Saturday, April 20, 2024
Homeবাতৰিহাতী–মানুহৰ সংঘাত নিৰাময়ৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ

হাতী–মানুহৰ সংঘাত নিৰাময়ৰ বাবে নতুন ব্যৱস্থা গ্ৰহণ

প্ৰকাশিত তাৰিখঃ ১৯ মাৰ্চ, ২০১৮

চি এন ডেক্স

অসমৰ সমগ্ৰ অঞ্চলত হাতী–মানুহৰ সংঘাতে এক জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যখনত হাতীৰ আক্ৰমণত মানুহ নিহত হোৱা ঘটনা তেনেই সূলভ হৈ পৰিছে। ক’ৰবাত যদি মানুহ মাৰিছে অন্য ক’ৰবাত খেতিয়কৰ খেতিপথাৰ, ঘৰ–দূৱাৰ আদি ধ্বংস কৰিছে। মুহুৰ্ততে কৃষকৰ চুৰ–মাৰ কৰি দিছে বনৰীয়া হাতীয়ে।

হাতী–মানুহৰ সংঘাতৰ মূলতে ক’ব লাগিব হাতীৰ বাসস্থান সংকোচনৰ কথাটো। অভাৱনীয় হাৰত হাতীৰ বাসস্থান, খাদ্য হ্ৰাস পাই অহাৰ ফলত বনৰীয়া হাতীৰ জাক জনাঞ্চলত প্ৰৱেশ কৰিছে। তদুপৰি হাতী অহা–যোৱা কৰা প্ৰধান দণ্ডি সমূহো এতিয়া বে–দখলকাৰীৰ কৱলত। গতিকে হাতীবোৰ যাব কোনবাটে?

সম্প্ৰতি হাতী–মানুহৰ সংঘাত ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে এক বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈছে বুলি জানিব পৰা গৈছে। যোৱা ১৫ মাৰ্চত অনুষ্ঠিত হোৱা অসম বিধান সভাৰ অধিবেশনত বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এই কথা সদৰি কৰিছল। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, বনাঞ্চল সমূহৰ হাতী অহা–যোৱা কৰা বাট (দণ্ডি)সমূহত অত্যাধুনিক চেন্সৰযুক্ত প্ৰযুক্তি ব্যৱহাৰ কৰা হ’ব। হাতী আহিলে স্বয়ংক্ৰিয় এই চেন্সৰসমূহে নিজে নিজেই বাজি উঠিব। লগতে স্থানীয় ৰাইজৰ সৈতে হাতী আগমণৰ তথ্য আদান প্ৰদান কৰিব। বন্যপ্ৰাণীৰ পৰা খেতিয়কৰ সম্পতি সুৰক্ষাৰ বাবে সৌৰ শক্তিচালিত বৈদ্যুতিক বেৰৰ ব্যৱস্থা কৰা হৈছে যিবোৰ অঞ্চলত হোৱা নাই সেইবোৰতো কাৰ্যকাৰী কৰাৰ কাৰণে বনবিভাগে ব্যৱস্থা গ্ৰহণ কৰিব।

মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে যে, হাতী–মানুহৰ সংঘাতৰ ফলত যোৱা ২০১৬ –১৭ বৰ্ষটোত প্ৰায় ১,৭৫২ টা গৃহ আৰু ১,২০৮ টা পৰিয়ালৰ ৬৩,৪৬০ হেক্টৰ বিঘা কৃষিভূমি ক্ষতিগ্ৰস্থ হৈছে।

আনহাতে, ২০১৭–১৮ বৰ্ষটোত ১,৭৯৪ টা গৃহ আৰু ২,১৯৪ টা পৰিয়ালৰ ১,২৪,৬১০ হেক্টৰ কৃষিভূমি বন্যপ্ৰাণীৰ দ্বাৰা ক্ষতিগ্ৰস্থ হৈছে।           

মন্ত্ৰীগৰাকীয়ে সদনক পুনৰ অৱগত কৰে, ৰাজ্যখনৰ হাতী–মানুহৰ সংঘাত নিৰাময়ৰ বাবে প্ৰতিটো এলিফেণ্ট কৰিড’ৰত বনবিভাগে সংশ্লিষ্ট আৰক্ষী থানা, ৰাজহ গাঁৱৰ প্ৰতিনিধি, স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিনিধি, গড়কাপ্তানী বিভাগ, ৰে’লৱে বিভাগ, শক্তি বিভাগ আৰু জিলা উপায়ুক্তগৰাকীক জড়িত কৰি এখন সমিতি গঠন কৰিব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward