Thursday, March 28, 2024
Homeবাতৰিবাংলাদেশৰ সাংস্কৃতিক প্রতিনিধি দলে সাক্ষাৎ কৰিলে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক

বাংলাদেশৰ সাংস্কৃতিক প্রতিনিধি দলে সাক্ষাৎ কৰিলে মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

চুবুৰীয়া বৈদেশিক ৰাষ্ট্ৰ বাংলাদেশৰ সন্মিলিত সাংস্কৃতিক জোঁটৰ সাধাৰণ সম্পাদক হাছান আৰিফৰ নেতৃত্বত ১৪ জনীয়া সাংস্কৃতিক প্রতিনিধি দল এটি অসমত পদৰ্পন। ৯ এপ্ৰিলত অসমলৈ অহা সাংস্কৃতিক দলটোই মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক তেওঁৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে। অসম–বাংলাদেশৰ মাজত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ ওপৰত প্ৰায় ৩০ মিনিট সময় মত বিনিময় কৰে।

মত বিনিময় কালত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাংলাদেশী প্রতিনিধি দলটাক অসম–বাংলাদেশৰ মাজত থকা ঐতিহাসিক, সাংস্কৃতিক আৰু গোষ্ঠীগত সম্পৰ্কৰ বিষয়ে দোহাৰে। ভাৰত আৰু বাংলাদেশৰ মাজত শক্তিশালী যোগাযোগ স্থাপন কৰাৰ ওপৰত আমাৰ দেশে গুৰুত্ব প্ৰদান কৰা বুলি কয়। আমাৰ চৰকাৰে ব্ৰহ্মপুত্ৰ খনন কৰি বাংলাদেশৰ লগত উন্নত যোগাযোগ ব্যৱস্থাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে য’ত বাংলাদেশ আৰু অসমৰ মাজত ব্যৱসায়–বাণিজ্যৰ ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পৰিব। দেশ দুখনৰ মাজত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় হ’লে পাৰস্পৰিক সম্পৰ্কও অধিক গতিশীল হ’ব সেয়ে আমি অসম–বাংলাদেশৰ মাজত সাংস্কৃতিক বিনিময় বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছো। অসম–বাংলাদেশৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ বাবে এক পৰিৱেশ ৰচনা হওক। তাৰবাবে বাংলাদেশী সাংস্কৃতিক প্রতিনিধি দলটাক অসমৰ জনগণৰ মৰম–চেনেহ নিজ দেশলৈ কঢ়িয়াই নিয়াৰ বাবে আহ্বান জনায়। প্ৰতিনিধি দলটোৰ সৈতে মুখ্যমন্ত্রীগৰাকীয়ে প্ৰাতঃভোজন কৰে। বিধায়ক প্রশান্ত ফুকন আৰু শিলাদিত্য দেৱ উপস্থিত থকা মতবিনিময় কালত প্ৰতিনিধি দলটোই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। অসমৰ জনগণে আগবঢ়োৱা মৰম–চেনেহ বুকুত বান্ধি লৈ নিজ দেশত সাংস্কৃতিক সম্পৰ্ক সুদৃঢ় কৰাৰ হকে কাম কৰিম বুলি প্ৰতিনিধি দলটোই মুখ্যমন্ত্ৰীক আশ্বাস দিয়ে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward