Saturday, December 3, 2022
HomeARTICLEনামঘৰৰ ৰাজনীতি

নামঘৰৰ ৰাজনীতি

প্ৰকাশিত তাৰিখঃ ১৪ নৱেম্বৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

ইয়াণ্ডাবু সন্ধি অথবা অসমৰ বেলিমাৰ যোৱাৰ পৰা কুৰি বছৰ পাৰ হৈ যোৱাৰ পৰা একুৰি চৈধ্য বছৰীয়া সময়ছোৱা– ১৮৪৬–১৮৮০ খ্ৰীষ্টাব্দ পৰ্যন্ত– অৰুণোদয় যুগ বুলি চিহ্নিত কৰা হৈছে। ঊনবিংশ শতাব্দীৰ অসমীয়া সমাজত প্ৰভুত প্ৰভাৱ পেলাই থৈ যোৱা বাবে আৰু বিশেষকৈ অৰুণোদয় কাকতখনৰ বাবে এই নামাকৰন।

ঐতিহাসিকভাৱে লক্ষ্য কৰিলে ১২২৮ খ্ৰীষ্টাব্দত চ্যাওল্যুঙ চ্যুকাফাৰ বৰভেটিৰ ওপৰত শ্ৰীমন্ত শংকৰদেৱে (১৪৪৯–১৫৬৮) সাহিত্য–সংস্কৃতিৰ প্ৰলেপেৰে সেই বৰভেটিৰ ওচৰতে মজিয়া–ভেটি স্থাপন কৰিলে। ৰাজনীতিৰ বৰভেটিৰ সংলগ্ন এই সাংস্কৃতিক মজিয়াভেটি প্ৰকৃততে এক ৰাজতন্ত্ৰ নিৰপেক্ষ কিন্তু প্ৰজাতন্ত্ৰ স্থাপনৰ লক্ষ্যৰে গঢ়া এক মহান আন্দোলন।

সত্ৰ/ নামঘৰ হ’ল প্ৰজাৰ নিজৰ শক্তিৰে গঢ়া এক অনুষ্ঠান যাৰ ৰজাঘৰৰ লগত সম্পৰ্ক নেথাকিব। যিহেতু প্ৰজাই হৈছে সমাজ/ দেশৰ চালিকা শক্তি আৰু প্ৰজাৰ তেজ–ঘাম–চকুপানীৰ বিনিময়ত ৰজাঘৰ চলে সেয়ে ৰজাঘৰৰ কোনো পৃষ্ঠপোষকতা নোলোৱাকৈ বা হিতাধিকাৰী নোহোৱাকৈ প্ৰজাৰ নিজা শক্তিৰে এই অনুষ্ঠান চলিব লাগিব। ৰজাক শৰণ দিবলৈ অপাৰগ কাৰণ একে ৰজাই এদিন সত্ৰক সহযোগী কৰি তুলিব ভেদনীতি প্ৰয়োগেৰে– নিজৰ স্থিতি সৱল কৰিবলৈ। মুঠতে ভক্তি আন্দোলন নিজেই এটা গোষ্ঠী নিৰপেক্ষ প্ৰজাৰ আন্দোলন। Non Alligned Movement of the People with a New Line of Thinking।

আজি ৬টা শতিকাৰ সময়ত ই বিচ্যুত কাৰণ শ্ৰীমন্ত শংকৰৰ পিছতে ই চাৰিটা সংহতিত বিভক্ত হৈ গুৰুজনাৰ উদ্দেশ্যকেই পৰাজিত কৰিলে। ৰাজতন্ত্ৰৰ লগত সহযোগিতা কৰি ইয়াৰ সাংস্কৃতিক চৰিত্ৰ ৰাজনীতিয়ে দখল কৰিলে। হৈ পৰিল অগণতন্ত্ৰৰ ফেৰীৱালা। ইতিহাসৰ এই গতি অধ্যয়ন কৰিলেই ই স্পষ্ট হৈ পৰে আৰু প্ৰজাৰ ইতিহাস লিখাৰ প্ৰয়োজনীয়তাক তুলি ধৰে। চকৰী ফেটি বুৰঞ্জী লিখা বুৰঞ্জীবিদৰ প্ৰয়োজন ভৱিষ্যতৰ গতি আৰু পথ দেখুৱাবলৈ। তাৰ বাবে নুমলী বৰগোঁহাই সকলৰ প্ৰয়োজন।

নামঘৰ হৈছে প্ৰজাৰ সাংস্কৃতিক কাৰ্যসূচীৰ তৃণমূলৰ কেন্দ্ৰ যি ৰজাঘৰৰ পৰা আঁতৰত থাকিবলৈ কষ্ট কৰিব লাগিব আৰু ৰাইজৰ নিজা পূঁজিৰে চলিব লাগিব। প্ৰজাৰ নিজস্ব পূঁজিয়েই হ’ব ইয়াৰ চালিকা শক্তি।

শ্ৰীমন্ত শংকৰে নাৰীক শৰণ দিয়া নাছিল। মনুৰ নিৰ্দেশিত নাৰী যদি ৰজাৰ বা ৰজাঘৰৰ গোষ্ঠীভুক্ত হয় তেতিয়া ই ৰজাৰ প্ৰতিনিধি/ দাসী ৰূপেহে কাম কৰিব, যাৰ লক্ষ্য হ’ব গণ বিৰোধীতা। ফুলেশ্বৰী কুঁৱৰীৰ লগতে কুৰংগনয়নী ইয়াৰ উদাহৰণ। একে সময়তে সতী জয়মতীক শাস্তি দিয়াৰ মূল শক্তিও দক্ষিণপাট আউনিআটি সত্ৰ। সংস্কৃতি ৰজাঘৰৰ লিগিৰা হ’লে জনগণৰ বাবে বেদনাদায়ক হ’বই।

ৰজাঘৰৰ বাবে শ্ৰীমন্ত শংকৰ শত্ৰু আছিল কাৰণ তেৰা প্ৰজাৰহে বন্ধু। শংকৰদেৱ একমঅদ্বিদীয়ম নহয়, নায়ক নহ’বও পাৰে কিন্তু খলনায়ক নহয়। প্ৰজা আৰু সমাজৰ দায়িত্ব তেৰাক তুলি ধৰাৰ। নামঘৰবোৰক প্ৰজাই স্বমহিমাৰে নিজা পৃষ্ঠপোষকতাৰে জ্ঞান–সংস্কৃতিৰ চৰ্চ্ছা কেন্দ্ৰ ৰূপে তুলি ধৰক। আলোচনা কৰক প্ৰজাৰ মুক্তিৰ কথা– গঢ়ি তোলক প্ৰজাৰ সমন্বয়। নিসন্দেহে ক’ব পাৰি যে ৰাজনীতি–অৰ্থনীতি হৈছে ইয়াৰ চালিকা শক্তি আৰু সংস্কৃতি হৈছে ইয়াৰ ঘণীভুত ৰূপ। জনতাৰ সংস্কৃতি থিয় হৈছে জনকল্যাণৰ ৰাজনীতিৰ ওপৰত আৰু এই ৰাজনীতিৰ পৰিচালক হ’ল সমগ্ৰ ৰাইজ। কোনো দল বা ব্যক্তিৰ দখলত নথকা ৰাজনীতিয়েই হৈছে নামঘৰ।

আজি গোঁসাইঘৰ যদি কলুষিত হৈছে তাৰ বাবে মই সমালোচনা কৰিম ৰাইজক– সমাজক। ক’ৰবাত যদি ভুল হৈছে তাৰ মাচুল সমাজেই ভৰিব লাগিব।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward