Saturday, April 20, 2024
Homeবাতৰিজিলা প্ৰশাসন আৰু বন বিভাগৰ অভিযানত অবৈধ বালিৰ ট্ৰাক, পাৱাৰ পাম্প জব্দ

জিলা প্ৰশাসন আৰু বন বিভাগৰ অভিযানত অবৈধ বালিৰ ট্ৰাক, পাৱাৰ পাম্প জব্দ

প্ৰকাশিত তাৰিখঃ ১৫ জুন ২০১৬

ধৰ্মেন্দ্ৰ দাস–

বন বিভাগৰ কৰ্মচাৰীৰ চকুত ধূলি দি অথবা বিভাগৰেই একাংশ কৰ্মচাৰী চোৰাং ব্যৱসায়ীৰ সৈতে লেটিপেটি হৈ বনজ সম্পদ লুণ্ঠন চলোৱা কাৰ্য আজিৰ ঘটনা নহয়। আজি বহু বছৰ ধৰি তেনে ঘটনা ঘটিয়ে আছে। সেই কথা সকলোৰে জ্ঞাত।

অলপতে তেনে এটি ঘটনা ঘটিছিল পূব কামৰূপ বন সংমণ্ডলৰ ৰাণী বনাঞ্চলিক কাৰ্যলয়ৰ অন্তৰ্গত। ঘটনাৰ বিৱৰণিমতে– ৰাণী বনাঞ্চলিক বিষয়াই তেওঁৰ এলেকাত কেইবাখনো বালিভৰ্তি ট্ৰাকৰ অৱস্থিতি সম্পৰ্কে এক গোপন সূত্ৰে সন্ধান লাভ কৰে। সন্ধান লাভৰ পাচতে বন বিষয়া অৰূপ কলিতাই বন সুৰক্ষা বাহিনীৰ দল এটিৰে সৈতে উক্তস্থানত উপস্থিত হয় আৰু অবৈধ বালিভৰ্তি কেইবাখনো ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, আজি বহুদিন ধৰি বন বিষয়াৰ চকুত ধূলি দি এই ট্ৰাককেইখনে চালান অবিহনে নিতৌ বালি কঢ়িয়াই আহিছিল। বনবিভাগে জব্দকৃত ট্ৰাককেইখনৰ বিৰুদ্ধে O/R No R/1 of 16–170 আৰু R No R/2 of 16–17 নম্বৰৰ এক গোচৰ ৰুজু কৰে।

আনহাতে দক্ষিণ কামৰূপ জিলা প্ৰশাসনে পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তৰ্গত কুলশী বনাঞ্চল এলেকাৰ কলহী নৈত অপাৰেচন চলাই কেইবাটাও বালি তোলা পাৱাৰ পাম্প জব্দ কৰে। জব্দকৃত উক্ত পাৱাৰ পাম্পেৰে আজি বহু দিনৰ পৰা এচাম অসাধু বেপাৰীয়ে কলহী নৈত বালি উঠাই আহিছিল।

স্থানীয় ৰাইজে জিলা প্ৰশাসন আৰু বন বিভাগৰ এই সফলতাক আদৰণি জনাই অনাগত দিনবোৰত আৰু অধিক এনেকুৱা অবৈধ বালি কঢ়িওৱা ট্ৰাক, বালি উঠোৱা পাৱাৰ পাম্প জব্দ কৰাৰ লগতে বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়।

শিৰোনামাৰ ছবিঃ ইষ্টৰ্ণ ফটো চাৰ্ভিচ

Photo Courtesy: Google Images

যোগাযোগ নম্বৰঃ + ৯১ ৯৬৭৮১৯১৯৫৩

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward