Saturday, April 20, 2024
Homeবাতৰিপৰম্পৰাগত বিনিময় প্ৰথাৰে জোনবিল মেলা

পৰম্পৰাগত বিনিময় প্ৰথাৰে জোনবিল মেলা

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

এক সমন্বয়ৰ বাৰ্তা লৈ জোনবিল মেলালৈ আহিল পাহাৰীয়া মামা–মামীসকল। ইতিহাস প্ৰসিদ্ধ গোভা ৰাজ্যত অন্যবাৰৰ দৰে এইবাৰো অনুষ্ঠিত হয় তিৱাসকলৰ জোনবিল মেলা। মেলাত ভৈয়ামৰ লোকসকলৰ লগত বিনিময় কৰিবলৈ চুবুৰিয়া ৰাজ্য মেঘালয় মেঘালয়ৰ লগতে কাৰ্বি আংলঙৰ উমদেন, উমদুখা, লংপ, মৰঙা আদি পাহাৰীয়া গাঁৱৰ জনজাতিসকলে জলকীয়া, আদা, হালধি, কচু, ৰঙালাউ, লা, বাঁহ–বেতৰ সামগ্ৰীৰ মেটমৰা বোজা লৈ আহে। উল্লেখ্য যে ১৪শতিকাত প্ৰচলিত বিনিময় প্ৰথা আধুনিক মুদ্ৰাৰ প্ৰচলনে লুপ্ত কৰিলেও এই প্ৰথা আজিও বৰ্তি আছে জাগিৰোডৰ জোনবিল মেলাত।

আধুনিক মুদ্ৰাৰ প্ৰচলনেও জোনবিল মেলাৰ বিনিময় প্ৰথাৰ ওপৰত কোনো প্ৰভাৱ পেলাব পৰা নাই। পশ্চিমীয়া সংস্কৃতিৰ মাজত উটি ভাহি ফুৰা এচাম ভোগাবাদীৰ প্ৰকোপত কাহানিও বিৰূপ প্ৰভাৱ পেলাব পৰা নাই তাৰেই উদাহৰণ জোন বিলাৰ এই বিনিময় প্ৰথা। এই মেলাই এতিয়াও মুৰ দাঙি চহা কৃষক সমাজৰ সাংস্কৃতিক ঐতিহ্য বহন কৰি আছে।

জোনবিল মেলাৰ এইবাৰৰ বিনিময় প্ৰথা উদ্বোধন কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক তথা তিৱা স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্যকাৰ্যবাহী সদস্য ৰমাকান্ত দেউৰীয়ে। উদ্বোধনী ভাষণত তেখেতা কয়– ঐতিহাসিক গোভা ৰাজ্যৰ জোনবিল মেলাৰ বিনিময় প্ৰথা আধুনিক বিশ্বৰ এক বিৰল পৰম্পৰাৰ চানেকী, এই পৰম্পৰাই পাহাৰ–ভৈয়ামৰ বিভিন্ন জাতি–জনজাতিৰ সমন্বয়ৰ এক নিদৰ্শন। জোনবিল মেলাৰ এই পৰম্পৰাৰ সন্মুখত আহি পৰা সংকট আঁতৰ কৰি ইয়াক আমি সংৰক্ষণ কৰিব লাগিব।

বৰ্তমান গোভা ৰাজ্যৰ ৰজা দীপসিং দেউৰজাৰ উপস্থিতিত সাংস্কৃতিক সভা আৰম্ভ হয় আৰু এই সভা মুকলি জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই। সাংস্কৃতিক সভা মুকলি কৰি দিয়া ভাষণত বিধায়কগৰাকীয়ে কয়– সমগ্ৰ বিশ্বতে বিৰল এই বিনিময় প্ৰথাক জীয়াই ৰখা জোনবিল মেলা অসমৰ গৌৰৱ, সহজ–সৰল মন–প্ৰাণৰ জনজাতিসকল সাংস্কৃতিক ঐতিহ্য ৰক্ষাৰ প্ৰতি সদাসচেতন। যি লোক সংস্কৃতিৰ ধাৰাবাহিকতা ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাত আমি সকলোৱে সহযোগ কৰা প্ৰয়োজন। তেখেতে কয়– প্ৰথমতে বিলখনত চলা বেদখল মুক্ত কৰা, পৰম্পৰাগত তিৱা ৰজাৰসকলৰ ৰাজভাট্টা নিয়মীয়া কৰা আৰু মেলাৰ বাবে ভূমিৰ ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলি বক্তব্য কৰে।

তিৱা নৃত্য–গীতেৰে মুখৰিত এইবাৰৰ সাংস্কৃতিক সভাখন আঁতধৰে জোনবিল মেলা সমিতিৰ সম্পাদক জুৰিচিং বৰদলৈয়ে। মেলাৰ অন্তিম দিনা পুৱা গোভা ৰজাৰ অৰমবিলত সমূহীয়াভাৱে মাছ মৰা পৰ্ব সমাপন কৰে। মধ্য অসমৰ তিৱা ৰজাসকলৰ উপস্থিতিত দুপৰীয়া গোভা ৰজাৰ ৰাজদৰবাৰ অনুস্থিত হয়। অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই অনুষ্ঠানতে ৰজাসকলক ৰাজভাত্তা প্ৰদান কৰে। অসম চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীৰ লগতে মেঘালয়ৰ পৰম্পৰাগত খৈৰাম ৰাজ্যৰ চিয়েম (ৰজা) বলজিৎ সিঙে ৰাজদৰবাৰত উপস্থিত থাকে। মেলাথলীৰ পৰা ৰজাঘৰীয়া বিষয়াই কৰ সংগ্ৰহ কৰে।

তাৎপৰ্যপূৰ্ণ যে অতীতৰ গোভা ৰাজ্যৰ অধীনস্থ প্ৰজাসকলে জোনবিল মেলাৰ লগত সংগতি ৰাখিহে মাঘ বিহু পালন কৰিছিল। তিৱাসকলৰ সেই পৰম্পৰা এতিয়াও অব্যাহত আছে। সেয়ে মেলাৰ সামৰণিৰ দিনাহে গোভা ৰাজ্যৰ প্ৰজাই খায় উৰুকাৰ ভোজভাত। মেলাৰ সামৰণিৰ দিনটো অৰ্থাৎ দেওবাৰে গোভা ৰাজ্যৰ প্ৰজাই উদ্‌যাপন কৰে মাঘ বিহু যি আজিও গোভা বিহু বুলি স্থানীয় লোকসকলৰ মাজত পৰিচয় আছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward