Friday, April 26, 2024
Homeবাতৰিমানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে দেশী–বিদেশী পৰ্যটকৰ সংখ্যা

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে দেশী–বিদেশী পৰ্যটকৰ সংখ্যা

প্ৰকাশিত তাৰিখঃ ৪ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেশী–বিদেশী পৰ্যটকৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যই আৱৰি থকা উদ্যানখনে সকলো সময়তে যেন পৰ্যটকসকক হাতবাউলি মাতি থাকে। সেয়ে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ পৰ্যটকসকলে ভিৰ কৰে উদ্যানখনত। 

মানাহ ৰাষ্ট্ৰীয় উদ্যান সৰ্বমূঠ ৯৫০ বৰ্গ কিলোমিটাৰ মাটিকালিৰে গঠিত। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু দৰং এই পাঁচখন জিলাৰ একাংশ সামৰি উদ্যানখন স্থাপন হৈছে। উদ্যানখন তিনিটা ৰেঞ্জত বিভক্ত। কেন্দ্ৰীয় ৰেঞ্জটো বৰপেটা ৰোডৰ বাঁহবাৰীত, পূবে– পাঠশালৰ ভূঞাপাৰা ৰেঞ্জ, পশ্চিমে– পাণবাৰী ৰেঞ্জ অৱস্থিত। উদ্যানখনত ব্যাঘ্ৰ প্ৰকল্প এটাও সংযোজন কৰা হৈছে। এই প্ৰকল্পটো বিশ্বৰ প্ৰথম স্থান দখল কৰা ৰাচিয়াৰ পিচতেই। মানাহ উদ্যানেই হ’ল বাঘৰ বাবে বিশ্বৰ দ্বিতীয় উপযোগী বাসস্থান।  

উল্লেখ্য যে নব্বৈৰ দশকত সংঘটিত হোৱা জনগোষ্ঠীয় আন্দোলনৰ প্ৰভাৱত মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা একেবাৰে কমি গৈছিল। যাৰ ফলস্বৰূপে উদ্যানখনে নিজস্ব স্বীকৃতিও হেৰুৱাই পেলাইছিল। পৰৱৰ্তীকালত বড়োলেণ্ড টেৰিট’ৰিয়েল কাউঞ্চিল (বিটিচি) কৰ্তৃপক্ষ, স্থানীয় লোক, প্ৰকৃতি প্ৰেমী সংগঠন ডব্লিউ ডব্লিউ এফ আৰু আৰণ্যকৰ একানপতীয়া প্ৰচেষ্টাত উদ্যানখনে পূনৰ আগৰ ৰূপ ঘূৰাই পাবলৈ সক্ষম হয়। ২০১১ চনৰ ২১ জুনত ৰাষ্ট্ৰীয় উদ্যানখনে পুনৰ বিশ্ব ঐতহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে।

সম্প্ৰতি প্ৰকৃতিৰ বিনন্দীয় ৰূপ উপভোগ কৰাৰ লগতে উদ্যানখনত থকা হাতী, গড়, বাঘ, মেথোন, নলগাহৰি, সোণালি বান্দৰ, ম’ৰা চৰাই, ধনেশ পক্ষী চাবলৈ ঢাপলি মেলিছে দেশী–বিদেশী পৰ্যটকসকল। ৰাষ্ট্ৰীয় উদ্যানখন ৰাইজৰ বাবে মুকলি কৰা দিন ধৰি বৰ্তমানলৈ প্ৰায় আঠ হাজাৰৰ অধিক দেশী আৰু আশীজনৰ অধিক বিদেশী প্ৰৰ্যটকে দৰ্শন কৰিছে বুলি বিভাগীয় কৰ্তৃপক্ষৰ সূত্ৰত প্ৰকাশ। পৰ্যটকে বিচৰা ধৰণে হাতী চাফাৰী আৰু জীপ চাফাৰী সমূহৰ সুব্যৱস্থা কৰা বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই।  

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward