Friday, April 19, 2024
Homeবাতৰিপ্ৰাকৃতিকভাৱে উৎপাদিত অসমৰ বোকা চাউল ৰপ্তানি হ’ব চীনত

প্ৰাকৃতিকভাৱে উৎপাদিত অসমৰ বোকা চাউল ৰপ্তানি হ’ব চীনত

প্ৰকাশিত তাৰিখঃ ৫ নবেম্বৰ, ২০১৮

চি এন ডেক্স

অসমৰ কৃষকসকলে প্ৰাকৃতিকভাৱে উৎপাদন কৰি অহা বোকা চাউলে (কোমল চাউল) আন্তঃৰাষ্ট্ৰীয় বজাৰ সমূহত সমাদৰ লাভ কৰিছে। সম্প্ৰতি ৰাজ্যখনৰ কৃষকসকলে উৎপাদন কৰা বোকা চাউল ৰপ্তানি হ’ব চীন দেশত। এই সংবাদে প্ৰাকৃতিকভাৱে খেতি–বাতি কৰি অহা কৃষকসকলৰ বাবে এক আশা কঢ়িয়াই আনিছে।  

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰ্যালয়ৰ অধীনস্থ তথা দেশৰ আগশাৰীৰ ৰপ্তানিকাৰী সংস্থা এপেডা’ই অসম তথা উত্তৰ–পূৰ্বাঞ্চলীয় ৰাজ্যকেইখনৰ পৰা কৃষি উৎপাদন ৰপ্তানিৰ ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে বিভিন্ন পদক্ষেপ। ইতিমধ্যে অসমৰ উৰহী, ত্ৰিপুৰাৰ কঁঠাল, মেঘালয়ৰ আনাৰস, কমলা আদি কৃষি উৎপাদন বৈদেশিক ৰাষ্ট্ৰ সমূহত ৰপ্তানি কৰিছে।

অহা ৫ নবেম্বৰৰ পৰা ছাংহাইত ছদিনীয়াকৈ আৰম্ভ হ’ব চীন আন্তঃৰাষ্ট্ৰীয় এক্সপ’। চীন আন্তঃৰাষ্ট্ৰীয় আমদানি এক্সপ’ ব্যুৰ’ আৰু ছাংহাই নেচনেল এগজিভিছন এণ্ড কনভেনছন চেণ্টাৰ কোম্পানী লিমিটেডে প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিছে এই এক্সপ’। য’ত ৰাষ্ট্ৰ সংঘৰ ঔদ্যোগিক উন্নয়ন বিভাগ আৰু বিশ্ব বাণিজ্য সংস্থাই সহযোগিতা আগঢ়াইছে। আন্তঃৰাষ্ট্ৰীয় এই এক্সপ’ত অংশ গ্ৰহণ কৰিবলগীয়া এপেডা’ই নিজৰ ষ্টলত প্ৰদৰ্শন কৰিব অসমৰ বোকা চাউল লগতে অৰুণাচল প্ৰদেশৰ কিৱি নামৰ এবিধ ৰসাল ফলৰ।

উল্লেখযোগ্য যে, অসম তথা উত্তৰ–পূৰ্বাঞ্চলত প্ৰাকৃতিকভাৱে উৎপাদিত সামগ্ৰীৰ চাহিদা চীনৰ বজাৰত অধিক বুলি এপেডাৰ সূত্ৰই প্ৰকাশ কৰে। প্ৰাকৃতিকভাৱে উৎপাদিত অসমৰ বোকা চাউল আৰু অৰুণাচল প্ৰদেশৰ কিৱি প্ৰদৰ্শনে চীন–ভাৰতৰ মাজত বৈদেশিক বাণিজ্যিক সম্পৰ্ক অধিক সুদৃঢ় হ’ব বুলি সংস্থাটোৱে আশা প্ৰকাশ কৰিছে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward