Thursday, March 28, 2024
Homeবাতৰিঅসমৰ ১৫% জনজাতীয় লোকে এতিয়াও দেখা নাই সভ্যতাৰ পোহৰ

অসমৰ ১৫% জনজাতীয় লোকে এতিয়াও দেখা নাই সভ্যতাৰ পোহৰ

প্ৰকাশিত তাৰিখঃ ৪ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

অসমত এতিয়াও ১৫% জনজাতীয়ে সভ্যতাৰ পোহৰ দেখা নাই। এই সকল জনজাতীয় লোক মূলসুঁতিৰ পৰা বহু আঁতৰত। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত এইবুলি মন্তব্য প্ৰদান কৰে ৰাজ্য চৰকাৰৰ অধিবক্তা মনোজ কুমাৰ গোৱেলে। আনকি ৰাজ্যখনৰ ১৫% জনজাতীয় লোকক মূলসুঁতিৰ লগতে আধুনিক সমাজৰ পৰা আঁতৰত ৰখাৰ যুক্তি প্ৰদান কৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভৰ্ৎসনাৰ সন্মুখীন হ’বলগীয়া হ’ল অধিবক্তা মনোজ কুমাৰ গোৱেল।

আনহাতে ৰাজ্য চৰকাৰৰ অধিবক্তা মনোজ কুমাৰ গোৱেলৰ এই মন্তব্যক পূৰ্ণ সমৰ্থন জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই। সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে এটা সূত্ৰত প্ৰকাশ কৰা অনুসৰি– ৰাজ্য চৰকাৰৰ অধিবক্তা মনোজ কুমাৰ গোৱেলে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰহিণ্টন ফলিৰ সন্মুখত অসমৰ জনজাতি সম্পৰ্কত যি যুক্তি দৰ্শালে সেয়া সম্পূৰ্ণভাৱে যুক্তি সংগত। প্ৰকৃতাৰ্থত অসমৰ ১৫% জনজাতীয় লোকে এতিয়াও সভ্যতাৰ পোহৰ আৰু আধুনিকতাৰ পৰশ পাবলৈ সক্ষম হোৱা নাই।

তেখেতে পুনৰ কয় যে– জনজাতিসকল অসমৰ প্ৰকৃত বাসিন্দা। জনজাতিকৰণে কোনো তথ্যকে মজুত কৰি ৰাখিব নাজানে। ফলত নিজৰ নিজৰ নাম সমূহ এন আৰ চিত অন্তৰ্ভূক্ত কৰিবলৈ নাই কোনো তথ্য–পাতি। প্ৰকৃত বাসিন্দাসকলৰ ক্ষেত্ৰত এন আৰ চিত নাম অন্তৰ্ভূক্তি কৰিবলৈ কোনো তথ্যপাতিৰ যোগান ধৰাটো বাধ্যতামূলক হ’ব নালাগে। ৰাষ্ট্ৰীয় মূলসুঁতি কি সেয়াও নাজানে জনজাতি সকলে। ফলত জনজাতি সকলৰ নিজ ভূমি, নিজ সম্পদ, নিজ ভাষা–সংস্কৃতি ৰক্ষাৰ বাবে এক বিশেষ নিৰাপত্তাৰ প্ৰয়োজন আহি পৰিছে। এয়াই জনজাতিসকলৰ প্ৰকৃত ছবি। গতিকে অধিবক্তা মনোজ গোৱেলৰ মন্তব্যত লাজ পোৱাৰ কোনো কাৰণ থাকিব নোৱাৰে বুলি সাধাৰণ সম্পাদকগৰাকীয়ে দোহাৰে। 

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward