Thursday, May 2, 2024
HomeARTICLEঅসমৰ মুক্তিযোদ্ধা

অসমৰ মুক্তিযোদ্ধা

প্ৰকাশিত তাৰিখঃ ২৯ জানুৱাৰী, ২০২৪

কল্প ৰঞ্জন গগৈ –

দুখীয়া প্ৰজা খেতিয়কসকলে বৰভেটি গঢ়ি ৰজাৰ অত্যাচাৰৰ বিৰুদ্ধে থিয় দিছিল। ১৭৬৯ চনৰ পৰা আৰম্ভ হোৱা বৰভেটি–মজিয়াভেটিৰ জুই নুমুৱাবলৈ স্বৰ্গদেউ গৌৰীনাথ সিংহই ১৭৯২ চনত সাত সাগৰ তেৰ নদীৰ সিপাৰৰ সাম্ৰাজ্যবাদী বনিয়া শক্তিক মাতি আনিলে। কেপ্টেইন ৱেইলচ্‌ৰ বাহিনীয়ে ৮০ গৰাকী কৃষক মুক্তি যোদ্ধাক হত্যা কৰিলে। গাঁও–ভূঁই জ্বলাই দিলে। এই ৮০গৰাকী স্বাধীনতা যুদ্ধৰ শ্বহীদৰ কথা নোকোৱাকৈ অসমৰ স্বাধীনতা সংগ্ৰাম অসম্পূৰ্ণ। তাৰ পিছত ইংৰাজৰ বিৰুদ্ধে গোমধৰ ৰাজকোঁৱৰ, পিয়লী বৰফুকন, গদাধৰ ৰাজকোঁৱৰ, শদিয়াখোৱা ৰণুৱা গোহাঁইসকলৰ সতীৰ্থসকলৰ লগতে ফুলগুৰি ধেৱাৰ বাহু কৈৱৰ্তসকলৰপৰা আৰম্ভ কৰি ১৯৪৭ চনৰ স্বাধীনতাৰ আগলৈকে সাম্ৰাজ্যবাদ বিৰোধী মুক্তিযোদ্ধাসকলৰ কথাৰে অসমৰ স্বাধীনতা যুদ্ধৰ বাহিনী পৰিপূৰ্ণ।

আজি মুক্তিযোদ্ধাসকল নাই, কিন্তু তেওঁলোকৰ তেজ বহন কৰা উত্তৰসুৰীসকল আছে। মুক্তি সংগ্ৰামৰ জুইৰ মাজেদি যোৱা কোনো যোদ্ধাই ১৯৭০ চনৰ পিছৰ ভাৰতবৰ্ষৰ নেতৃত্ব লোৱা নাই। উত্তৰসুৰীসকলৰ সংগ্ৰামৰ তেজ থাকিলেও জুইৰ মাজেদি যোৱা অভিজ্ঞতা নাই। সেই বাবে এক সুস্থ ৰাজনৈতিক বিশ্ববীক্ষা নাই, গণমুখী দৰ্শন নাই।

সেয়ে নতুন ভাৰতবৰ্ষৰ বাবে ১৯৪৭ চনত জন্ম গ্ৰহণ কৰা ৰাষ্ট্ৰসংঘৰ চনদৰ মতে দেশ পৰিচালিত হৈছে নে নাই, দেশৰ কৰদাতাসকলৰ ধনেৰে (Taxpayer Money) দৰমহা লাভ কৰা, দেশনায়ক/ কৰ্মী (Public Servants) কৰদাতাৰ ধনৰ ওপৰত থিয় হৈ থকা ব্যৱসায়ী/ ঠিকাদাৰ সকলে জনগণৰ সেৱা কৰিছেনে নাই তাক চাবলৈ Monitor and Regulate মুক্তিযোদ্ধাসকলৰ উত্তৰসুৰী সকলে এটা কৰ্মী বাহিনী গঠন কৰিব লাগিব। আমাৰ মহান সংবিধানখনৰ দ্বাৰা পৰিচালিত দেশৰ আইন ৰচনা হ’ব লাগে। ব্ৰিটিছৰ দিনৰ আইনসমূহ আজি স্বাধীন দেশৰ বাবে হাৰমাল।

মনত ৰাখিব ইঞ্জিনিয়াৰিং পাছ কৰি সাৰৰ এজেণ্ট হোৱা (মংগলদৈৰ গোলক ডেকা), ফুটপাথত শাকপাচলি বিক্ৰি কৰাৰ লগতে পকৰি–চাহ তৈয়াৰ কৰাটো স্বাধীন দেশৰ বাবে কিমান গৌৰৱৰ কথা?

প্ৰকৃততে এখন বন্ধকত যোৱা নিম্নবিত্তৰ দেশক বন্ধক মুক্ত কৰাই হ’ল আজিৰ মুক্তিযোদ্ধাৰ উত্তৰসুৰীসকলৰ লগতে দেশৰ জনগণৰ কৰ্তব্য।

কুমুদ চন্দ্ৰ ডেকা মুক্তিযোদ্ধা ৰূপকান্ত ডেকাৰ উত্তৰসুৰী। তেখেতক ধন্যবাদ জনাওঁ মুক্তিযোদ্ধাসকলৰ বিষয়ে ৰাইজক অৱগত কৰাৰ বাবে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward