Friday, April 26, 2024
HomeARTICLEসমাগত সময়ৰ বাবে বৌদ্ধিক সংগ্ৰাম

সমাগত সময়ৰ বাবে বৌদ্ধিক সংগ্ৰাম

প্ৰকাশিত তাৰিখঃ ২ জানুৱাৰী, ২০২৩

কল্প ৰঞ্জন গগৈ –

নৱেম্বৰ ২৫, ১৯৪৯ চন। বাবাচাহেব ষষ্ঠ ভীমৰাও আম্বেদকাৰে দেশৰ সংবিধান সভাত (Constituent Assembly)ত শেষ বক্তব্যত কৈছিল– অহা ২৬ জানুৱাৰী ১৯৫০ চনৰ পৰা দেশ তথা সমাজ প্ৰৱেশ কৰিব এক দ্বন্দময় পৰিবেশত (We are going to enter into a life of conditions)। ৰাজনৈতিক ক্ষেত্ৰত থাকিব সমতা কিন্তু সামাজিক আৰু অৰ্থনৈতিক জীৱন হ’ব অসমতা– বৈষম্যৰে পৰিপূৰ্ণ। একেসময়তে প্ৰতিজনৰ থাকিব ভোটাধিকাৰ যাৰ মূল্য সমান কিন্তু প্ৰতিজন ব্যক্তিৰ অৰ্থনৈতিক আৰু সামাজিক মূল্য অসমান আৰু পৃথক পৃথক।

আজি ৭৫ বছৰীয়া স্বাধীনতাই প্ৰতিজন ভাৰতীয়ক দিছে সমমূল্যৰ ভোটাধিকাৰ কিন্তু অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰত পৰ্বতসম বিষমতা। ৰজা আৰু প্ৰজাৰ মাজৰ বিষমতা, পূঁজিপতি আৰু জনসাধাৰণৰ মাজৰ বিষমতা, প্ৰজা আৰু জনসাধাৰণৰ মাজৰ বিষমতা। দেশৰ জীৱনৰ প্ৰতি চুকে–কোণে সোমাই থকা দূৰ্নীতি হৈছে ইয়াৰ ফচল। সেয়ে দূৰ্নীতিৰ বিষয়ে আমি দেখিছো–শুনিছো কিন্তু মাজে মাজে একো একোটা ধামাকৰ বাদে ফলদায়ক কি হৈছে? সাম্প্ৰদায়িকতাবাদ–বৰ্ণবাদ আদিৰ দৰে দূৰ্নীতিও সমাজৰ অংগ হৈছেগৈ। বুজি পাইছে কোনো কোনোৱে– কিন্তু ইয়াৰ মূল কাৰণটোনো কি?

১৯৭৫ চনত জয়প্ৰকাশ নাৰায়ণে আহ্বান দিছিল এক আন্দোলনৰ বাবে। তাৰ দহ বছৰ পিছত তেওঁৰ ৰাজ্যখনেই দূৰ্নীতিত ৰমৰমা। ইন্দিৰা গান্ধীয়ে এই আন্দোলন দমন কৰাৰ ফল নে আন কিবা? আজিৰ ভাৰতবাসীয়ে ইয়াক অনুসন্ধান কৰিব লাগিব। সম্পূৰ্ণ বস্তুনিষ্ঠভাৱে, নিৰ্মোহ ভাৱে।

কৌটিল্যৰ দিনতে দূৰ্নীতি আছিল। আজি যেনিবা ইয়াৰ ৰূপ (Form) সলনি হৈছে। কিন্তু মৰ্মবস্তু (Content) একেই আছে। আমূল পৰিৱৰ্তনৰ (Root and Branch Reform) কথা কৈছিল স্বামী বিবেকানন্দই (১৮৬৩–১৯০২)। কৈছিল শূদ্ৰ যুগৰ কথা। কৈছিল ভৱিষ্যতৰ ভাৰতবৰ্ষ হ’ব লাগিব– ‘ইছলামৰ দেহা– বেদান্তৰ মগজুৰ’ (Islamic Body and Vedantic Brain)। কৈছিল মানুহ গঢ়া, চৰিত্ৰ গঢ়া, ৰাষ্ট্ৰ গঢ়াৰ শিক্ষাৰ কথা (Man making, Nation Building and Character Building Education)।

ইংৰাজে এৰি যোৱা শিক্ষাৰে প্ৰকৃত মানুহ গঢ়িব নোৱাৰি। তেওঁলোকৰ দিনৰ আইনবোৰ বাতিল নকৰাকৈ নতুন ভাৰতবৰ্ষ অসম্ভৱ। সংবিধানৰ প্ৰস্তাৱনাৰ সাৰ্বভৌমত্ব, ধৰ্ম নিৰপেক্ষতা, সমাজবাদ আৰু গণতন্ত্ৰক অধিক সৱল কৰি শক্তিশালী গণৰাজ্য গঢ়িব লাগিব। গঢ় দিব লাগিব সমাজতান্ত্ৰিক গণতন্ত্ৰ। জনগণে অধ্যয়ন কৰক স্বামী বিবেকানন্দই কোৱা বেদান্তিক সমাজবাদ (Vedantic Socialism)।

মহান দাৰ্শনিক বিজ্ঞানী আইনষ্টাইনৰ মতে সমাজতন্ত্ৰই হৈছে মানুহৰ পূৰ্ণাংগ বিকাশৰ বাবে প্ৰকৃত সমাজ ব্যৱস্থা। য’ত কোনো ধৰণৰ শোষণ নাথাকিব। আৰু বৈজ্ঞানিক সমাজবাদৰ কথা কাৰ্লমাৰ্ক্সৰ মতে (১৮১৮–১৮৮৩) পূৰ্ণাংগ বিকাশ সাম্যবাদৰ আগৰ উত্তৰনশীল স্তৰ হৈছে সমাজবাদ।

শ্ৰীমন্ত শংকৰদেৱে (১৪৪৯–১৬৬৮) অসমৰ দৰে এখন জকাইচুকত তেনে এখন বৈজ্ঞানিক মানসিকতাৰ সমাজৰ কথাই কৈ গৈছিল। যি মানসিকতাই নতুন নতুন ৰূপত প্ৰকাশিত হৈছে। বৰ্তমান সময়ৰ নৱ্য উদাৰনৈতিক অৰ্থনীতিয়ে গ্ৰাস কৰি বিপথগামী কৰা সমাজখনক আমাৰ মণিষীসকলে দৃঢ় মতেৰে কৈ যোৱা সমাজৰ উন্নত ৰূপ সমাজতন্ত্ৰলৈ উত্তৰণৰ বাবে জনগণৰ সমূহীয়া প্ৰচেষ্টাৰ সময় সমাগত।

ধনতন্ত্ৰৰ ৰূপ যিয়েই নহওক ই সদায়েই ব্যক্তিকেন্দ্ৰীক, আত্মক্ষয়ী আৰু পতন মুখী। আজি ‘বৈশ্য যুগত’ ই অধিক প্ৰকট হৈ দেখা দিছে। ধৰ্ম আজি আত্মবিস্মৃত– ধ্বংসকামী। বিদ্বৎ সকলে জানে, এক বুজন অংশই নুবুজে কাৰণ প্ৰদৰ্শনী আৰু বিজ্ঞাপনে মতিচ্ছন্ন কৰি ৰাখিছে।

সেয়ে তিলতিলকৈ গঢ়িব লাগিব নৱজাগৰণৰ বাবে প্ৰস্তুতিৰ যুদ্ধ। সেয়ে বৌদ্ধিক সংগ্ৰাম চলিব অবিৰাম– কোনো ধৰণৰ বিচ্যুতি নোহোৱাকৈ।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward