Friday, April 19, 2024
Homeবাতৰি১৫৫ বছৰীয়া ঐতিহাসিক ফুলগুৰি ধেৱাৰ ছহিদক স্মৰণ

১৫৫ বছৰীয়া ঐতিহাসিক ফুলগুৰি ধেৱাৰ ছহিদক স্মৰণ

প্ৰকাশিত তাৰিখঃ ১৫ নবেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

ফুলগুৰিৰ ধেৱা স্বাধীন অসমৰ মচিব নোৱাৰা এক জ্বলন্ত ইতিহাস। শাসক–শোষক ব্ৰিটিছ চৰকাৰে অন্যায়ভাৱে ৰাইজক জাপি দিয়া কৰ–কাটলৰ বিৰুদ্ধে এই প্ৰতিবাদ। ১৮৬১ চনত এই অন্যায়ৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ নগাঁও জিলাৰ ৰহাৰ ওচৰৰ ফুলগুৰিৰ ধেৱাত প্ৰাণ আহুতি দিছিল বহুকেইজন কৃষকে।

উল্লেখযোগ্য যে, নগাঁও জিলাৰ ৰহাৰ সমীপৰ ফুলগুৰিৰ ধেৱা সৰহ সংখ্যক জনজাতীয় আৰু অন্যান্য জনগোষ্ঠীৰ কৃষকে বাসকৰা এখন গাঁও। এই গাঁৱতে ১৮৬০–৬১ চনত ব্ৰিটিছ চৰকাৰে কৃষকসকলে উৎপাদন কৰা সকলো সামগ্ৰীৰ ওপৰত আৰোপ কৰে অতিৰিক্ত কৰৰ বোজা, কৃষি উপযোগী চাপৰি মাটিৰ খাজানা বৃদ্ধি লগতে আফু খেতিও এক আইনযোগে নিষিদ্ধ ঘোষণা কৰি কৃষক ৰাইজৰ ওপৰত শোষণ, দমন–নিপীড়ন আৰম্ভ কৰে। অধিক কৰৰ বোজাই কৰ্মহীন কৰি তোলা কৃষকসকলৰ খঙে চূড়ান্ত সীমা অতিক্ৰম কৰিছিল। সেয়ে ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰ আৰু ৯ অক্টোবৰত কৃষকসকলে এই অন্যায়ৰ ঘোৰ বিৰোধীতা কৰি এক বিক্ষোভ কাৰ্যসূচী পালন কৰিছিল। কিন্তু বিক্ষোভকাৰী কৃসকসকলক স্কনচ চাহাবে চিপাহীৰ হতুৱাই অত্যাচাৰ চলাইছিল। এই অত্যাচাৰৰ প্ৰতিশোধ পূৰণৰ বাবে কৃষকসকলৰ ভিতৰি ভিতৰি ক্ষোভৰ জুই জ্বলি আছিল। সেয়ে স্বাধীনমনা অসমীয়াসকলে ইয়াক কাহানিও মানি নোলোৱাৰ বাবে সংকল্পবদ্ধ।

উল্লেখ কৰিব পাৰি, ভাৰতৰ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পিচতে অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ফুলগুৰিৰ ধেৱাই হ’ল প্ৰথম কৃষক বিদ্ৰোহ। ১৮৬১ চনৰ ১৮ অক্টোবৰত ৰহাৰ ৰহিয়াল বৰুৱাৰ নেতৃত্বত ব্ৰিটিছ চৰকাৰৰ ক্ৰতিপূৰ্ণ ৰাজহ আৰু কৰনীতিৰ বিৰুদ্ধে ফুলগুৰি বৰআঁহতৰ তলত এক বিশাল গণ প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদ কাৰ্যসূচীত ফুলগুৰিৰ লগতে ৰহা, স’ৰাগাঁও, জাগিয়াল, দেউবালি, হাৰিয়ামুখ, কটহগুৰি, টোপাকুছি, ৰামজাংআটি, ৰূপহীতলি, ডিমৌ, কাছমাৰী, মোলানকটা, বাৰপূজীয়া, চহৰী, উত্তৰখোলা, মায়ং, বঘৰা, কপিলী, কুমৈ, গোভা প্ৰভৃতি অঞ্চলৰ হেজাৰ হেজাৰ কৃষকে অংশ গ্ৰহণ কৰে।

বৰআঁহতৰ হাজাৰ হাজাৰ প্ৰতিবাদী ৰাইজৰ উপস্থিতিয়ে ব্ৰিটিছ প্ৰশাসনক যথেষ্ট সংকিত কৰি তুলিছিল। সেয়ে ইংৰাজ লেফটেনেণ্ট চিংগাৰ চাহাবে লগত নিয়া চিপাহীৰ হতুৱাই কৃষক ৰাইজক ধমক দিয়াৰ লগতে প্ৰতিবাদী ৰাইজৰ ওপৰত লাঠী চালনা কৰে। ইফালে উত্তেজিত ৰাইজেও চিপাহীৰ লাঠীবোৰ কাঢ়ি আনি চিংগাৰ চাহাবক ওলোটাই লাঠীৰে মৰিয়াই হত্যা কৰি মৃতদেহ কলং নৈত দলিয়াই দিয়ে। পিচদিনাও অঞ্চলটিৰ ৰাইজ একত্ৰিত হৈ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে আকাশ–বতাহ কঁপাই তোলা প্ৰতিবাদ সাব্যস্ত কৰে। সমবেত কৃষক ৰাইজৰ লগত আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান নকৰি ৫০জনীয়া চিপাহীৰে পৰিবেষ্টিত ব্ৰিটিছ চৰকাৰৰ ভেৰণীয়া বাহিনীয়ে নিৰ্বিচাৰ গুলিবৰ্ষণহে আৰম্ভ কৰে। ইংৰাজ চিপাহীৰ অমানুষিক অত্যাৰচাৰৰ ফলত ৩৯জন নিৰীহ কৃষকে থিতাতে প্ৰাণ হেৰুৱাৰ লগতে বহুসংখ্যক আহত হৈ চিৰদিনলৈ ঘূনীয়া হৈ পৰে। সিমানতে অন্ত পৰা নাছিল উদণ্ড ব্ৰিটিছৰ অত্যাচাৰ–উৎপীড়ণ। ঘটনাটিৰ চেলু লৈ পিচৰ পৰ্যায়ত আৰম্ভ কৰে দোষীসকলৰ বিচাৰ প্ৰক্ৰিয়া। এই বিচাৰত চাওবৰ লালুং, লক্ষণ ছিং ডেকা, আৰু ৰংবৰ ডেকাক ফাঁচী দিয়াৰ লগতে হেবেৰা লালুং, চিপছিং লালুং, ৰূপছিং লালুং, নৰছিং লালুং, কটি লালুং আৰু বাহু কৈৱৰ্তক কলীয়াপানীলৈ প্ৰেৰণ কৰে।

অসম বুৰঞ্জীত সোণালী আখৰেৰে খোদিত ফুলগুৰি’ৰ ধেৱাই ১৮ অক্টোবৰত ১৫৫ বৰ্ষ অতিক্ৰম কৰিলে। নিজৰ অধিকাৰ সাব্যস্তৰ বাবে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজি যিসকল মহান কৃষকে নিজৰ জীৱন দান দি গ’ল সেই ছহিদসকলে আজি চৰকাৰৰ দ্বাৰা অৱহেলিত। ১৫৫টা বছৰে তেওঁলোকৰ সোঁৱৰণৰ বাবে চৰকাৰে কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাই বুলি স্থানীয় ৰাইজে আক্ষেপ প্ৰকাশ কৰে।

উল্লেখ্য যে, ১৯৬১ চনত বেণুধৰ কলিতাই স্থানীয় ৰাইজৰ উদ্যোগতেই ফুলগুৰি ধেৱা’ৰ শতবাৰ্ষিকী উদ্‌যাপন পালন কৰিছিল। ইতিহাস প্ৰসিদ্ধ ফুলগুৰিৰ সেই দুৰ্ভাগ্যজনক দিনটোৰ কথা চৰকাৰে পাহৰিলেও স্থানীয় ৰাইজে কিন্তু আজিও পাহৰা নাই আৰু কাহানিও নাপাহৰে। সেয়ে নিজ দেশ, জাতি–মাটিৰ অস্তিত্ব ৰক্ষাৰ বাবে নিজৰ অমূল্য জীৱন উচৰ্গা কৰা কৃষকসকলৰ মৰ্যদা কাহানিও ম্লান পৰিব দিয়া নাই। উদ্‌যাপন সমিতিয়ে প্ৰতি বছৰে ফুলগুৰিৰ বৰআঁহতৰ তলত ঐতিহাসিক ‘ধেৱা দিৱস’ পালন কৰি আহিছে। এই বছৰৰ ধেৱা দিৱসত পতাকা উত্তোলন, ছহিদৰ স্মৃতিসৌধত শ্ৰদ্ধা নিবেদন, শোভাযাত্ৰা, আলোচনা চক্ৰ আৰু মুকলি সভা অনুষ্ঠিত কৰি ঐতিহাসিক ফুলগুৰিৰ ধেৱাৰ আঁৰৰ মহান যোদ্ধাসকলক শ্ৰদ্ধা নিবেদন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward