Sunday, February 25, 2024
HomeARTICLEপৰম্পৰাগত বিনিময় প্ৰথাই খাছি–অসমীয়াৰ সম্পৰ্ক মজবুত কৰিছিল

পৰম্পৰাগত বিনিময় প্ৰথাই খাছি–অসমীয়াৰ সম্পৰ্ক মজবুত কৰিছিল

প্ৰকাশিত তাৰিখঃ ৫ ফেব্ৰুৱাৰী, ২০২৪

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

অই মানু ইখান কি গাং আছে (এই মানুহ, এইখন গাঁৱৰ নাম কি), অই মানু জিনিচ সালাই নিকি? (এই মানুহ সামগ্ৰী বিনিময় কৰিব নেকি? জিনিচ– বস্তু, সামগ্ৰী, সালাই– বিনিময়)। এইবোৰ হ’ল খাছিসকলে ভৈয়ামত সামগ্ৰী বিনিময়ৰ সময়ত অসমীয়াক সম্বোধন কৰা শব্দ। খাছি–অসমীয়াৰ মাজৰ বিনিময় প্ৰথা অতি পুৰণিকলীয়া। শ শ বছৰ ধৰি চলি অহা এই বিনিময় প্ৰথাত আধুনিক যুগৰ মুদ্ৰা অবিহনে সামগ্ৰীৰ আদান–প্ৰদান চলে। ঐতিহাসিক এই বিনিময় প্ৰথা কিমান সময়ৰপৰা প্ৰচলিত সেয়া সঠিকভাৱে জানিবপৰা নাযায়, যদিও প্ৰায় ষোল্লশ শতিকাতে আৰম্ভ হোৱা বুলি অনুমান কৰে। সেই সময়ৰ খাছি ৰজাই শাসন কৰা ৰাজ্য নংখ্লাওৰ লোকসকলে বৰদুৱাৰ আৰু ৰাণী ৰাজ্যৰ অসমীয়া লোকসকলৰ পৰা বিনিময় প্ৰথাৰে প্ৰয়োজনীয় সা–সামগ্ৰী আদান–প্ৰদান কৰিছিল। খাছি কৃষকসকলে পাহাৰৰপৰা কচু, বেঙেনা, ৰঙা লাউ, কেৰেলা, কোমোৰা, তিল, আদা, জলকীয়া, ঝাড়ু, বনশাক আদি সতেজ উৎপাদিত ফচল আনে আৰু বিনিময় কৰি ভৈয়ামৰপৰা ধান, চাউল, সান্দহ, চিৰা, বগৰী লগতে বিভিন্ন সামগ্ৰী লৈ যায়। অৱশ্যে এই বিনিময় নিৰ্দিষ্ট সময়ত হয়। প্ৰায় পুহ মাহৰ শেষ সপ্তাহৰপৰা সমগ্ৰ মাঘ মাহ এই বিনিময় প্ৰথা চলি থাকে। যদিও– মাঘ বিহুৰ উৰুকাৰ আগে–পিছে এই প্ৰথাই অধিক প্ৰাণৱন্ত হৈ উঠে। কিয়নো তেওঁলোকও ভৈয়ামৰ অসমীয়াসকলৰ উৰুকা, মাঘ বিহু উৎসৱ উদ্‌যাপনৰ পৰিৱেশৰ সৈতে মিলি যায়। জাকে জাকে নামি অহা খাছিয়া মামা–মামীসকল আলহীৰ ৰূপত উৰুকাৰ নিশাটো অসমীয়াৰ ঘৰতে কটাইছিল।

খাছি আৰু অসমীয়াৰ মাজত প্ৰচলিত বিনিময় প্ৰথাত ভাৱবিনিময়ৰ কাৰণে সবাতোকৈ বেছি প্ৰয়োজন হৈছিল ভাষাৰ। অধিক সংখ্যক খাছিলোকে অসমীয়া ভাষা বুজি পোৱাৰ লগতে ক’বও পাৰিছিল। তেওঁলোকে ভৈয়ামৰ মানুহৰ সৈতে ভঙা ভঙা অসমীয়া ভাষাত কথা–বতৰা পাতিছিল। সেয়ে খাছি–অসমীয়াৰ বিনিময় প্ৰথাত অকল উৎপাদনৰে নহয় ভাষা–সংস্কৃতিৰো আদান–প্ৰদান হৈছিল। কিন্তু খাছিসকলে যেনেকৈ অসমীয়া ভাষা বুজি পোৱাৰ লগতে ক’ব পাৰিছিল সেইদৰে অসমীয়াসকলে খাছি ভাষা বুজি পোৱা নাছিল আৰু ক’বও নাজানিছিল। বিনিময়ৰ বাবে নামি অহা বহু খাছিলোকে অসমীয়াসকলৰ লগত মামা–ভাগিন আৰু সখীৰ বান্ধোনেৰে সম্পৰ্ক স্থাপন কৰিছিল। এবাৰ অসমীয়া আন এবাৰ খাছি– এই দুয়োটা জনগোষ্ঠীৰ সামাজিক নীতি–নিয়মৰ মাজেৰে স্থাপন হোৱা বাবে এই সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিছিল। খাছিসকলে বৰদিন, নৱবৰ্ষত অসমীয়া ভাগিন, সখীৰ পৰিয়ালৰ সদৌটিকে আন্তৰিকতাৰে নিমন্ত্ৰণ জনাইছিল। ইপিনে অসমীয়াসকলেও মাঘ বিহু, ৰঙালী বিহু লগতে অন্যান্য উৎসৱ পাৰ্বনত খাছি মামা–মামী, সখীসকলৰ পৰিয়ালক আমন্ত্ৰণ জনাইছিল। বৰদিন, নৱবৰ্ষৰ সাংস্কৃতিক কাৰ্যসূচীত খাছি ল’ৰা–ছোৱালীসকলে বিহুগীত লগতে জনপ্ৰিয় অসমীয়া গীতত নাচ–গান পৰিবেশন কৰাৰ হেপাহ অতি পুৰণিকালৰপৰাই চলি আহিছিল। সেই নাচ–গান পৰিবেশনৰ সময়ত তেওঁলোকে অসমীয়াৰ পৰম্পৰাগত সাজ–পোচাক পৰিধান কৰিছিল। সেয়ে প্ৰয়োজনীয় সাজ–পোচাকবোৰ ভৈয়ামৰ আলোহীসকলৰ পৰাই লৈ গৈছিল। অৱশ্যে সকলো অসমীয়াৰ লগত খাছিসকলৰ মামা–ভাগিন অথবা সখীৰ দৰে পবিত্ৰ সম্পৰ্ক স্থাপন হোৱা নাছিল। তেনে সম্পৰ্ক নথকা খাছিসকলে ভৈয়ামত অসমীয়াসকলক অই ‘মানু’ (মানুহ) বুলি সম্বোধন কৰিছিল। অৱশ্যে এই ‘মানু’ সম্বোধনত সামাজিক নীতি–নিময়মতে স্থাপন হোৱা মামা–ভাগিন বা সখীৰ দৰে আন্তৰিকতা নাছিল। আনহাতে সৰু ল’ৰা–ছোৱালী, কিশোৰ–কিশোৰীক ‘চাউলি’ বুলি মাতিছিল। অসমীয়া সকলেও খাছিলোকক মামা–মামী বুলি সম্বোধন কৰিছিল। উল্লেখনীয় যে, মেজিৰ জুইৰ ধোঁৱা খাছিসকলৰ উৎপাদনৰ লগত এটি লোকবিশ্বাস জড়িত হৈ আছে। তেওঁলোকৰ লোকবিশ্বাস– মেজিৰ জুইৰ ধোঁৱা প্ৰথমে যি ফালে গতি কৰে সেইফালে খেতি–বাতিৰ ফচল নদন–বদন হয়। সেয়ে মেজিৰ জুইৰ ধোঁৱা প্ৰথমে কোন দিশে গতি কৰিছে সেয়া ভৈয়ামৰ মানুহক উৎসুকতাৰে সুধিছিল। পাহাৰৰ ফালে যোৱা বুলিলে সন্তুষ্টিৰ হাঁহি বিৰিঙিছিল আৰু পাহাৰৰ বিপৰীতে যোৱা বুলি ক’লে বেদনা অনুভৱ কৰিছিল। অথবা নিশা অসমীয়াৰ ঘৰত আলহীৰ ৰূপত কটোৱা মামা–মামী, সখীসকলে পুৱাই মেজি জ্বলোৱা দৃশ্য নিজেও প্ৰাণভৰি চাইছিল। মামা–মামী, ভাগিন, সখী এক আত্মিকতাভৰা পবিত্ৰ সম্বন্ধ। এই সম্বন্ধবোৰেই এসময়ত পাহাৰ–ভৈয়ামৰ খাছি–অসমীয়াৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়াকৈ বান্ধি ৰাখিছিল।

উল্লেখনীয় যে ২০১৬ চনত সমগ্ৰ দেশজুৰি চলা বিমুদ্ৰাকৰণৰ ফলত খাছি–অসমীয়াৰ মাজৰ বিনিময় প্ৰথাই পুনৰ সজীৱতা লাভ কৰিছিল। মুদ্ৰাৰ নাটনিৰ ফলত মানুহবোৰে পূৰ্বৰ সেই বিনিময় প্ৰথাৰ দিনলৈ উভতি যাবলৈ বাধ্য হৈ পৰিছিল। তদুপৰি কোভিডৰ পিছৰ কালছোৱাত দেখা দিয়া অৰ্থ সংকটেও বিনিময় প্ৰথাৰেই বাট সুচল কৰি তুলিছিল। আজিও মেঘালয় ৰাজ্যৰ ৰি–ভয় জিলাৰ জিৰাং, পাথাৰখামা আদি অঞ্চলৰ খাছি লোকসকল নামি আহে আৰু গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী বৃহত্তৰ ৰাণী, বৰদুৱাৰ অঞ্চলৰ বিভিন্ন গাঁৱত বিনিময় প্ৰথাৰে সামগ্ৰী আদান–প্ৰদান কৰে। কিন্তু আধুনিকতাৰ ধামখুমীয়া তথা ৰাজনীতিৰ কুটীল পাক চক্ৰত এসময়ৰ বহুলভাৱে প্ৰচলিত বিনিময় প্ৰথাৰ পৰিসৰ আজি হ্ৰাস পাবলৈ ধৰিছে। কালৰ গতিত হয়তো এই বিনিময় প্ৰথাই লুপ্ত হৈ যাব পাৰে। কিয়নো মামা–মামী, ভাগিন, সখী আদি আত্মিকতাভৰা সম্পৰ্কবোৰ আজি পাবলৈ নাই, ইতিমধ্যে নিস্তেজ হৈ পৰিছেই।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward