Friday, April 26, 2024
HomeARTICLEৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বৃহত্তৰ অঞ্চলটোৰ কৃতী শিক্ষাৰ্থীলৈ সম্বৰ্ধনা কাৰ্যসূচী

ৰাণী আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ বৃহত্তৰ অঞ্চলটোৰ কৃতী শিক্ষাৰ্থীলৈ সম্বৰ্ধনা কাৰ্যসূচী

প্ৰকাশিত তাৰিখঃ ১২ জুলাই, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণী শাখা ৰাভা ছাত্ৰ সন্থাই উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কৃতী শিক্ষাৰ্থীলৈ সম্বৰ্ধনা বিষয়ক এলানী কাৰ্যসূচীৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, ছাত্ৰ সংগঠনটোৱে আনুষ্ঠানিক সভা আয়োজনৰ পৰিৱৰ্তে এইবাৰ শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছে। সংগঠনটোৰ বিষয়ববীয়া বাবুল ৰাভা, জীতেন ৰাভা বাকছোক, ৰত্নেশ্বৰ ৰাভা, শংকৰ ৰাভা, প্ৰভাত ৰাভা আদিৰ নেতৃত্বত যোৱা ১১ জুলাইৰ পৰা কাৰ্যসূচীৰ প্ৰথম লানী আৰম্ভ হৈছে। সম্বৰ্ধনা কাৰ্যসূচীৰ প্ৰথম লানিত বৃহত্তৰ অঞ্চলটোৰ ত্ৰিদীপ কলিতা, প্ৰিয়ংকা দাস, প্ৰিয়ংকা ৰাভা (চাটাৰগাঁও), প্ৰিয়ংকা ৰাভা (মেকুৰীকুছি), জোনমণি দাস, কণিকা বড়ো,পম্পী কছাৰী, নৱজ্যোতি দাস, বিশ্বজিৎ কলিতা, মিতু দাস, নাজনীন ৰয় আদি কেইবাগৰাকী শিক্ষাৰ্থীৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰে। পৰৱৰ্তী সময়লৈকে এই কাৰ্যসূচী চলি থাকিব বুলিও সংগঠটোৰ বিষয়ববীয়াসকলে জানিবলৈ দিছে। ইপিনে, বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাইয়ো যোৱা ১০ জুলাইত সংগঠনটোৰ মুখ্য কাৰ্যালয় লোহাৰঘাটত অঞ্চলটোৰ বহুকেইগৰাকী কৃতী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward