Thursday, April 25, 2024
Homeবাতৰিবৈদেশিক মন্ত্ৰ্যালয়ে ক্ষেত্ৰীয় কাৰ্যালয় স্থাপন কৰিব গুৱাহাটীত

বৈদেশিক মন্ত্ৰ্যালয়ে ক্ষেত্ৰীয় কাৰ্যালয় স্থাপন কৰিব গুৱাহাটীত

প্ৰকাশিত তাৰিখঃ ২২ জানুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক মন্ত্ৰ্যালয়ে ক্ষেত্ৰীয় কাৰ্যালয় গুৱাহাটীত অনুষ্ঠিত কৰিব। উদ্যোগ আৰু পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা প্ৰকাশ কৰে।

অলপতে মন্ত্ৰী পাটোৱাৰীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজক সাক্ষাৎ কৰে। এই সাক্ষাতৰ অন্তত নতুন দিল্লীত সাংবাদিকৰ আগত এইবুলি প্ৰকাশ কৰে যে, উত্তৰ–পূৰ্বাঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ বৈদেশিক মন্ত্ৰ্যালয়ৰ ক্ষেত্ৰীয় কাৰ্যালয় এটি অতি সোণকালে গুৱাহাটীত স্থাপন কৰিব। উক্ত কাৰ্যালয় স্থাপনৰ বাবে প্ৰয়োজনীয় ভূমি আৱণ্টনৰ ব্যৱস্থা কৰিৰবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি অনুৰোধ জনায়। ৰাজ্য চৰকাৰেও ভূমিৰ সন্ধান কৰি থকাৰ লগতে ক্ষীপ্ৰতাৰে ভূমি আবণ্টনৰ ব্যৱস্থা কৰা হ’ব বুলিও জানিব দিয়ে।

উল্লেখ্য যে দক্ষিণ–পূব এছিয়াৰ সৈতে ব্যৱসায় বাণিজ্যত সহায়ক হোৱাকৈ বৈদেশিক বাণিজ্যিক দূতাবাস সমূহ গুৱাহাটীত স্থাপন কৰিবলৈ ৰাজ্য চৰকাৰে পূৰ্বৰে পৰা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল। ৰাজ্য চৰকাৰে উত্থাপন কৰা উক্ত দাবী সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰি থকাৰ কথাও জানিব দিয়ে। উত্তৰ–পূবৰ দুৱাৰখন খুলি দক্ষিণ–পূব এছিয়াৰ লগত যোগাযোগ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো বুলিও  তেখেতে উল্লেখ কৰে। অহা ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘গ্ল’বেল ইনভেষ্টমেণ্ট চামিট’ৰ পিচতেই অসমৰ ৰং–ৰূপ সলনি হোৱাৰ আশা প্ৰকাশ কৰে। ইতিমধ্যে মুখ্যমন্ত্ৰীকে ধৰি কেইবাজনো মন্ত্ৰীয়ে ‘ইনভেষ্টমেণ্ট চামিট’ৰ হ’কে নতুন দিল্লী, মুম্বাই, বাংগালুৰু, কলকাতা আদি দেশৰ গুৰুত্বপূৰ্ণ স্থান সমূহত প্রচাৰ চলাইছে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward