৰাৱাটে। বৈঠকৰ সময়তে দেশৰ বিভিন্ন ৰাজ্যৰ তুলনাত উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ এক সুকীয়া পৰিচয় আছে, য’ত বিশ্বৰ দৰবাৰত চিনাকী কৰি দিব পৰা প্ৰৱল সম্ভাৱনা থকা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ছিকিমক জৈৱিক ৰাজ্য, মণিপুৰক বয়ন ৰাজ্য আৰু মিজোৰামক বাঁহৰ ৰাজ্য হিচাপে পৰিচয় দিব পৰাৰ সম্ভাৱনা আছে।

যোগাযোগ আৰু পৰিবহন খণ্ডকে আদিকৰি কেন্দ্ৰৰ বৰ্তমান চৰকাৰৰ দিনত বিগত চাৰিটা বৰ্ষত উত্তৰপূৰ্বাঞ্চলত ক্ষীপ্ৰ গতিত উন্নয়ন সম্ভৱ হৈছে। যাৰবাবে ৰাজ্যকেইখনত বিদেশী বিনিয়োগকাৰীসকলে নতুন দুৱাৰ মুকলি কৰিবলৈ আগ্ৰহী হৈ পৰিছে। উত্তৰপূৰ্বাঞ্চলৰ যিকেইখন ৰাজ্যৰ লগত বিদেশী ৰাষ্ট্ৰৰ সীমা সংযুক্ত হৈ আছে, তেনেবোৰ ৰাষ্ট্ৰৰ পৰা গ্ৰাহক লাভ কৰিব পৰা যাব বুলি ব্যক্ত কৰে। বিনিয়োগকাৰীক আকৰ্ষিত কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে বিত্তীয় প্ৰতিষ্ঠানৰ কিছু নিয়ম শিথিল কৰাৰ বাবে চিন্তাচৰ্চা কৰাৰ কথা ব্যক্ত কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward