Friday, May 3, 2024
HomeNEWSৰাণীত কামৰূপ জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন

ৰাণীত কামৰূপ জিলা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশন

প্ৰকাশিত তাৰিখঃ ৫ ফেব্ৰুৱাৰী, ২০২৪

চানডুবি নিউজ ৰিপ’ৰ্ট –

কামৰূপ জিলা সাহিত্য সভাৰ একাদশ সংখ্যক বিশেষ বাৰ্ষিক অধিৱেশনখন আজি অনুষ্ঠিত হয়। স্বৰ্ণশাখা ৰাণী সাহিত্য সভাৰ সৌজন্যত ৰাণী প্ৰথমিক বিদ্যালয় প্ৰাঙ্গণত অনুষ্ঠিত হোৱা অধিৱেশনৰ পুৱা সভাৰ পতাকা উত্তোলন কৰে ৰাণী শাখা সাহিত্য সভাৰ সভাপতি প্ৰভাত দাসে আৰু স্মৃতি তৰ্পন কৰে আদৰণী সমিতিৰ সভাপতি ৰমেশ বড়ো আৰু কামৰূপ জিলা সাহিত্য সভাৰ উপ–সভাপতি ৰামদত্ত লহকৰে। বিশিষ্ট কবি, নাট্যকাৰ ৰণজিত চৌধুৰীৰ পৰ্য্যালোচনাত কবিতা পাঠৰ অনুষ্ঠানত জিলাখনৰ কেইবাজনো কবিয়ে স্বৰচিত কবিতা সমূহ পাঠ কৰে।

আবেলি মুকলি সভাত পৌৰহিত্য কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ড নৃপেন্দ্ৰ নাথ তালুকদাৰে আৰু উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক ৰজনী শালৈয়ে আৰু আদৰণি ভাষণ পাঠ কৰে ৰাণী শাখা সাহিত্য সভাৰ সভাপতি প্ৰভাত দাসে। বিশিষ্ট অতিথিৰূপে উপস্থিত থকা অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে মুকলি সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে– ৰাণীলৈ আহি থাকোতে নৈসৰ্গিক দৃশ্যবোৰে খুবেই মোহিত কৰিলে। যেন এখন তপোবনত অহাৰ দৰে লাগিছে। প্ৰকৃতি অবিহনে আমাৰ সমাজ জীৱনত সকলো অচল। অন্ধ্ৰপ্ৰদেশৰ হাইদৰাবাদত জনজাতীয় মহিলাসকলে যুটীয়া বন পৰিচালনা পদ্ধতিৰে বনাঞ্চল সুন্দৰভাৱে সংৰক্ষিত কৰাত অৰিহণা যোগাইছে। আমাৰ প্ৰকৃতি প্ৰদত্ত অঞ্চল ৰাণী তাৰ ব্যতিক্ৰম নহয়। ৰাণী বিভিন্ন জাতি–জনগোষ্ঠীৰ আবাসভূমি। ৰাণীতো জনগোষ্ঠীয় মহিলাসকলে প্ৰকৃতি সংৰক্ষণৰ হকে কাম–কাজ কৰিবলৈ আহ্বান জনায়। তেওঁ কয়– বিশ্বায়নৰ যুগত পৃথিৱীখন এটা পৰিয়ালৰ দৰে হৈ পৰিছে। গতিকে এই যুগত ইজনৰ লগত সিজনৰ বিভিন্ন ক্ষেত্ৰত আদান–প্ৰদান চলিব। কিন্তু সেই আদান–প্ৰদানত নিজৰ মূল ভেটিটো কেতিয়াও পাহৰি যোৱা উচিত নহয়। তেওঁ পুনৰ কয় যে– প্ৰকৃততে জিলা আৰু শাখা সাহিত্য সভাবোৰেহে অসম সাহিত্য সভাক জীয়াই ৰাখিবলৈ সক্ষম হ’ব। কাৰণ তেওঁলোকে গাঁও অঞ্চলত থাকি কুঁহিপাত মেলিব পাৰে। আজি আমাৰ অসমীয়া ভাষা–সংস্কৃতি সংকটত নাই পৰা বুলি নক’ও, পৰিছে। তেনেক্ষেত্ৰত অসম সাহিত্য সভাই অসমীয়াৰ পক্ষত সদায় মাত মাতিবই লাগিব বুলি তেওঁ গুৰুত্বপূৰ্ণ মত প্ৰকাশ কৰে।

অধিৱেশনত কামৰূপ জিলা সাহিত্য সভাৰ স্মৃতিগ্ৰন্থ ‘কামৰূপা’ আৰু মুখপত্ৰ ‘ৰাজ্ঞী’ উন্মোচন কৰে সভাৰ প্ৰাক্তন সভাপতিদ্বয় ক্ৰমে– ধীৰেন শৰ্মা আৰু ড নৰেন দাসে। আনহাতে সভাত ৰাণী শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বন্তিৰাম তালুকদাৰৰ ‘বেকা পথৰ যাত্ৰা’ নামৰ কাব্য গ্ৰন্থ এখনো উন্মোচন কৰে। আজিৰ মুকলি সভাত মুখ্য অতিথিৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড সূৰ্য কান্ত হাজৰিকাই। সভাত বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰে নাট্যকাৰ–পৰিচালক জগদীশ পাটগিৰি, বিশিষ্ট গৱেষক ড গণেশ্বৰ চহৰীয়া, কামৰূপ জিলা সাহিত্য সভাৰ পাক্তন সভাপতিত্ৰয় ক্ৰমে– ড ভূৱনেশ্বৰ ডেকা, প্ৰভাত বণিয়া, অজিত প্ৰসাদ শৰ্মাই। পৰাগ দাস আৰু বুবুল দাসৰ পৰিচালনাত সভাৰ আৰম্ভণি গীতৰ লগতে চল্লিৰ জনজাতীয় শিল্পীবৃন্দই বিভিন্ন নৃত্য পৰিৱেশন কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward