Friday, March 29, 2024
Homeবাতৰিভাৰত–ম্যানমাৰ সীমান্তৰ গেট মুকলি

ভাৰত–ম্যানমাৰ সীমান্তৰ গেট মুকলি

প্ৰকাশিত তাৰিখঃ ১৩ আগষ্ট, ২০১৮

চি এন ডেক্স

ভাৰত–ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ লেণ্ড ব’ৰ্ডাৰ ক্ৰছিং কাৰ্যসূচী যোৱা ৮ আগষ্ট বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে। মণিপুৰৰ ম’ৰে–টামু আৰু ৰিখাৱাদাৰ–জৌখাউথাৰত বহুলোকৰ উপস্থিতিত এক উৎসৱমুখৰ পৰিবেশত এই কাৰ্যসূচী সমাপন কৰা হয়। ৰিখাৱাদাৰ ম্যানমাৰৰ চীনপ্ৰদেশত আৰু জৌখাউথাৰ মিজোৰামত অৱস্থিত।

ম্যানমাৰৰ চীনপ্ৰদেশৰ মুখ্যমন্ত্ৰী লিয়েন লুই আৰু মিজোৰামৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী এইচ ৰহলুনাই অনুষ্ঠানটোত অংশ গ্ৰহণ কৰে। সীমান্তৰ গেটকেইখন মুকলি হোৱাৰ পিচত দুই দেশৰ মাজত বন্ধুত্বপূৰ্ণভাৱ সুদৃঢ় হোৱাৰ লগতে ব্যৱসায়–বাণিজ্যৰ ক্ষেত্ৰত অধিক উন্নতি ঘটিব বুলি আশা প্ৰকাশ কৰিছে। নেতা দুগৰাকীয়ে মিজোৰাম–ম্যানমাৰ সীমান্তৱৰ্তী টিৱাও নদীৰ দলংখনৰ ওপৰেৰে খোজকাঢ়ি গৈ ৰিহ ছেক্টৰত থকা সীমান্ত বাণিজ্য কেন্দ্ৰত উপস্থিত হয়।        

উল্লেখযোগ্য যে আজিৰ পৰা দুশ বছৰ আগতে বিভিন্ন কাৰণত অসমৰ পৰা সন্ধানহীন হৈছিল বহু পৰিয়াল। এইবোৰ অসমীয়া পৰিয়াল এতিয়া ম্যানমাৰৰ বাসিন্দা। দুয়ো ৰাষ্ট্ৰৰ স্থল পথ মুকলি হোৱাৰ পিচত উক্ত পৰিয়াল সমূহৰ যোগাযোগ ব্যৱস্থা সূচল হৈ পৰিব। এই পদক্ষেপে ম্যানমাৰবাসী অসমীয়াৰ বাবে এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে।

সীমান্তৰ স্থলপথেৰে যাতায়তৰ ব্যৱস্থা সৰলীকৰণ কৰাৰ বাবে ২০১৮ চনৰ ১১ মে’ত স্বাক্ষৰিত হৈছিল ‘ইণ্ডো–ম্যানমাৰ’ চুক্তি। এই চুক্তিয়ে দুয়োখন দেশৰ মাজত দ্বিপাক্ষিক সম্পৰ্ক আৰু এক্ট ইষ্ট পলিচী সুদৃঢ়কৰণৰ এটা মাইলৰখুটি। চুক্তি স্বাক্ষৰিত দিনটো আছিল দুয়ো ৰাষ্ট্ৰৰ এটা ঐতিহাসিক দিন। সীমান্তৱৰ্তী এই চেকপষ্ট মুকলি হোৱাৰ পিচত ছাউথ–ইষ্ট এছিয়াৰ দেশসমূহৰ সৈতে যাতায়ত ব্যৱস্থা সহজ হৈ পৰিব। এই পথেৰে প্ৰৱেশ–প্ৰস্থানৰ ক্ষেত্ৰত পাছপোৰ্ট আৰু ভিছাৰ সৰলীকৰণ ব্যৱস্থা উপলব্ধ হ’ব বুলি প্ৰকাশ কৰে ম্যানমাৰস্থিত ভাৰতৰ কনছুল জেনেৰেল নন্দন সিং বাহীছ’ৰাই।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward