Tuesday, April 23, 2024
Homeবাতৰিছিণ্ডিকেটৰাজৰ হাতোৰাত কাজু খেতিয়ক

ছিণ্ডিকেটৰাজৰ হাতোৰাত কাজু খেতিয়ক

প্ৰকাশিত তাৰিখঃ ১৩ আগষ্ট, ২০১৮  

চি এন ডেক্স

এচামে কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰে আৰু এচামে ওপৰতে দালালগিৰি কৰি মুনাফা লোভে। এফালৰ পৰা মেৰিয়াই গৈছে মধ্যভোগী দালালৰ দ্বাৰা সৃষ্ট ছিণ্ডিকেটৰাজৰ হাতোৰাই। এই হাতোৰাৰ পৰা সাৰি যোৱাৰ কোনো উপায় নাথাকে সাধাৰণ কৃষকৰ।

সম্প্ৰতি ছিণ্ডিকেটৰাজৰ ফলত অসম–মেঘালয় সীমামূৰীয়া মানকাচৰৰ কাজু খেতিয়কসকলৰ অৱস্থা শোচনীয় হৈ পৰা বুলি জানিব পৰা গৈছে। এই দালালসকলৰ বাবে উপযুক্ত দামৰ পৰা বঞ্চিত হৈছে উক্ত অঞ্চলৰ কাজু খেতিয়কসকল।

যি সময়ত অসমত প্ৰতি কেজি কাজুৰ বজাৰ মূল্য ১০০০–১৪০০ টকা চলি আছে সেই সময়ত মানকাচৰৰ খেতিয়কসকলে ২০০–৩০০ টকা দামত মধ্যভোগীৰ হাতত বিক্ৰী কৰিব লগা হৈছে। অঞ্চলটোত বহুকেইটা পঞ্জীয়ণভুক্ত কাজু ফেক্টৰী থকাৰ পিচতো কি কাৰণত উপযুক্ত বজাৰ মূল্যৰ পৰা বঞ্চিত এই খেতিয়কসকল। 

অঞ্চলটোত প্ৰায় দহ কোটি টকাৰ কাজু উৎপাদন হয় যদিও উপযুক্ত বজাৰৰ অভাৱে খেতিয়কসকলৰ মন হতাশাগ্ৰস্থ কৰি তুলিছে। ৰাজ্য চৰকাৰে মধ্যভোগীৰ হাতোৰা মুক্ত কৰি কাজু খেতিয়কসকলক সকাহ দিয়াৰ লগতে এই খেতিৰ উন্নয়নৰ স্বাৰ্থত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়াহে আজিৰ তাৰিখত লাখটকীয়া প্ৰশ্ন।  

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward