Friday, April 19, 2024
HomeARTICLEৰাণীৰ জয়পুৰত বনৰীয়া হাতীৰ তাণ্ডৱ

ৰাণীৰ জয়পুৰত বনৰীয়া হাতীৰ তাণ্ডৱ

প্ৰকাশিত তাৰিখঃ ১৮ জানুৱাৰী, ২০২১

পৰমেশ্বৰ ৰাভাৰ পৰিয়াললৈ নামি আহিল গভীৰ সংকট

চি এন ডেস্ক

মানুহে অতীতত হাতীক গণেশ দেৱতা বুলি পূজা কৰি আহিছে, বৰ্তমানেও কৰি আছে আৰু হয়তো ভৱিষ্যতেও কৰি থাকিব। কিন্তু গণেশ দেৱতা বুলি অতীতৰে পৰা হাতীক যি বিশ্বাসেৰে শ্ৰদ্ধা, পূজা–সেৱা আগবঢ়াই আহিছে, সেই বিশ্বাস যেন এচামৰ মাজৰ পৰা ক্ৰমাৎ নাইকিয়া হ’ব ধৰিছে। বিশেষকৈ, প্ৰতি বছৰে বনৰীয়া হাতীৰ উপদ্ৰৱত খেতিয়কসকলৰ খেতিপথাৰ উদং হৈ পৰিছে। হাতীৰ উপদ্ৰৱৰ ফলত খেতিয়কসকলে ধানখেতিকে বাদ দিবলগা হৈছে। কৃষক পৰিয়াল এটাৰ জীৱন–জীৱিকাৰ প্ৰধান সম্বল, যাক লৈ কৃষক পৰিয়াল এটাই সপোন ৰচে সেই খেতিপথাৰখন এটা নিশাৰ ভিতৰতে বনৰীয়া হাতীয়ে ধ্বংস কৰি যায়। সপোনৰ সেই খেতিপথাৰখন হাতীৰ মুখৰ পৰা ৰক্ষা কৰিবলৈ যাওঁতে বহুক্ষেত্ৰত খেতিয়কৰ জীৱন পৰ্যন্ত হানি হৈছে। ইয়াৰ লগেলগে খেতিয়কৰ বনৰীয়া হাতীৰ প্ৰতি থকা বিশ্বাসৰ পৰিৱৰ্তে ক্ষোভৰ পৰিমাণহে বাঢ়ি যাব ধৰিছে। তেনেপৰিপ্ৰেক্ষিতত খেতিয়কসকলে বনৰীয়া হাতীক অন্তঃত গণেশ দেৱতাৰ শাৰীত উপবিষ্ট কৰি পূজা–সেৱা কৰিবলৈযে অনিচ্ছুক হৈ আহিছে সেয়া লাহে লাহে পৰিস্ফূত হ’ব ধৰিছে।

পশ্চিম গুৱাহাটী সমষ্টি তথা ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত এখন গাঁও জয়পুৰ। প্ৰতি বছৰে বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে গাঁওখনৰ কৃষকে খেতিপথাৰৰ পৰা ধান ভালকৈ চপাব নোৱাৰে। অথচ, কঠিয়া ৰোপন কৰিয়েই খেতিপথাৰখন ৰখি থাকিবলগা হয়। তাৰপাছতো খেতিয়কে পথাৰৰ ধান সম্পূৰ্ণকৈ চপাব নোৱাৰে। কোনোবাই এমুঠি লাভ কৰে আৰু কোনোবাই উদং হোৱা পথাৰখন আধাতে সামৰি আহে। যোৱা ১৪ জানুৱাৰীৰ নিশা ২ ৰ পৰা ২.৩০ বজালৈ এটি বনৰীয়া হাতীয়ে চলোৱা এলানি তাণ্ডৱলীলাত কম–বেছি পৰিমাণে গাঁওখনৰ তিনিটা কৃষক পৰিয়াল ক্ষতিগ্ৰস্ত হয়।    

জয় কছাৰী (৫৫)। ওপৰত টিনৰ চালি আৰু চাৰিফালে বাঁহৰ বেৰ দিয়া ঘৰটো জয় কছাৰীয়ে আটোম–টোকাৰিকৈ সজাই ৰাখে। ভিতৰত বতাহ চলাচলৰ বাবে বেৰখনৰ সন্মুখফালে এক ফুট বহল–উচ্চতাৰ দুটা ফুটাও দিছিল। সময় তেতিয়া নিশা দুই বাজিছে। সেই নিশা এটি বনৰীয়া হাতীয়ে বতাহ চলাচলৰ বাবে দিয়া এটা ফুটাৰে শুৰডাল সুমুৱাই দি পৰিয়ালটোৰ ওপৰত তাণ্ডৱ চলায়। ফুটাটোৰে সুমুৱাই যেতিয়া শুৰডাল ঘূৰাই ঘূৰাই শ্বাস–প্ৰশ্বাস এৰি দিছিল তেতিয়া ঘৰটোত শুই লোকসকলে সাৰ পায় আৰু হাতীৰ সেই দৃশ্য দেখি ভয়তে হুৱাদূৱা লাগি পৰে। এই হুৱাদুৱাত অন্য এটি ঘৰত শুই থকা জয় কছাৰীয়েও সাৰ পাই উঠে। তেওঁৰ ঘৰত প্ৰৱেশ কৰা হাতীটোক আঁতৰাই দিবলৈ বিচনাৰ পৰা উঠি আহিছিল। দুৱাৰ মেলি দুখোজ দিয়াৰ পাছত চোতালৰ কোণত হাতীটো থিয় হৈ থকা দেখা পায়। ততালিকে কছাৰীয়ে ঘৰৰ পিছফালে গৈ কিছু হুলস্থূল কৰি টৰ্চ লাইট মাৰি দিয়াত হাতীটো তেওঁৰ ঘৰৰপৰা গুচি যায়। তাৰপাছত– ধৰ্মেশ্বৰ ৰাভা (৩৮)ৰ ঘৰত হাতীটোৱে প্ৰৱেশ কৰে। জয় কছাৰীৰ ঘৰৰ কাষতে ধৰ্মেশ্বৰ ৰাভাৰ ঘৰ। ৰাভাৰ চোতালৰ পূব দিশত থকা ঘৰটোৰ উত্তৰফালৰ এখন বেৰ হাতীটোৱে আজুৰি আনে আৰু বেৰৰ কাষত থকা আলনা, বাকচ আদি সকলোবোৰ সামগ্ৰী লণ্ড–ভণ্ড কৰে। বেৰৰ কাষত আলনা, বাকচ তাৰপাছতে দুখন বিচনা। হাতীয়ে তাণ্ডৱ চলোৱাৰ সময়ত তাৰে এখন বিচনাত ৰাভাৰ ১৩ বছৰীয়া ল’ৰাজনে অকলেই শুই আছিল। হাতীৰ তাণ্ডৱত পেপুৱালগা ল’ৰাজনে ঘৰটোৰ এটা চুকত জুপুকা মাৰি আছিল। ওচৰ–পাজৰৰ পৰা মানুহবোৰে চিঞৰ–বাখৰ কৰি আগুৱাই যোৱাত হাতীটো সেই ঠাই ত্যাগ কৰে। এইবাৰ– হাতীটোৱে পৰমেশ্বৰ ৰাভা (৫৫)ৰ ঘৰত প্ৰৱেশ কৰে। পৰমেশ্বৰৰ ঘৰ জয় কছাৰী আৰু ধৰ্মেশ্বৰ ৰাভাৰ ঘৰৰ পৰা প্ৰায় দুশ মিটাৰ আঁতৰত। নিশা দুই বাজি ত্ৰিশ মিনিটত পৰমেশ্বৰৰ ঘৰত প্ৰৱেশ কৰা হাতীটোৱে তেখেতৰ ধানৰ ভৰালটোৰ পৰা কেইবা মোন ধান খায় আৰু শেষত বেৰখন শুৰেৰে ভাঙি দি ধানবোৰ মাটিত পেলাই দিয়ে। পৰমেশ্বৰৰ ল’ৰা তপন ৰাভা (৩৫)ই হাতীটো আঁতৰাই পঠিওৱাৰ বাবে বহু চেষ্টা কৰিও ব্যৰ্থ হৈছিল। এনেকৈ বাৰে বাৰে হাতীটোক আঁতৰাই দিবলৈ চেষ্টা কৰি থাকোতে ভৰাল ঘৰৰ খুটা এটা ভাঙি শুৰেৰে তপনৰ গা লৈ ফৰ্মুটিয়াই দিছিল। সেই দূৰ্ঘটনাৰ পৰা তপন কোনোমতে ৰক্ষা পৰিছিল। এনেদৰে বহু চেষ্টা কৰিও হাতীটোক আঁতৰাব নোৱাৰাত বোৱাৰীয়েক তথা তপন ৰাভাৰ পত্নী ফাগুনী ৰাভাই পৰমেশ্বৰলৈ ফোন কৰে। সেইসময়ত উৰুকাৰ ভোজ–ভাত খাই পৰমেশ্বৰে ভেলাঘৰতে ৰাইজৰ সৈতে এক আলোচনাত ব্যস্ত আছিল। বোৱাৰীয়েকৰ ফোন লাভ কৰিয়েই তেখেতে দৌৰি আহে ঘৰলৈ। হাতীটোক খেদিবপৰা জোখাৰে মানুহ–দুনুহ গোটখোৱাৰ সময়লৈকে পৰমেশ্বৰৰ ভৰালৰ ধান প্ৰায় শেষপৰ্যায় পাইছিলগৈ। উল্লেখনীয় যে, পৰমেশ্বৰৰ চোতালৰ পূব–উত্তৰ কোণত আছে ধান থোৱা ভৰাল ঘৰটো। তেখেতৰ ভৰালটোত ৩০ মোন ধান আছিল। এইখিনি ধানেৰে পৰমেশ্বৰৰ পৰিয়ালটো গোটেই বছৰটো চলিব পাৰিছিল। তাৰে বিশ মোনৰো অধিক ধান হাতীয়ে খালে, আধা নষ্ট কৰিলে। ইয়াৰ ফলত পৰিয়ালটোলৈ নামি আহিছে গভীৰ সংকট।

ঘটনা সন্দৰ্ভত– প্ৰথমে শুকুৰবেৰীয়া বন খণ্ড কাৰ্যালয়ৰ পৰা বনকৰ্মীৰ দল এটি উপস্থিত হয়। উক্ত দলটো গুচি অহাৰ পাছত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ পৰাও বনকৰ্মীৰ দল এটি উপস্থিত হয় বুলি ভূক্তভোগী পৰিয়ালটোৱে জনাইছে। কিন্তু ঘটনা সন্দৰ্ভত ভূক্তভোগী পৰিয়ালটোৰ লগত বন বিভাগৰ দল দুটাই কোনো আলোচনা কৰা নাই, পৰিয়ালটোৱে এইকথা জনাইছে। অৱশ্যে, তিনিওটা দূৰ্ঘটনাত পৰিয়ালকেইটাৰ কোনোলোক হতাহত হোৱা নাই। উল্লেখনীয় যে, যোৱা বৰ্ষৰ ২৫ ডিচেম্বৰত ইলা ৰাভাৰ ঘৰৰ পাছফালে ফল দি থকা নাৰিকল গছ এডাল ভাঙি দিয়ে। তদুপৰি, লকডাউনৰ কালছোৱাৰ ১ জুনৰ নিশা বাৰীত প্ৰৱেশ কৰা বনৰীয়া হাতী এটা আঁতৰাই দিবলৈ যোৱাত খেদি আহি নীল কছাৰী নামৰ ব্যক্তিগৰাকীক আক্ৰমণ কৰে। আঘাতপ্ৰাপ্ত নীল কছাৰী তেজেৰে লুটুৰি–পুটুৰি হৈ ৰাষ্টাৰ কাষত পৰি আছিল। যদিও, নীল কছাৰীক ওচৰ–চুবুৰীয়াই ৰাতিপুৱাহে উদ্ধাৰ কৰে। হাতীৰ আক্ৰমণত নীল কছাৰীৰ বেয়াকৈ জখম হৈছিল যদিও, সৌভাগ্যক্ৰমে জীৱনটো ৰক্ষা পৰিছিল। ৰাইজে বন বিভাগৰ পৰা ভূক্তভোগী পৰিয়ালকেইটাই উপযুক্ত সাহাৰ্য লাভৰ কামনা কৰিছে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward