Friday, March 29, 2024
HomeARTICLEসুৰক্ষা আউনিহাটী’ৰ শিক্ষাৰ্থী সম্বৰ্ধনা আৰু গ্ৰীষ্মকালীন শৈক্ষিক কৰ্মশালাৰ আনুষ্ঠানিক উদ্বোধন

সুৰক্ষা আউনিহাটী’ৰ শিক্ষাৰ্থী সম্বৰ্ধনা আৰু গ্ৰীষ্মকালীন শৈক্ষিক কৰ্মশালাৰ আনুষ্ঠানিক উদ্বোধন

প্ৰকাশিত তাৰিখঃ ১১ জুলাই, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

পশ্চিম গুৱাহাটী সমষ্টি তথা পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত আউনীহাটী গাঁৱৰ সামাজিক অনুষ্ঠান ‘সুৰক্ষা আউনিহাটী’। সামাজিক সংগঠনটোৱে চলিত বৰ্ষত অঞ্চলটোৰ পৰা হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণসকলৰ বাবে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে। সেই অনুসৰি ১০ জুলাই ৰবিবাৰে গাঁওখনৰ কৃষ্ণগোপাল নামঘৰৰ প্ৰাঙ্গনত আয়োজিত এই অনুষ্ঠানটিত ২০গৰাকী শিক্ষাৰ্থীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ অধ্যাপক ডালিম চন্দ্ৰ দাস,  অসম ডনবস্কো ইউনিভাৰ্চিটিৰ সহকাৰী অধ্যাপক ড নৱমিতা দাস, ঠাকুৰাণী নামঘৰ আৰু কৃষ্ণগোপাল নামঘৰৰ সভাপতি–সম্পাদক সহিতে স্থানীয় বিশিষ্ট্য ব্যক্তিসকল উপস্থিত থাকে।

আনহাতে, সুৰক্ষা আউনিহাটীৰ উদ্যোগত আৰু স্পৰ্শ-অসম, বেলি এডুকেশ্বন আৰু প্ৰথম এডুকেশ্বন ফাউণ্ডেচনৰ সহযোগত অনুষ্ঠিত হ’ৱলগীয়া ১৫ দিনীয়া শৈক্ষিক কৰ্মাশালাখনৰো উক্ত সভাতে আনুষ্ঠানিক উদ্বোধন কৰা হয়। কৰ্মশালা উদ্বোধনৰ পিছতে ইয়াত প্ৰশিক্ষক হিচাপে জড়িত থকা মণিমা দাস আৰু চুণুমণি দাসকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইপিনে, আৰ্থিক অনগ্ৰসৰতাক নেওচি গাঁওখনৰ পৰা মানসজ্যোতি দাসে উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত আটাইকেইটা বিষয়তে লেটাৰ নম্বৰ, স্নাতক চূড়ান্ত পৰীক্ষাত ভূমিকা কৈৱৰ্ত, টিনা দাস আৰু মৃদুল চৌধুৰীয়ে স্নাতকোত্তৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ’বলৈ সক্ষম হয়। তেওঁলোকৰ মতে– আত্মবিশ্বাস আৰু একাগ্ৰতাৰ সন্মুখত  আৰ্থ-সামাজিক পৰিৱেশে সফলতাৰ বাটত হেঙাৰ হ’ব নোৱাৰে। এইক্ষেত্ৰত অনুজ শিক্ষাৰ্থীসকলৰ প্ৰতিও সমাজ দায়ৱদ্ধ হ’ব লাগিব বুলি ব্যক্ত কৰে।

উল্লেখযোগ্য যে, অঞ্চলটোৰ শিক্ষা, কৃষি, সামাজিক আৰু সাংস্কৃতিক বিকাশৰ বাবে সুৰক্ষা আউনিহাটীয়ে ধাৰাবাহিকভাৱে পদক্ষেপ লৈ আহিছে। সংগঠনটোৰ এই ব্যতিক্ৰমী পদক্ষেপক কৃতী শিক্ষাৰ্থীসকলে শলাগ লয়। কণ-কণ মইনাসকলৰ গীত–মাতে আকৰ্ষণীয় কৰি তোলা অনুষ্ঠানটিত এগৰাকী কৃতী ছাত্ৰ মানস দাসৰ বাঁহীবাদনে আৰু অধিক মনোগ্ৰাহী কৰি তোলে। সুৰক্ষা আউনিহাটীৰ সভাপতি তথা বেলি এডুকেশ্বনৰ সঞ্চালক ৰত্ন দাস আৰু সুৰক্ষাৰ কৰ্মকৰ্তা বিপুল কুমাৰ দাসে উক্ত সম্বৰ্ধনা অনুষ্ঠানটো পৰিচালনা কৰে।

ফটোঃ ৰত্ন দাসৰ সৌজন্যত

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward