Thursday, April 25, 2024
HomeARTICLEহাদিৰাচকীৰ চকুপানী গণ পৰিষদলৈ

হাদিৰাচকীৰ চকুপানী গণ পৰিষদলৈ

প্ৰকাশিত তাৰিখঃ ১১ জুলাই, ২০২২

কল্প ৰঞ্জন গগৈ –

অসমৰ পৰা শেষ স্বাধীনতা হেতু চন্দ্ৰকান্ত সিংহই পাতিলে খোলা– চন ১৮২২, ২১ জুন, সময় ব্ৰহ্মপুৱা।

সিদিনা পুৱা চকুপানী টুকি।। উদিলে পূবত ৰাঙলী বেলি।। ধৰে তৰোৱাল শিখ–অসমীয়া।।মোগল–পাঠান সকলো মিলি।। সহস্ৰ সহস্ৰ পিশাচ মান।।

এমুঠি শিখ, এমুঠি পাঠান।। এমুঠি মোগল, কামৰূপী বীৰ।। যিবা অৱশেষত অসম সেনা…

চন্দ্ৰকান্ত সিংহৰ দিনতে তিনিওটা মানৰ অভিযান। কোনে আনিছিল, কিয় আনিছিল? যাৰ বাবে শেষ বাৰলৈ চন্দ্ৰকান্তৰ সৈন্যই যুঁজিছিল।

চন্দ্ৰকান্তৰ একে বংশৰে পুৰন্দৰ সিংহই মানৰ বিৰুদ্ধে যুঁজা নাছিল নেকি যিখন যুদ্ধত পঞ্চনদীৰ ৰঞ্জিত সিংহ, চৈতন্য সিংহই অংশ লৈছিল, এমুঠি মোগল–পাঠান–কামৰূপী বীৰ সকলে মিলি অসম সেনা গঠন কৰিছিল বদনচন্দ্ৰই মাতি অনা মান সেনাৰ বিৰুদ্ধে যুঁজিবলৈ, তাত ডাঙৰীয়া পুৰন্দৰৰ বাহিনীয়ে কি কৰিছিল?

স্বৰ্গদেউ চন্দ্ৰকান্ত দুবাৰ অসমৰ ৰজা ১৮১০–১৮১৮ আৰু ১৮১৯–১৮২১। তেনেহ’লে পুৰন্দৰ সিংহক ১৮১৮–১৮১৯ত কোনে ৰজা পাতিলে? মানৰ দিন বুলিলে কেতিয়াৰ পৰা?

প্ৰথমবাৰ মান আহিল– গ’ল। এমুঠি অসমীয়া মানৰ দেশলৈ বিতাৰিত হ’ল। বদনৰ বাবে অহা মানে থিতাপি লগালে বদন বৰফুকনক।

বদন বৰফুকনৰ অত্যাচাৰ সহিব নোৱাৰি ৰাজমাওৰ নিৰ্দেশত ৰূপচিং চুৱেদাৰ আৰু ৰহমান খাঁ জমাদাৰ– দুয়োজনে মিলি বদনচন্দ্ৰক বধ কৰিলে।

চন্দ্ৰকান্ত সিংহৰ পৰা খবৰ পাই দ্বিতীয়বাৰ মান আহিল। চন্দ্ৰকান্তক পুনৰ ৰজা পাতিলে– পুৰন্দৰ সিংহৰ ঠাইত। পুৰন্দৰ সিংহ গুৱাহাটীলৈ পলাই গ’ল।

মানে অসমৰ অপাৰ বয়–বস্তু লুট কৰিলে। অলপ মান সেনা অসমত ৰাখি মান সেনাপতি দেশ পালেগৈ।

এইবাৰ চন্দ্ৰকান্তৰ হুচ আহিল। ভৱিষ্যতে মানে আক্ৰমণ যাতে কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল’বলৈ যাওঁতে মানে গম পাই তৃতীয়বাৰ দখলৰ বাবে আহিল।

পুৰন্দৰ ভগনীয়া হৈ ইংৰাজৰ আশ্ৰয়ত। সহায় বিচাৰি– মানৰ বিৰুদ্ধে। ইফালে মানৰ খবৰ পাই চন্দ্ৰকান্তৰ পলায়ন। ভগনীয়া।

পুৰন্দৰ আৰু চন্দ্ৰকান্তৰ এইবাৰ উমৈহতীয়া শত্ৰু মান। কিন্তু মতা কুকুৰাৰ যুঁজ– শত্ৰুতা ক’লৈ যাব?

হাদিৰাচকীৰ শেষ যুদ্ধৰ আগতে চন্দ্ৰকান্তৰ বাহিনীয়ে ১৮২১ চনৰ মে’ মাহত পুৰন্দৰ সিংহৰ বাহিনীক পৰাস্ত কৰে। তাৰ পিছত হাদিৰাচকীত অকলশৰীয়া চন্দ্ৰকান্ত ৰাজভোগ অকলে লাগে।

মানে দখল কৰাৰ পিচত ইংৰাজৰ দখল। আমাৰ বাবে– জৰৌ ৰৌৱা প্ৰজাৰ বাবে বিষাদৰ গান। ডাঙৰীয়া সকলৰ বাবে মাথো বদলীকৰন– Transfer of Power।

হাদিৰাচকীৰ চকুপানী– শুকাব কেতিয়া?

ইতিহাস বিমুখ– অধ্যয়ন বিমুখ– অসমীয়াই বুৰঞ্জী– ইতিহাস জাগৰণৰ বাবেই এক কাৰ্যসূচী ল’ব লাগিব– আৰম্ভ কৰিব লাগিব চৰম পতনৰ পৰা।

মনিষী কাৰ্লমাৰ্ক্সৰ মতে– History is the only Science– ইতিহাসেই একমাত্ৰ বিজ্ঞান। ইতিহাস নাজানিলে যি হ’ব লাগে অসমত হৈ আছে। বৰ্তমান মনোবিকাৰৰ কাৰণ– নিজক বাদ নিদিয়াকৈয়ে কৈছোঁ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward