Friday, March 29, 2024
Homeপ্ৰবন্ধসফলতাৰ সুস্বাদু ফল

সফলতাৰ সুস্বাদু ফল

প্ৰকাশিত তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০১৬

কিশোৰ তালুকদাৰ –

কেৱল অমিতা খেতি কৰিয়েই উপাৰ্জনৰ পণ লৈছে তিনিজন যুৱকে, অসমৰ কামৰূপ জিলাৰ বহু খেতিয়কৰ বাবে পথ প্ৰদৰ্শক হৈ পৰিছে তিনিও যুৱক –

সাতত্ৰিশ বছৰীয়া খেতিয়ক কৃষ্ণ বড়োৱেই প্ৰথমে বাট কাটিছিল অমিতা খেতিৰ বাবে। ২০১০ চনত যুৱ কৃষকজনে নিজৰ খেতিমাটিৰ এটা সৰু অংশত আন পাচলি খেতি বাদ দি অমিতা খেতি কৰিবলৈ লৈছিল। অমিতা খেতিৰ জৰিয়তে হোৱা লাভৰ পৰিমাণ আছিল অত্যন্ত উৎসাহজনক। সেই অকমাণি এটুকুৰা মাটিতেই, এবিঘা মাটিৰ চাৰি ভাগৰ প্ৰায় এভাগমানত কৰা অমিতা খেতিৰে দুটা বছৰত খেতিয়ক জনে উপাৰ্জন কৰিছিল ৮০,০০০ টকা।

আন দুজন খেতিয়ক ৩৬ বছৰীয়া ৰাজকুমাৰ ৰাভা আৰু ৩০ বছৰীয়া ৰাজীৱ বড়োৱেও অমিতা খেতিৰে লাভবান হোৱাৰ কথা চিন্তা কৰিলে। কৃষ্ণ বড়োৱে তেঁওৰ অমিতা বাগিছাখন বহলোৱাৰ বাবে মাটি বিচাৰি আছিল। ৰাজকুমাৰ ৰাভা আৰু ৰাজীব বড়োৱে তেঁওক এই কামত সহায় কৰিলে।

বৰ্তমান তিনিওজন যুৱ খেতিয়কে নামনি অসমৰ কামৰূপ জিলাৰ বকোৰ নিকটৱৰ্তী ভোগদাবাৰীত আঠ বিঘা কৃষিভূমিত অমিতাৰ খেতি কৰিছে। লীজত লোৱা এই আঠ বিঘা মাটিত কৰা অমিতাৰ খেতিৰ জৰিয়তে তেঁওলোকে এই বছৰত এতিয়ালৈকে দহ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। “অহা তিনিটা মাহৰ ভিতৰত এই আঢ়ৈ বিঘা মাটিৰ অমিতা বাৰীৰ পৰাই আমি আকৌ তিনিলাখ টকাৰ অমিতা বিক্ৰী কৰিব পাৰিম বুলি আশা কৰিছোঁ,” কৃষ্ণ বড়োৱে ক’লে। অমিতা বাৰীখনত তেওঁলোকে ব্যয় কৰা প্ৰায় ৪ লাখ টকা বাদ দিয়াৰ পাছত লাভ হিচাপে তেঁওলোকৰ হাতত থাকিব ৮ লাখ টকা। অহা খৰালি কালত, অৰ্থাৎ এই বছৰৰ নৱেম্বৰ–ডিচেম্বৰ মাহত তেঁওলোকে পুনৰ চাৰে চাৰি বিঘা মাটিত অমিতা খেতি আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। অমিতা খেতিৰে আৰু অধিক লাভবান হোৱাৰ আশা তেঁওলোকৰ।

প্ৰতি আধাবিঘা মাটিত বিজ্ঞানসন্মত পদ্ধতি ব্যৱহাৰ কৰি ৪০০ জোপাকৈ অমিতা ৰুইছে খেতিয়ক কেইজনে। এই তিনি গৰাকী যুৱ খেতিয়কৰ প্ৰচেষ্টাই অঞ্চলটোৰ আৰু অতি কমেও ১০০ জন খেতিয়কক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে। ‘‘অমিতা খেতিৰ ফচল আৰু তাৰ দ্বাৰা হোৱা লাভক লৈ আমি অত্যন্ত সুখী। কিন্তু তাতোকৈ বেছি সুখী হৈছো বকোৰ আৰু বহু খেতিয়কক এই খেতি কৰাৰ বাবে অনুপ্ৰেৰণা যোগাব পৰা বাবে,”– কৃষ্ণ বড়োৱে কয়।

খেতিয়ক সকলে অমিতা খেতি কৰিবলৈ মন মেলাৰ বিশেষ কাৰণ আছে। তেঁওলোকে সাধৰণতে ৰেড লেডী (টাইৱানৰ প্ৰজাতি) আৰু স্বপ্না নামৰ অমিতাৰ বৰ্ণসংকৰ সঁচ দুবিধ ৰোপণ কৰি আহিছে। এই দুই প্ৰজাতিৰ অমিতাৰ অকল এজোপা গছেই ২০ৰ পৰা ৪০ কেজি অমিতা পাব পাৰি। প্ৰতি কেজি অমিতা ৪০ টকাকৈ বিক্ৰী কৰে তেঁওলোকে।

উৎপাদনৰ অধিক্যই উৎসাহী কৰি তোলা খেতিয়ক কেইজনে অমিতাৰ খেতি ১২ বিঘাতকৈও অধিক কৃষিভূমিলৈ সম্প্ৰসাৰিত কৰিবলৈ সিদ্ধান্ত লৈছে। তেঁওলোকে কোৱা মতে এই ফল বিধৰ চাহিদা ইমানেই বেছি যে খেতিয়কসকলে কেতিয়াবা প্ৰয়োজন অনুপাতে অমিতা যোগান ধৰিব নোৱৰা হৈ পৰে। খেতিয়কসকলে বৰ্তমান নিজৰ কৃষিভূমিত পুলিবাৰী তৈয়াৰ কৰি পুলি গজোৱাৰো দিহা কৰিছে।

অমিতাৰ চাহিদা ইমানেই বেছি যে খেতিয়ক কেইজনে নিজৰ খেতিৰ ফচল বিক্ৰী কৰিবলৈ বজাৰলৈ যাবলগীয়া নহয়েই। গুৱাহাটীৰ পৰা পাইকাৰী বেপাৰী গৈ তেঁওলোকৰ পামৰ অমিতা সংগ্ৰহ কৰি লৈ আহে। এই পাইকাৰী ব্যৱয়াসীৰ ভিতৰত আছে মহিলা ব্যৱসায়ীও। নামনি অসমৰ বড়ো অধ্যুষিত এলেকাকে ধৰি আন বিভিন্ন প্ৰান্তৰৰ পৰাও অমিতা সংগ্ৰহ কৰিবলৈ ব্যৱসায়ী আহে। “আমাৰ অমিতাৰ বাগিছাখন ক’বলৈ গ’লে ব্যৱসায়ৰ কেন্দ্ৰস্থল হৈ পৰিছে। বহু ব্যৱসায়ীকে বহু সময়ত আমি খালী হাতেৰে ওভতাই পঠিয়াব লগা হোৱাৰ বাবে আমাৰ বেয়াই লাগে,”– ৰাভাই কয়।

অমিতাৰ বৰ্দ্ধিত চাহিদাই খেতিয়কক উপকৃত কৰিছে। তেঁওলোকে কেতিয়াও ফল পূৰঠ হোৱাৰ পাছত বিক্ৰীৰ বাবে ৰ’ব লগীয়া হোৱা নাই। লোকচানো ভৰিব লগীয়া হোৱা নাই কোনোদিনে। সময়মতেই বেপাৰী আহি তেঁওলোকৰ খেতিৰ অমিতা সংগ্ৰহ কৰি লৈ যায়। অমিতাক লৈ কেৱল এটাই মাত্ৰ নেতিবাচক দিশ আছে সেয়া হৈছে ক্ৰেতাই গছত পকা অমিতাহে কিনিবলৈ বিচাৰে, অমিতাখিনি সঁচাকৈয়ে গছত পকা হয়নে নহয় সেইকথাত বহু ক্ৰেতায়েই সন্দিহান হয়। অমিতা পকাবলৈ ৰাসয়নিক দ্ৰব্য ব্যৱহাৰ কৰা বুলিও সন্দেহ কৰে বহুতে। সেয়ে বহু ক্ৰেতাই আধাপকা বা কেঁচা অমিতা কিনিবলৈ বিচাৰে। এক কেজি কেঁচা অমিতা তেঁওলোকে ১০ টকাতে পায়, আনহাতে এক কেজি পকা অমিতাৰ দাম ৪০ টকা।

কিন্তু অমিতাৰ এই নেতিবাচক দিশটোৱে বকোৰ অমিতা খেতিয়ক সকলক কোনো অসুবিধাত পেলাব পৰা নাই। ২০০০ চনত পোনপ্ৰথমে তেঁওলোকক লাভবান কৰিছিল অমিতাই। তেঁওলোকে মালভোগ কল, ষ্ট্ৰ’বেৰী আদি ফলৰ লগতে ব্ৰ’ক’লি, ফুলকবি, ৰঙালাও আদি নানা পাচলিৰ খেতিও কৰি চাইছিল। পিছে অমিতাইহে তেঁওলোকক সবাতোকৈ অধিক লাভৰ মুখ দেখুৱাইছে।

বকোৰ অমিতা খেতিয়ক সকলৰ পামলৈ গৈ ভাৱ যে, গ’ল অমিতা ফলবিধৰ খেতি কৰি খুব ভাল ফল লাভ কৰাৰ কায়দাটো ইতিমধ্যে ভালদৰেই আয়ত্ত কৰি পেলাইছে তেঁওলোকে। মাটিৰ আৰ্দ্ৰতা অটুট ৰাখিবলৈ পলী ছিট ব্যৱহাৰ কৰা হৈছে। অৱশ্যে অমিতা বাৰীত অনতিপলমে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে। খৰালি প্ৰতিজোপা গছতে প্ৰয়োজনীয় পানীৰ পৰিমাণ যাতে সঠিক থাকে তাৰ বাবেই সেয়া কৰা দৰকাৰ। পানীৰ বিশেষ অসুবিধা নহয় যদিও ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত অলপ নাটনি হয়। খেতিয়ক কেইজনে জনোৱা মতে সেই সময়ছোৱাত তেঁওলোকে বাগিছালৈ পাম্পৰ জৰিয়তে পানী বোৱাই আনে।

খেতিয়ক কেইজনলৈ সহায়ৰ হাত আগবঢ়োৱাৰ পদক্ষেপ লোৱা হৈছে চৰকাৰৰ তৰফৰ পৰাও। কামৰূপ জিলা কৃষি বিষয়া নবাৱ ইমদাদ আলিয়ে জনোৱা মতে খেতিয়ক কেইজনৰ অমিতাৰ বাগিছাত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে এক প্ৰস্তাৱ আগবঢ়োৱা হৈছে। বিভাগীয় কৰ্ত্তৃপক্ষৰ ফালৰ পৰা বজাৰ সংযোগৰো ব্যৱস্থা কৰাৰ চেষ্টা চলোৱা হৈছে। কামৰূপৰ এইসকল খেতিয়কক শীঘ্ৰেই কৃষকৰ উৎপাদনকাৰী সংস্থাৰে সংযোগ কৰি দিয়া হ’ব। সংশ্লিষ্ট বিভাগে ইতিমধ্যে তিনিটাকৈ কৃষকৰ উৎপাদনকাৰী সংস্থা স্থাপন কৰিছে। আনাৰসৰ বাবে বকোত, কমলাৰ বাবে সোণাপুৰত আৰু ফুলৰ বাবে হাজোত। ‘‘এতিয়া অমিতাৰ খেতি আন তিনিখন গাঁৱলৈ সম্প্ৰসাৰিত কৰাৰ লগতে বকোত অমিতাৰ বাবে এটি কৃষকৰ উৎপাদনকাৰী সংস্থা স্থাপন কৰা হ’ব,”– আলিয়ে জনালে।

কৃষকৰ সদস্য ভিত্তিক সংস্থাৰ প্ৰসাৰ তথা শক্তিশালী কৰি তোলাৰ বাবে কেন্দ্ৰীয় কৃষি মন্ত্ৰণালয়ৰ উদ্যোগত স্থাপন কৰা এই কৃষক উৎপাদক সংস্থাসমূহে বীজ, সাৰ, কৃষি কৰ্মৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ– পাতি, আৰু প্ৰশিক্ষণ, যোগাযোগ, বিত্তীয় অনুদানৰ লগতে প্ৰযুক্তিগত দিহা–পৰামৰ্শও প্ৰদান কৰি আহিছে।

এতিয়া মাথো কামৰূপৰ খেতিয়কসকলে হাতে–কামে লাগি অধিক লাভবান হোৱাৰেই সময়। চৰকাৰী চাকৰিৰ বাবে ছবছৰ চেষ্টা কৰি অবশেষত অমিতা খেতিত ধৰা ধনঞ্জয় ৰাজকুমাৰ ৰাভাৰ বাবে অমিতাই আশীৰ্বাদ স্বৰূপ হৈ উঠিছে। ৰাভাৰ দৰে আৰু অনেক খেতিয়ক আছে অমিতা খেতিৰে লাভবান হোৱা সকলৰ তালিকাত।

ক্ৰিষ্টোফাৰ কলম্বাছে অমিতাক ‘‘দেৱতাৰ ফল” বুলি কৈছিল। কামৰূপৰ খেতিয়ক সকলৰ বাবে অমিতা ‘সফলতাৰ সুস্বাদু ফল’ বুলি নিশচয়কৈ ক’ব পাৰি।

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward