Thursday, March 28, 2024
Homeবাতৰিমিজোৰামত এছিয়াৰ দীৰ্ঘতম ৰ’প ৱে' নিৰ্মাণ হ’ব

মিজোৰামত এছিয়াৰ দীৰ্ঘতম ৰ’প ৱে’ নিৰ্মাণ হ’ব

প্ৰকাশিত তাৰিখঃ ১৯ মাৰ্চ, ২০১৮

চি এন ডেক্স

এছিয়াৰ ভিতৰত দীৰ্ঘতম ৰ’প ৱে’ (ৰজ্জু পথ) নিৰ্মাণ হ’ব মিজোৰামৰ আইজলত। অলপতে মিজোৰামৰ পৰ্যটন মন্ত্ৰী জ’ন ৰটলুৱাংলিয়ানাই এই পথটোৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনৰ এইটোৱেই হ’ব একমাত্ৰ ৰজ্জু পথ।

মিজোৰামৰ পৰ্যটন মন্ত্ৰী জ’ন ৰটলুৱাংলিয়ানাই সাংবাদিকৰ আগত প্ৰকাশ কৰামতে এই পথটো দুৰত্লাং আৰু আইজলৰ চাল্টলাঙত অৱস্থিত পৰ্যটন ল’জৰ মাজত ব্যৱহাৰ কৰিব। নৱ নিৰ্মিত এইপথটো এছিয়াৰ ভিতৰতেই দীৰ্ঘতম ৰজ্জুপথ ৰূপে পৰিগণিত হ’ব। ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনত এই পথটোৱে এক যোগাত্মক গতি প্ৰদানত মুখ্য ভূমিকা পালন কৰিব। সেয়ে পথটো নিৰ্মাণৰ পিচত অঞ্চলটোত পৰ্যটকৰ সংখ্যাও বৃদ্ধি হোৱাৰ আশা কৰিছে। ইতিমধ্যে উক্ত প্ৰকল্প নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে মোকোলাই দিয়া ৯৯ কোটি টকাৰ প্ৰথম আৰু দ্বিতীয় কিস্তিৰ ধন ৰাজ্য চৰকাৰে লাভ কৰিছে।

নিৰ্মাণৰত পথটোৰ দৈৰ্ঘ্য ২.২৩ কিলোমিটাৰ আৰু পথছোৱা অতিক্ৰম কৰিবলৈ সময় লাগিব ৮ মিনিট। প্ৰতিটো যাত্ৰাত ২৪ জন যাত্ৰী যোৱাৰ সুবিধা থাকিব। প্ৰকল্পটোৰ বাস্তৱ ৰূপায়ণৰ দায়িত্ব লাভ কৰিছে দিল্লীস্থিত লিডিং এজ প্ৰাইভেট লিমিটেড নামৰ সংস্থাটোৱে।

পথটো নিৰ্মাণৰ প্ৰয়োজন হোৱা ভূমি দান কৰিছে ছাকাৰমুইটুৱাই নামৰ অঞ্চলত অৱস্থিত ছিফহিৰ আৰু লুংদাই গাঁও পৰিষদে। ছিফহিৰ পৰা ছাকাৰমুইটুৱাইলৈকে ৰজ্জুপথেৰে স্কাইৱাক কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰখনে।    

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward