Friday, March 29, 2024
Homeবাতৰিৰবৰ উদ্যোগৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়াসেৰে গুৱাহাটীত বিশ্ব ৰবৰ সন্মিলন

ৰবৰ উদ্যোগৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়াসেৰে গুৱাহাটীত বিশ্ব ৰবৰ সন্মিলন

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

ভাৰতীয় ৰবৰ বৰ্ডে ১৭ অক্টোবৰত গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত আয়োজন কৰে বিশ্ব ৰবৰ সন্মিলন। অসমৰ লগতে সমগ্ৰ উত্তৰ–পূবক কেন্দ্ৰ কৰি প্ৰাকৃতিক ৰবৰ উদ্যোগৰ পৰিসৰ বৃদ্ধিৰ প্ৰয়াসেৰে বিশ্ব ৰবৰ সন্মিলন আয়োজন কৰে গুৱাহাটীত। উক্ত সন্মিলনখন অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত কে কে মিট্টালে উদ্বোধন কৰে।

উল্লেখ্য যে, নৱমবাৰৰ বাবে আয়োজন কৰা এই সন্মিলনখনত বিশ্বৰ প্ৰাকৃতিক ৰবৰ উৎপাদনকাৰী দেশসমূহে যোগদান কৰে। ভাৰতীয় ৰবৰ গৱেষণা প্ৰতিষ্ঠানে উন্নতমানৰ প্ৰাকৃতিক ৰবৰ ক্লন উদ্ভাৱন কৰি সেই ক্লন অসমৰ আগশাৰীৰ উত্তৰ শালমাৰা ৰবৰ উৎপাদক সমিতিৰ সভাপতি হৰিশ চন্দ্ৰ ৰায়ৰ হাতত অৰ্পণ কৰে। উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত ৰবৰৰ উৎপাদন বৃদ্ধি উদ্দেশ্যেই এই ক্লন উদ্ভাৱন কৰিছিল।

সম্প্ৰতি উত্তৰ–পূৰ্বাঞ্চলে এক পঞ্চমাংশ ৰবৰ উৎপাদনেৰে এক বিশেষ স্থান অধিকাৰ কৰি আহিছে। এই নতুন ক্লন ৰোপনৰ ফলত উৎপাদনৰ পৰিমাণ অধিক হাৰত বৃদ্ধি পাব বুলি ভাৰতীয় ৰবৰ বৰ্ডে আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, ১৯৭০ চনত স্থাপন হোৱা এ এন আৰ পি চি হ’ল বিশ্বৰ ৰবৰ উৎপাদনকাৰী দেশসমূহক লৈ যুটীয়াভাৱে গঠিত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী সংস্থা। এই সংস্থাত ভাৰত, চীন, থাইলেণ্ড, কম্বোডিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ, মালয়ছিয়া, ফিলিপাইনছ, শ্ৰীলংকা আদি কৰি প্ৰাকৃতিক ৰবৰ উৎপাদনকাৰী ১১খন দেশ সদস্যভূক্ত। এই সংস্থাৰ প্ৰথম বাৰ্ষিক অধিবেশন অনুষ্ঠিত হৈছিল ২০০৮ চনত থাইলেণ্ডৰ বেংককত। বিশ্বৰ প্ৰায় ৯০শতাংশ ৰবৰ এই সংস্থাৰ সদস্যভূক্ত দেশসমূহে উৎপাদন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward