Friday, March 29, 2024
HomeARTICLEঐতিহাসিক চানডুবি বিলৰ উৎপত্তি, সংকট, সম্ভাৱনা আৰু আজিৰ চানডুবি উৎসৱ

ঐতিহাসিক চানডুবি বিলৰ উৎপত্তি, সংকট, সম্ভাৱনা আৰু আজিৰ চানডুবি উৎসৱ

প্ৰকাশিত তাৰিখঃ ২ জানুৱাৰী, ২০২৩

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

তাহানিৰ তৃতীয় শ্ৰেণীৰ ভূগোলত অসম চৰকাৰে স্বীকৃতি প্ৰদান কৰা চলচলা, বিলদৰা, কাপলা, দীপৰ, চানডুবি আদি ৯খন বিলৰ বিষয়ে পঢ়িবলৈ পাইছিলো। তাৰ ভিতৰৰ চানডুবিও অন্যতম এখন বিল। ঐতিহাসিক চানডুবি বিল গুৱাহাটী মহানগৰীৰ পৰা ৬০ কিঃ মিঃ আৰু লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমান বন্দৰৰ পৰা মাত্ৰ ৪৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত। অৱশ্যে চানডুবি এখন বিলেই নহয় ই এখন অন্যতম আৰ্দ্ৰভূমিও। সাধাৰণলোকৰ মাজত  প্ৰশ্ন আহিব বিল আৰু আৰ্দ্ৰভূমিৰ পাৰ্থক্যনো কি? ইয়াৰ বৈশিষ্ট্যসমূহ কি কি? দৰাচলতে বিল হ’ল চাৰিওফালে স্থলভাগে আগুৰি থকা এক জলৰাশি। আনহাতে– সমগ্ৰ বছৰটোৰ অধিক সময় পানী জমা হৈ ৰোৱা জলৰাশিক আৰ্দ্ৰভূমি অথবা জলাহভূমি বুলি কোৱা হয়। জান–জুৰি, কম সোঁতত বোৱা পানী, কৃত্ৰিমভাৱে সৃষ্টি হোৱা হ্ৰদ, খাল–বিল, দ’ খেতিপথাৰ, পিটনি, দলনি আদিও জলাহৰে এক গুৰুত্বপূৰ্ণ অংগ। অসম–মেঘালয় সীমান্তত অৱস্থিত চানডুবি বিল জৈৱ–বৈচিত্ৰ্যৰে পৰিপূৰ্ণ প্ৰকৃতিৰ এক অনুপম সৃষ্টি। চৌদিশত কেৱল সেউজীয়া পাহাৰ, ঘন বননিৰ এক শান্ত–সমাহিত পৰিৱেশৰ মাজত অৱস্থিত চানডুবি। চানডুবি বিভিন্ন জন্তু–জন্তু, চৰাই–চিৰিকটি, মাছ–কাছ, জলজ উদ্ভিদ, ভিন্ন প্ৰজাতিৰ বিদশী পৰিভ্ৰমী চৰাইৰো আবাসভূমি। চানডুবি অতীতৰ বৰদুৱাৰ ৰাজ্য আৰু এতিয়াৰ কামৰূপ জিলাৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত। পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰদুৱাৰ সংৰক্ষিত বনাঞ্চলত অৱস্থিত চানডুবি বিল বৰ্তমান ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ চানডুবি পৰিষদীয় সমষ্টিৰো অধীন। 

ঐতিহাসিক চানডুবি বিলৰ সৃষ্টি আৰু নাম উৎপত্তি সম্বন্ধে ভিন্ন মত, জনশ্ৰুতি আছে। চানডুবি হাজাৰ–হাজাৰ বছৰ পূৰ্বেও এখন জলাহ ভূমি আছিল। কিন্তু বিলখনৰ আজিৰ যি ৰূপ সেইসময়ত হয়তো নাছিল। কিন্তু জলাহ ভূমি যে আছিল সেয়া খাটাং। অৱশ্যে সেই জলাহভূমি চানডুবি নে অন্য নাম আছিল সেয়া ক’ব পৰা নাযায়। ১৮৯৭ চনৰ ১২ জুনত এক বৃহৎ ভূমিকম্পৰ ফলত এই জলাহ ভূমিৰ তলিখন বহি যোৱাৰ লগেলগে ইয়াৰ পৰিসৰ বৃদ্ধি হয়। ৮.৭ ৰিখটাৰ স্কেলৰ প্ৰাৱল্যত সংঘটিত হোৱা এই ভূমিকম্পটোত ওচৰ–পাজৰৰ পাঁচখন পাহাৰ বহি যোৱাৰ লগতে কালক্ৰমত ই পানীত ডুবি গৈছিল। এই পাঁচখন পাহাৰ ডুবি যোৱাৰ ফলতেই আজিৰ চানডুবি বিলৰ সৃষ্টি হৈছিল। চৰকাৰী তথ্য অনুসৰি– ঐতিহাসিক বিলখন ১২৪ বছৰ অতিক্ৰম কৰিছে। চানডুবিৰ নাম সৃষ্টিৰ সৈতে বিভিন্ন মত, জনশ্ৰুতি আদি পোৱা যায়। আমাৰ দেশত গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ আগতে বৰদুৱাৰ এখন ক্ষুদ্ৰ স্বাধীন ৰাজ্য আছিল। বৰদুৱাৰৰ আশে–পাশে নংখ্লাও, ৰাণী, বগে, পাণ্টান আদি বহুকেইখন ক্ষুদ্ৰ ৰাজ্য আছিল। এই ক্ষুদ্ৰ ৰাজ্যসমূহৰ ৰজাসকল আছিল বড়ো–কছাৰী, ৰাভা, খাছি আদি জনগোষ্ঠীয় মূলৰ। বৰদুৱাৰ ৰাজ্যৰ শাসনভাৰ এসময়ত বুৰঞ্জীখ্যাত খাছি বীৰ তিৰৎ সিঙৰ ৰাজ্য নংখ্লাওৰ অধীনলৈ গৈছিল। খাছি ৰজাই ৰাজধানী নংখ্লাও (মাইৰাং)ৰ পৰাই বৰদুৱাৰৰ সকলোবোৰ প্ৰশাসনীয় কামকাজ নিয়ন্ত্ৰণ কৰিছিল। গতিকে বিভিন্ন ক্ষেত্ৰত খাছি ভাষাৰ প্ৰভাৱ থাকি যোৱা অনুমান কৰা হয়। যেনে– চানডুবি শব্দটো।পূৰ্বতে খাছিসকলেও বিভিন্ন দেৱ–দেৱীলৈ পূজা–অৰ্চনা আগবঢ়াইছিল। পূৰ্বৰ এই ডুবিটোৰ পাৰত পাঁচজন দেৱতালৈ (চান উব্লেই) পূজা আগবঢ়াইছিল। খাছি ভাষাত ‘চান’ মানে হ’ল পাঁচ আৰু উব্লেই মানে হ’ল দেৱতা। একালৰ ‘চান উব্লেই’ পৰৱৰ্তী সময়ত চানডুবি হোৱা বুলি এক লোক প্ৰবাদ আছে। অন্য এক প্ৰবাদমতে– চানডুবিৰ নিলগত বাঢ়ৈগাঁৱৰ ওচৰত হঠাৎ একুৰা বন জুই দপদপাই জ্বলি উঠে। এই বন জুইয়ে অটব্য অঞ্চলটোৰ গছ–গছনি, জীৱ–জন্তু আদি পুৰি ছাৰখাৰ কৰিলে। ইংৰাজ চৰকাৰৰ বন বিভাগে এই জুইৰ উৎপত্তিৰ এক তদন্তৰ নিৰ্দেশ দিয়ে। বন বিভাগে বাঢ়ৈগাঁৱৰ ডেকা খেতিয়ক চান্দু চাংমাক দোষী সাব্যস্তৰে আটক কৰে। ইংৰাজ বিষয়াসকলে দোষী সাব্যস্ত কৰা চান্দু চাংমাক গাঁওবুঢ়া চাৰেং মাৰাকৰ ওচৰত হাজিৰ কৰে। বনজুইয়ে কৰা অমূল্য সা–সম্পদ ধ্বংসৰ অপৰাধত দোষী সাব্যস্ত কৰি ইংৰাজ বিষয়াসকলে চান্দু চাংমাক ফাঁচীৰ বাবে নিব বিচাৰে। কিন্তু গাঁওবুঢ়া চাৰেং মাৰাকে ইংৰাজ বিষয়াসকলৰ ওচৰত বহু যুক্তি দৰ্শাবলগীয়া হয়। অৱশেষত চান্দু চাংমা ফাঁচিৰ পৰা মুক্তি লাভ কৰে। কিন্তু কেইটামান ঘণ্টাৰ পিছত আকৌ একেই অৱস্থা। চৌপাশে ধুমুহাৰ দৰে শব্দ, পাহাৰ, বন–বননি সকলোতে তীব্ৰ জোকাৰণি, লগতে নিৰ্বাপিত বনজুইয়ে পুনৰ ৰূদ্ৰ মুৰ্তি ধাৰণ কৰি উঠে। নাচনিশিলা, ছাগলচাৰি, বগাশিলা, চাম্পে আৰু মায়াং এই পাঁচখন পাহাৰ লাহে লাহে ডুবি গৈ প্ৰকাণ্ড জলাশয়ৰ সৃষ্টি হ’ল। বিনা অপৰাধত ইংৰাজ বিষয়াসকলৰ পৰা চান্দু চাংমাই ফাঁচীৰ হুকুম লাভ কৰিছিল। চান্দুই মুক্তি লাভৰ পিছতে পাহাৰ ডুবি জলাশয়ৰ সৃষ্টি হোৱাত কালক্ৰমত চান্দুৰ পৰা চান্দ, পৰৱৰ্তী সময়ত ই চানডুবি হৈছিল।         

উল্লেখযোগ্য যে, সমগ্ৰ চানডুবি বিলখনৰ দৈৰ্ঘ্য হ’ব প্ৰায় ৭ কিলোমিটাৰ আৰু গড় হিচাপত বহল ১ কিলোমিটাৰ।পূবে– মুদুকী, হাতীগড়, পশ্চিমে– শান্তিবিল, চাপাৰাকাটা, কলহী নদী, বৰদুৱাৰ সংৰক্ষিত বনাঞ্চল, উত্তৰে– বাতাহী পাহাৰ, জৰামুখুৰীয়া, জুপাংবাৰী, খুৱদিয়া, বৰদুৱাৰ সংৰক্ষিত বনাঞ্চল, দক্ষিণে– ৰাজাপাৰা, ছাগলছাৰী পাহাৰ, বাঢ়ৈগাঁও, কঁঠালগুৰি। এসময়ত ভৰপূৰ প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ হৈ থকা চানডুবি বিল দেশী–বিদেশী পৰ্যটকৰ মুখ্য আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল। বিভিন্ন প্ৰজাতিৰ মাছ, কাছ, চৰাই–চিৰিকটি, মেৰুদণ্ডি, অমেৰুদণ্ডি প্ৰাণীৰ আৱাসস্থল আছিল। তদুপৰি, বনৰীয়া হাতীৰো প্ৰধান বিচৰণ ভূমি আছিল এই চানডুবি বিল আৰু ইয়াৰ দাঁতিকাষৰীয়া বনাঞ্চলসমূহ। চানডুবি বিলৰ বিভিন্ন শাখা–প্ৰশাখা মিলি মাটিৰ পৰিমাণ ২০০০ হেক্টৰ। অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৰিষদৰ ‘ৰিম’ট চেঞ্চিং এপ্লিকেচন চেণ্টাৰে’ চানডুবি বিলৰ ওপৰত ২০০৭–২০১১ চনৰ ভিতৰত এলানী অধ্যয়ন চলাইছিল। সংস্থাটোৰ বিজ্ঞানী প্ৰসন্ন বৰুৱাৰ নেতৃত্বত চলা এই অধ্যয়ন অনুসৰি চানডুবিৰ আৰ্দ্ৰভূমিৰ বিস্তাৰিত জলভাগ আছিল– ১৯১১–১৯১২ চনত ৪৪৮.৬০ হেক্টৰ, ১৯৫৪ চনত ৪৮১.১৯ হেক্টৰ, ১৯৬৭–১৯৬৮ চনত ৩৯২.৬১ হেক্টৰ, ১৯৯৭ চনত ২০৩.২০ হেক্টৰলৈ হ্ৰাস পাইছিল আৰু ২০০৭ চনত ১৮৬.৫২ হেক্টৰ। অধ্যয়ন কালত জলাশয়টোৰ পানীৰ গভীৰতা ৮ মিটাৰৰ পৰা ৩ মিটাৰলৈ হ্ৰাস হোৱা বুলি কোৱা হৈছিল। বিলৰ পানীভাগ কমি যোৱাৰ লগেলগে বিভিন্ন প্ৰকাৰৰ মাছকে আদি কৰি মেৰুদণ্ডী, অ–মেৰুদণ্ডী প্ৰাণীবোৰ লুপ্ত হৈ যাবলৈ ধৰিছে। লগতে পৰিভ্ৰমী পক্ষীৰো বিচৰণ বন্ধ হৈ গৈছে।

উল্লেখনীয় যে, চানডুবি বিলক কেন্দ্ৰ কৰি বাণিজ্যিক সম্ভাৱনীয়তা গঢ়ি তুলিব পৰা অনেকবোৰ সমল আছে। এই সম্ভাৱনাবোৰৰ সুযোগ গ্ৰহণ কৰিবলৈ হ’লে চানডুবি বিলৰ প্ৰাকৃতিক সম্পদ সমূহ সংৰক্ষণ কৰিবই লাগিব। ঐতিহাসিক চানডুবি বিলৰ প্ৰাকৃতিক সম্পদ সুৰক্ষাৰ বাবে বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত ২০১০ চনৰ পৰা বিলৰ বাকৰিত ‘চানডুবি উৎসৱ’ৰ আয়োজন কৰি আহিছে। পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’বলগীয়া চানডুবি উৎসৱে এইবাৰ ত্ৰয়োদশ বৰ্ষত ভৰি দিছে। ‘চেভ চানডুবি, চেভ হেৰিটেজ’ ঐতিহাসিক বিলখনৰ সংৰক্ষণৰ মূল বাণী চানডুবি উৎসৱৰ জৰিয়তে দেশ–বিদেশৰ মাজত বিলাই দি আহিছে। ৰাইজৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰা আয়োজক সমিতিয়ে উৎসৱস্থলীত থলুৱা সংস্কৃতি, লোকনৃত্য, খাদ্য, খেলা–ধুলা, পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনৰো দিহা কৰি আহিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward