Thursday, April 18, 2024
Homeবাতৰিছিকিমে বন্ধ কৰিব আমদানিকৃত শাক–পাচলিঃ মুখ্যমন্ত্ৰী পৱন চামলিঙৰ ঘোষণা

ছিকিমে বন্ধ কৰিব আমদানিকৃত শাক–পাচলিঃ মুখ্যমন্ত্ৰী পৱন চামলিঙৰ ঘোষণা

প্ৰকাশিত তাৰিখঃ ৪ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

আমাৰ চুবুৰীয়া হিমালয়ান ৰাজ্য ছিকিমে অহা বৰ্ষৰ ২০১৮ চনৰ ৩১ মাৰ্চৰ পৰা বন্ধ কৰি দিব ৰাজ্যৰ বাহিৰৰ পৰা আমদানি কৰা শাক–পাচলি। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী পৱন চামলিঙৰ।

অলপতে ৰাজধানী চহৰ গেংটকৰ মানান কেন্দ্ৰত অনুষ্ঠিত হৈছিল ৰাজ্যিক পৰ্যায়ৰ এখন পঞ্চায়ত সন্মিলন। এই সন্মিলনত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী চামলিঙে কয়– আমি আমাৰ লক্ষ্য পূৰণৰ বাবে অধিক জৈৱিক কৃষি উৎপাদনৰ ওপৰত বিশেষ গুৰুত্ব দিয়া দৰকাৰ। সেয়ে গাঁওসমূহত জৈৱিক খেতি উৎপাদনত পঞ্চায়তসমূহে আগভাগ ল’বলৈ আহ্বান জনায়।  

উল্লেখ্য যে ছিকিমত প্ৰচুৰ পৰিমাণে সেউজীয়া শাক–পাচলিৰ উৎপাদন হয় যদিও ৰাজ্যখনত বহল ভিত্তিত আলু, পিয়াজ, বিলাহীৰ উৎপাদন এতিয়াও হোৱা নাই। পাচলিৰ বজাৰত উক্ত কৃষি সামগ্ৰী সমূহৰ অভাৱ পূৰাবলৈ আন ৰাজ্যৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হয়। তেনেক্ষেত্ৰত শিলিগুৰি আৰু উত্তৰ বংগই ইয়াৰ অভাৱ পূৰণ কৰি আহিছে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward