Wednesday, April 17, 2024
Homeবাতৰিধনৰ অভাৱত অচলাৱস্থা ৰাজ্যৰ নিগম–পৰিষদবোৰ

ধনৰ অভাৱত অচলাৱস্থা ৰাজ্যৰ নিগম–পৰিষদবোৰ

প্ৰকাশিত তাৰিখঃ ২৯ জানুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিগম–পৰিষদবোৰত ৪০জনকৈ অধ্যক্ষ–উপাধ্যক্ষ নিযুক্তি দিছিল যিসকলৰ সাংস্কৃতিক জগতৰ ব্যক্তিও আছে। তদুপৰি নিজ দলৰ কিছুসংখ্যক সদস্যক সন্তুষ্টি ৰাখিবৰ বাবে কেইখনমান নিগম–পৰিষদ নতুনকৈ গঠন কৰি তাত নিযুক্তি দিয়াৰ ব্যৱস্থাও কৰিছিল। কিন্তু বিগত ডেৰটা বছৰত একো কাম কৰিব পৰা নাই এই নিগম–পৰিষদবোৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত উপাধ্যক্ষ পদ নথকা নিগম–পৰিষদত বিজেপি চৰকাৰে সেই পদ সৃষ্টি কৰি দলীয় নেতাক নিযুক্তি দিছিল।

সম্প্ৰতি নিগম–পৰিষদবোৰৰ প্ৰশাসন চলিবলৈ যি পুঁজিৰ প্ৰয়োজন সেয়া ৰাজ্য চৰকাৰে যোগান ধৰিব পৰা নাই বুলি অভিযোগ উঠিছে। প্ৰয়োজনীয় পুঁজিৰ অভাৱত অচল হৈ পৰিছে ৰাজ্যৰ নিগম–পৰিষদবোৰ। ফলত নিগম–পৰিষদবোৰে আঁচনি গ্ৰহনতে সন্তুষ্টি থাকিব লগা হৈছে।

উল্লেখনীয় যে, নিগম–পৰিষদবোৰৰ অধ্যক্ষ–উপাধ্যক্ষসকলে প্ৰয়োজনীয় ধন বিচাৰি চৰকাৰৰ ঘৰত দিনৰ পিচত দিন তাতবাতি কাঢ়ি আছে যদিও কোনো ফল দিয়া নাই। বিত্ত বিভাগে বিভিন্ন অজুহাত দেখুৱাই এতিয়াও ধন মোকলাই দিয়া নাই বুলি বিভিন্ন সূত্ৰত প্ৰকাশ। বৰ্তমান ধনৰ অভাৱত অধ্যক্ষ–উপাধ্যক্ষসকল সমস্যাৰ গৰাহত পৰিছে।

অসম বিত্ত নিগম, অসম ৰাজ্যিক গৃহ নিৰ্মাণ পৰিষদ, অসম ঔদ্যোগিক উন্নয়ন নিগম, কিনা–বেচা নিগম লিমিটেড, অসম কৃষি সামগ্ৰী উন্নয়ন নিগমত পূৰ্বতে উপাধ্যক্ষ নাছিল। বৰ্তমান সেইবোৰতো উপাধ্যক্ষ নিযুক্তি দিছে। উপাধ্যক্ষ নিযুক্তিৰে উক্ত প্ৰতিষ্ঠানবোৰৰ কাম–কাজৰ গতি বঢ়াই তোলাৰ পূৰামাত্ৰাই সম্ভাৱনা আছিল যদিও সেয়া পৰিলক্ষিত হোৱা নাই। অৱশ্যে সেই প্ৰতিষ্ঠানবোৰে বিচৰা ধৰণে চৰকাৰৰ ঘৰৰ পৰা পুঁজি নোপোৱাত কামৰ গতি বঢ়াই তুলিব পৰা নাই বুলি একাংশই ক’ব বিচাৰে। পূঁজিৰ অভাৱে জটিলতা সৃষ্টি কৰিলেও অসন্তুষ্ট হৈ পৰা অধ্যক্ষ–উপাধ্যক্ষসকলে এই মুহুৰ্তত মুকলিভাৱে কোনেও মাত মাতিব পৰা নাই অকল তেওঁলোকৰ পদবী কৰ্তনৰ ভয়ত।   

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward