Friday, April 19, 2024
Homeবাতৰিভূমিস্খলনৰ আশংকাত ভূগিছে ৰানীৰ পাহাৰীয়া অঞ্চলসমূহৰ বাসিন্দাসকলে

ভূমিস্খলনৰ আশংকাত ভূগিছে ৰানীৰ পাহাৰীয়া অঞ্চলসমূহৰ বাসিন্দাসকলে

প্ৰকাশিত তাৰিখঃ ১৫ জুন ২০১৬

ধৰ্মেন্দ্ৰ দাস–

ভৱিষ্যতে ৰাণীৰ কাষৰীয়া মেঘালয়ৰ পাহাৰীয়া অঞ্চলসমূহত ভয়ংকৰ ভূমিস্খলন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এদিন নহয় এদিন ভয়াবহ ভূমিস্খলনৰ সম্মূখীন হোৱাৰ খুবেই সম্ভাৱনা এই অঞ্চলবাসী। বিপজ্জনকভাৱে মেঘালয়ৰ পাহাৰ সমূহৰ শিল আৰু মাটি খননৰ ফলত কাষৰ অঞ্চল সমূহত বাস কৰি থকা লোকসকলে নিজৰ জীৱন আৰু নিৰাপত্তাক লৈ এতিয়া চিন্তিত হৈ পৰা দেখা গৈছে।

ইতিমধ্যে অঞ্চলটোৰ পাহাৰত থকা শিল কোৱেৰী সমূহৰ পৰা বাৰিষা বৰষুণৰ পানীৰ সৈতে নামি অহা শিল-বালি-মাটিয়ে অসমৰ খেতি পথাৰ সমূহৰ বিস্তৰ ক্ষতিসাধন কৰিছে। ইয়াৰ ফলত গণপতি, নতুন বাটাবাৰী, জয়ন্তীপুৰ, মৈৰাপুৰ আদি ঠাইৰ খেতিয়কসকল অধিক ক্ষতিগ্ৰস্ত হৈছে। অনাগত দিনত আৰু অধিক ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। ভৱিষ্যতে আৰু অধিক ক্ষতিগ্ৰস্ত হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে অঞ্চলটোৰ বাসিন্দাসকল। সেয়ে অঞ্চলটোৰ ক্ষতিগ্ৰস্ত ৰাইজে এইক্ষেত্ৰত প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছে।

শিৰোনামৰ ছবিঃ ইষ্টৰ্ণ ফটো চাৰ্ভিচ

যোগাযোগ নম্বৰঃ + ৯১ ৯৬৭৮১৯১৯৫৩

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward