Thursday, April 25, 2024
Homeবাতৰিদূৰ্দশাৰ জীৱন কটোৱা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ

দূৰ্দশাৰ জীৱন কটোৱা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ

প্ৰকাশিত তাৰিখঃ ১৫ ফেব্ৰুৱাৰী, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

বুলি বসুমতাৰী চিৰাং জিলাৰ বাসিন্দা। যিগৰাকী নাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰী খেলুৱৈ। ২০০৫–২০১০ চনলৈ বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত অংশ গ্ৰহন কৰি সোণ–ৰূপৰ পদকেৰে উজ্বলি উঠা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা আৰ্চাৰী খেলুৱৈ সম্প্ৰতি গভীৰ আৰ্থিক সংকট। বৰ্তমান ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভাৰত–ভূটান সীমান্তৰ সংযোগী পথৰ দাঁতিত সাধাৰণভাৱে সুমথিৰা বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছ।

বুলি বসুমতাৰীয়ে ২০০৪ চনত পোন প্ৰথমবাৰ গুৱাহাটীৰ ভাৰতীয় খেল প্ৰাধিকৰণ (SAI)ত প্ৰশিক্ষণ লাভ কৰে। ৰাজস্থানৰ আজমীৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাৱ–জুনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপত অংশ গ্ৰহণ কৰি সোণ আৰু ৰূপৰ পদক লাভ কৰে। মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদত ৰাষ্ট্ৰীয় জুনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপত লাভ কৰে সোণ আৰু ৰূপৰ পদক। ঝাৰখণ্ডৰ ৰাষ্ট্ৰীয় ছিনিয়ৰ আৰ্চাৰী চেম্পিয়নশ্বিপতো সোণৰ পদক লাভ কৰিছিল। তাৰোপৰি অসমত অনুষ্ঠিত হোৱা বিভিন্ন জিলাৰ ৰাজ্যিক পৰ্যায়ৰ খেলতো অংশ গ্ৰহন কৰি বহু সোণ–ৰূপৰ পদক লাভ কৰে এই প্ৰতিভাবান খেলুৱৈগৰাকীয়ে।

অসমৰ এইগৰাকী প্ৰতিষ্ঠিত খেলুৱৈ ২০১০ চনত শাৰিৰীক অসুবিধাৰ বাবে গুৱাহাটীৰ ভাৰতীয় খেল প্ৰাধিকৰণ (SAI) শিবিৰৰ পৰা আতৰি আহিব লগা হয়। ছাই’ৰ শিৱিৰ ত্যাগ কৰা খেলুৱৈগৰাকী পৰৱৰ্তী সময়ত গভীৰ আৰ্থিক দুৰাৱস্থাৰ বাবে আৰ্চাৰীখেলকে বাদ দিবলগীয়া হয়। সেই সময়তে বিবাহ পাশত হোৱা খেলুৱৈগৰাকীৰ সাংসাৰিক জীৱনতো আৰ্থিক সংকটে দেখা দিয়ে। দুটি কন্যা সন্তানৰ ভৰণ–পোষণৰ বাবে বাছি লৱলগীয়া হয় সুমথিৰা বিক্ৰীৰ পথটো।

বুলি বসুমতাৰীয়ে মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হৈছে যদিও আজিলৈকে বিটিচি প্ৰশাসন অথবা অসম চৰকাৰৰ ফালৰ পৰা কোনোধৰণৰ সা–সুবিধা পোৱা নাই বুলি প্ৰকাশ। অসম পুলিচ, সামৰিক, অৰ্দ্ধ–সামৰিক বাহিনীত সংস্থাপনৰ বাবে চেষ্টা কৰিও বিফল হয়। সেয়ে পথৰ দাঁতিত সুমথিৰা বিক্ৰীৰ কাম আৰম্ভ কৰিব লগা হয়। অত্যন্ত দুখৰ মাজতো সময় উলিয়াই চাৰিজন উদীয়মান খেলুৱৈক আৰ্চাৰীৰ প্ৰশিক্ষণ দি আছে চিদলী–কাশীকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত।

কোনে ভাবিছিল এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে পথৰ দাঁতিত সুমথিৰা বিক্ৰীৰে পেটৰ ভাত মোকলাব লাগিব বুলি? বুলিৰ দেউতাক সুনীল বসুমতাৰীও ভবা নাছিল। তেওঁৰ ছোৱালীৰ সংস্থাপনৰ ব্যৱস্থা এদিন নহয় এদিন হ’বই বুলি এতিয়াও তেওঁ আশাবাদী।

ইপিনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈগৰাকীৰ দুৰ্দশাৰ বাতৰিয়ে সংবাদ মাধ্যমত খোলকনি তোলাৰ পাচত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈগৰাকীৰ খা–খবৰ কৰা বুলি জানিব পৰা গৈছে। আনকি খেলুৱৈগৰাকীক দিছপুৰলৈ মতাই নি সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলিও সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward